--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক উত্তপ্ত পৰিৱেশৰ মাজেৰে আজি ২০ ডিচেম্বত অন্ত পৰিল ১৮ সংখ্যক লোকসভাৰ শীতকালীন অধিৱেশন। আদানিৰ পৰা আৰম্ভ কৰি অম্বেদকাৰলৈ উত্তপ্ত পৰিৱেশৰ মাজেৰে পাৰ হ’ল সংসদৰ শীতকালীন অধিৱেশন। সমগ্ৰ অধিৱেশনৰ সময়ছোৱাত লোকসভাত মুঠ ২০খন বৈঠক অনুষ্ঠিত হোৱাৰ পৰিৱৰ্তে ৰাজ্যসভাত ১৯খন বৈঠক অনুষ্ঠিত হয়। দুয়োখন সদনতে প্ৰায় ১০৫ ঘণ্টা ধৰি কাৰ্য্যবিধি চলে। ৰাজ্যসভা আৰু লোক সভাৰ অধিৱেশনৰ সময়ত লোকসভাৰ উৎপাদনশীলতা ৫৪% আৰু ৰাজ্যসভাৰ ৪১%। 

চৰকাৰৰ তৰফৰ পৰা মুঠ ১৬/১৭খন বিল চৰকাৰে তালিকাভুক্ত কৰিছিল যদিও লোকসভাত মাত্ৰ ৫ খন বিধেয়ক উত্থাপন হৈছিল তাৰ ভিতৰত ৪ খন গৃহীত হয়। এখন ভাৰতীয় বিমান আইন, ২০২৪ দুয়োখন সদনতে গৃহীত হয়। এক দেশ, এক নিৰ্বাচন বিধেয়কখনে সদনত আটাইতকৈ বেছি আলোচিত হয়। বিধেয়ক খন বিবেচনাৰ বাবে জেপিচিলৈ প্ৰেৰণ কৰা হয়। 

লোকসভাত সংবিধান সন্দৰ্ভত ১৫ ঘন্টা ৪৩ মিনিট আলোচনা হয়। এই আলোচনাত ৬২ জন সদস্যই অংশগ্ৰহণ কৰে। ৰাজ্যসভাত ১৭ ঘণ্টাৰো অধিক আলোচনা হয় আৰু ৮০ গৰাকী সাংসদে অংশগ্ৰহণ কৰে।

ইয়াৰোপৰি সংসদৰ যৌথ সমিতিৰ পৰিসৰো বৃদ্ধি কৰা হয়৷ ইয়াৰ পূৰ্বে জেপিচিত ৩১ জন সদস্য আছিল। বহু দলৰ দাবীত ৩৯ লৈ বৃদ্ধি কৰাৰ পিছত ৪ জন এন ডি এ আৰু ৪ জন ইণ্ডিয়া এলায়েন্সৰ সাংসদক অন্তৰ্ভুক্ত কৰা হয়।

প্ৰসংগ ক্ৰমে ১৯ ডিচেম্বৰৰ ইণ্ডিয়া মিত্ৰজোঁটৰ নেতাসকলে সংসদত অমিত শ্বাহৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি তেওঁৰ পদত্যাগৰ দাবী জনাইছিল। এই সময়ছোৱাত বিৰোধী দলৰ সাংসদসকলৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। আৰু বিজেপিৰ দুই সাংসদ প্ৰতাপ শৰংগী আৰু মুকেশ ৰাজপুত আহত হয়। দুয়োজনে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে তেওঁলোকক ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰিছিল।

আজি সংসদৰ শীতকালীন অধিৱেশনৰ অন্তিম দিন। আজিও বিজেপিয়ে সংসদৰ চৌহদত ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। বিৰোধী দলৰ পৰাও বিক্ষোভ প্ৰদৰ্শন কৰা দেখা গ’ল। আৰু বিজেপিৰ দুই সাংসদে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধেগোচৰ ৰুজু কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ