--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী বিজেপি নেত্ৰীৰ বিৰুদ্ধে অশালীন মন্তব্য কৰি গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল ডিএমকেৰ এজন নেতা। ডিএমকেৰ প্ৰাক্তন মুখপাত্ৰ শিৱাজী কৃষ্ণমূৰ্তিক বিজেপি নেত্ৰীগৰাকীৰ  বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছিল। তেওঁ সকলো দলীয় পদ হেৰুওৱাৰ পিছত তামিলনাডু আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে।

 তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ অধীনত ইচ্ছাকৃতভাৱে শান্তি ভংগৰ অভিযোগ উত্থাপন কৰা হৈছে। এই বছৰৰ জানুৱাৰীত ডিএমকে নেতাজনে তামিলনাডুৰ ৰাজ্যপালৰ বিৰুদ্ধেও অপমানজনক মন্তব্য কৰিছিল। সেই সময়ত তেওঁক কিছু দিনৰ বাবে দলৰ পৰা নিলম্বিত কৰা হৈছিল।

কেইদিনমান আগতে ডিএমকে নেতা কৃষ্ণমূৰ্তিয়ে অভিনেত্ৰী আৰু ৰাজনীতিক খুছবু সুন্দৰৰ বিৰুদ্ধে কেইবাটাও অপমানজনক মন্তব্য কৰিছিল। তেওঁ কৰা মন্তব্যৰ ভিডিঅ' ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছতে খুছবুৱে টুইট কৰি কৈছে, "এনে মন্তব্য কৰি কেৱল মোকেই নহয়, আন নেতাকো অপমান কৰা হৈছে। যদি আপুনি এইটো স্বীকাৰ কৰে, আপোনাৰ দলটোৱেই লোকচান ভৰিব। যদি আপোনাৰ পৰিয়ালৰ এগৰাকী মহিলাকলৈ এনে মন্তব্য কৰা হ'লহেঁতেন, তেন্তে আপুনি সেয়া  গ্ৰহণ কৰিব পাৰিলেহেঁতেন নে?"

তামিলনাডু ৰাজ্যিক বিজেপি নেতৃত্বয়ো ঘটনাটোক লৈ ডিএমকেৰ বিৰুদ্ধে সৰব হৈ পৰিছে।
দলৰ পৰা বহিষ্কাৰ হোৱাৰ কেইঘণ্টামানৰ ভিতৰতে ডিএমকে নেতাজনক গ্ৰেপ্তাৰ কৰা হৈছে। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে, যাৰ ভিতৰত এটা হৈছে শান্তি ভংগ কৰাৰ চেষ্টা। ডিএমকে নেতাজনৰ বিৰুদ্ধে ইচ্ছাকৃতভাৱে অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে। 













FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ