--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় এনে বহু ঘটনা দেখিছে আৰু শুনিছে য’ত স্বামী-স্ত্ৰীৰ মাজৰ বেয়া সম্পৰ্কৰ বাবে বিবাহ বিচ্ছেদ হৈছে। কিন্তু আপুনি কেতিয়াবা শুনিছেনে যে পত্নী কিন্নৰ হোৱাৰ বাবে স্বামীয়ে বিবাহ বিচ্ছেদ বিচাৰিছে। উত্তৰ প্ৰদেশৰ আগ্ৰাৰ পৰা এনে এক ঘটনা পোহৰলৈ আহিছে।

ফুলশয্যাৰ নিশা এজন যুৱকে গম পালে যে তেওঁৰ পত্নী নাৰী নহয়। পত্নীৰ চিকিৎসাও কৰালে, কিন্তু একো লাভ নহ’ল। যুৱকজনে বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছিল। ৭ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল যুৱকজন।

এটমাডাউলা থানা অঞ্চলৰ যুৱকজনে সাত বছৰ পূৰ্বে ২০১৬ চনৰ ২৭ জানুৱাৰীত বিবাহপাশত আবদ্ধ হৈছিল। ফুলশয্যাৰ নিশা যুৱকজনৰ মূৰত আকাশী সৰগ ভাগি পৰে। তেওঁৰ নৱবিবাহিতা পত্নী নাৰী নহয় বুলি গম পাই তেওঁ চক খাই উঠে।

প্ৰথমতে যুৱকজন বৰ বিচলিত হৈছিল, তাৰ পিছত তেওঁ চিকিৎসকৰ লগত যোগাযোগ কৰি পত্নীৰ চিকিৎসা কৰাইছিল। কেইবামাহো চিকিৎসাৰ পিছতো কোনো লাভ নহ’ল। ইয়াৰ লগতে চিকিৎসকে যুৱকজনক কৈছিল যে তেওঁৰ পত্নী কেতিয়াও মাতৃ হ’ব নোৱাৰিব।

ভুক্তভোগী যুৱকজনে কয় যে, মুখলজ্জাৰ বাবে তেওঁ কাকো এই কথা জনোৱা নাছিল। অৱশেষত তেওঁ আদালতৰ কাষ চাপে।

গোচৰৰ শুনানি গ্ৰহণ কৰা হয়। আদালতত ৭ বছৰ ধৰি গোচৰ চলিছিল আৰু এতিয়া ৰায়দান দিছে আদালতে। প্ৰমাণৰ ভিত্তিত পৰিয়াল আদালতে বিবাহ বিচ্ছেদত অনুমোদন জনাইছে। আদালতে যুৱকজনক বিবাহ বিচ্ছেদ কৰিবৰ বাবে নিৰ্দেশ জাৰি কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে