--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক উত্তপ্ত পৰিৱেশৰ মাজেৰে আজি ২০ ডিচেম্বত অন্ত পৰিল ১৮ সংখ্যক লোকসভাৰ শীতকালীন অধিৱেশন। আদানিৰ পৰা আৰম্ভ কৰি অম্বেদকাৰলৈ উত্তপ্ত পৰিৱেশৰ মাজেৰে পাৰ হ’ল সংসদৰ শীতকালীন অধিৱেশন। সমগ্ৰ অধিৱেশনৰ সময়ছোৱাত লোকসভাত মুঠ ২০খন বৈঠক অনুষ্ঠিত হোৱাৰ পৰিৱৰ্তে ৰাজ্যসভাত ১৯খন বৈঠক অনুষ্ঠিত হয়। দুয়োখন সদনতে প্ৰায় ১০৫ ঘণ্টা ধৰি কাৰ্য্যবিধি চলে। ৰাজ্যসভা আৰু লোক সভাৰ অধিৱেশনৰ সময়ত লোকসভাৰ উৎপাদনশীলতা ৫৪% আৰু ৰাজ্যসভাৰ ৪১%। 

চৰকাৰৰ তৰফৰ পৰা মুঠ ১৬/১৭খন বিল চৰকাৰে তালিকাভুক্ত কৰিছিল যদিও লোকসভাত মাত্ৰ ৫ খন বিধেয়ক উত্থাপন হৈছিল তাৰ ভিতৰত ৪ খন গৃহীত হয়। এখন ভাৰতীয় বিমান আইন, ২০২৪ দুয়োখন সদনতে গৃহীত হয়। এক দেশ, এক নিৰ্বাচন বিধেয়কখনে সদনত আটাইতকৈ বেছি আলোচিত হয়। বিধেয়ক খন বিবেচনাৰ বাবে জেপিচিলৈ প্ৰেৰণ কৰা হয়। 

লোকসভাত সংবিধান সন্দৰ্ভত ১৫ ঘন্টা ৪৩ মিনিট আলোচনা হয়। এই আলোচনাত ৬২ জন সদস্যই অংশগ্ৰহণ কৰে। ৰাজ্যসভাত ১৭ ঘণ্টাৰো অধিক আলোচনা হয় আৰু ৮০ গৰাকী সাংসদে অংশগ্ৰহণ কৰে।

ইয়াৰোপৰি সংসদৰ যৌথ সমিতিৰ পৰিসৰো বৃদ্ধি কৰা হয়৷ ইয়াৰ পূৰ্বে জেপিচিত ৩১ জন সদস্য আছিল। বহু দলৰ দাবীত ৩৯ লৈ বৃদ্ধি কৰাৰ পিছত ৪ জন এন ডি এ আৰু ৪ জন ইণ্ডিয়া এলায়েন্সৰ সাংসদক অন্তৰ্ভুক্ত কৰা হয়।

প্ৰসংগ ক্ৰমে ১৯ ডিচেম্বৰৰ ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাসকলে সংসদত অমিত শ্বাহৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁৰ পদত্যাগৰ দাবী জনাইছিল। এই সময়ছোৱাত বিৰোধী দলৰ সাংসদসকলৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। আৰু বিজেপিৰ দুই সাংসদ প্ৰতাপ শৰংগী আৰু মুকেশ ৰাজপুত আহত হয়। দুয়োজনে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে তেওঁলোকক ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল।

আজি সংসদৰ শীতকালীন অধিৱেশনৰ অন্তিম দিন। আজিও বিজেপিয়ে সংসদৰ চৌহদত ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিৰোধী দলৰ পৰাও বিক্ষোভ প্ৰদৰ্শন কৰা দেখা গ’ল। আৰু বিজেপিৰ দুই সাংসদে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধেগোচৰ ৰুজু কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ