--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আপুনি নিশ্চয় এনে বহু ঘটনা দেখিছে আৰু শুনিছে য’ত স্বামী-স্ত্ৰীৰ মাজৰ বেয়া সম্পৰ্কৰ বাবে বিবাহ বিচ্ছেদ হৈছে। কিন্তু আপুনি কেতিয়াবা শুনিছেনে যে পত্নী কিন্নৰ হোৱাৰ বাবে স্বামীয়ে বিবাহ বিচ্ছেদ বিচাৰিছে। উত্তৰ প্ৰদেশৰ আগ্ৰাৰ পৰা এনে এক ঘটনা পোহৰলৈ আহিছে।

ফুলশয্যাৰ নিশা এজন যুৱকে গম পালে যে তেওঁৰ পত্নী নাৰী নহয়। পত্নীৰ চিকিৎসাও কৰালে, কিন্তু একো লাভ নহ’ল। যুৱকজনে বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছিল। ৭ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল যুৱকজন।

এটমাডাউলা থানা অঞ্চলৰ যুৱকজনে সাত বছৰ পূৰ্বে ২০১৬ চনৰ ২৭ জানুৱাৰীত বিবাহপাশত আবদ্ধ হৈছিল। ফুলশয্যাৰ নিশা যুৱকজনৰ মূৰত আকাশী সৰগ ভাগি পৰে। তেওঁৰ নৱবিবাহিতা পত্নী নাৰী নহয় বুলি গম পাই তেওঁ চক খাই উঠে।

প্ৰথমতে যুৱকজন বৰ বিচলিত হৈছিল, তাৰ পিছত তেওঁ চিকিৎসকৰ লগত যোগাযোগ কৰি পত্নীৰ চিকিৎসা কৰাইছিল। কেইবামাহো চিকিৎসাৰ পিছতো কোনো লাভ নহ’ল। ইয়াৰ লগতে চিকিৎসকে যুৱকজনক কৈছিল যে তেওঁৰ পত্নী কেতিয়াও মাতৃ হ’ব নোৱাৰিব।

ভুক্তভোগী যুৱকজনে কয় যে, মুখলজ্জাৰ বাবে তেওঁ কাকো এই কথা জনোৱা নাছিল। অৱশেষত তেওঁ আদালতৰ কাষ চাপে।

গোচৰৰ শুনানি গ্ৰহণ কৰা হয়। আদালতত ৭ বছৰ ধৰি গোচৰ চলিছিল আৰু এতিয়া ৰায়দান দিছে আদালতে। প্ৰমাণৰ ভিত্তিত পৰিয়াল আদালতে বিবাহ বিচ্ছেদত অনুমোদন জনাইছে। আদালতে যুৱকজনক বিবাহ বিচ্ছেদ কৰিবৰ বাবে নিৰ্দেশ জাৰি কৰে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ