--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপিৰ বিধায়িনী দলৰ নেতা দেৱেন্দ্ৰ ফাড়নবিছে বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে। মহাৰাষ্ট্ৰৰ ৰাজনীতিত বহু শক্তিশালী নেতাক পিছপেলাই মুুখ্যমন্ত্ৰীৰ আসনত উপৱিষ্ট হৈছে ফাড়নবিছ। নিৰ্বিবাদে দেৱেন্দ্ৰ ফাড়নবিছ মহাৰাষ্ট্ৰ বিজেপিৰ সৰ্ববৃহৎ নেতা হিছাপে পৰিগণিত হয়। নেতা গৰাকীয়ে মাত্ৰ ৪৪ বছৰ বয়সতে ২০১৪ চনত তেওঁ প্ৰথমবাৰৰ বাবে ৰাজ্যখনৰ শাসনৰ বাঘজৰী লাভ কৰিছিল।ৰাজ্যখনত নীতিন গাডকাৰীৰ দৰে শক্তিশালী নেতা থকাৰ পাছতো তেওঁ মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী বিজেপিৰ মুখ্যমন্ত্ৰী হোৱাৰ সাফল্য অৰ্জন কৰে।

মহাৰষ্ট্ৰৰ এই প্ৰভাৱশালী নেতা দেৱেন্দ্ৰ ফাড়নবিছৰ বিষয়ে চমু আভাষ লওঁ আহক...
 
তেওঁৰ পিতৃ গংগাধৰ ৰাও ফড়নবিছ আছিল বিজেপিৰ এম এল চি আৰু জন সংঘৰ সক্ৰিয় সদস্য । এনে পৰিস্থিতিত  ৰাজনীতিৰ প্ৰাৰম্ভিক প্ৰশিক্ষণ ঘৰতে লাভ কৰিছিল তেওঁ। পিতৃ সংঘ আৰু বিজেপিৰ সক্ৰিয় সদস্য হোৱাৰ স্বত্তে দেৱেন্দ্ৰ ফাড়নবিছেও সংঘত যোগদান কৰে আৰু শাখালৈ যাবলৈ আৰম্ভ কৰিছিল। 

১৯৭৫ চনত দেশত জৰুৰীকালীন অৱস্থা জাৰি কৰা সময়ত তেওঁৰ পিতৃক জেলত ভৰোৱা হৈছিল। সময়ত তেওঁৰ বয়স আছিল প্ৰায় পাঁচ বছৰ। জৰুৰীকালীন অৱস্থাত সমগ্ৰ দেশৰ প্ৰতিজন শিশুৰ ওঁঠত ইন্দিৰা গান্ধীৰ নাম আছিল। পিতৃক জেললৈ পঠিওৱাৰ বাবেই ইন্দিৰা গান্ধীৰ নামক ঘৃণা কৰিবলৈ  লৈছিল। তেওঁৰ পিতৃ গংগাধৰ ফাড়নবিছে নিজৰ পুত্ৰক নাগপুৰৰ ইন্দিৰা কনভেণ্ট স্কুলত ভৰ্তি কৰি দিছিল যদিও দেৱেন্দ্ৰ ফাড়নবিছৰ শৈশৱৰ স্মৃতিত ইন্দিৰা নামটোৰ প্ৰতি থকা বিৰাগৰ বাবে ইন্দিৰা কনভেন্ট স্কুলত পঢ়িবলৈ অস্বীকাৰ কৰিছিল। সেয়ে  তেওঁক সৰস্বতী বিদ্যালয়ত ভৰ্তি কৰা হয়। তাৰ পিছত সৰস্বতী বিদ্যালয়ৰ পৰাই ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰীক্ষাত উত্তীৰ্ণ হয়।তাৰ পিছত নাগপুৰৰ পৰাই আইনৰ ডিগ্ৰী লাভ কৰে। অৱশ্যে দেৱেন্দ্ৰ ফাড়নাভবিছৰ আইনৰ ডিগ্ৰী থকাৰ পাছতো তেওঁ কেতিয়াও অনুশীলন কৰা নাছিল।

কলেজীয়া দিনৰ পৰাই তেওঁ এবিভিপিৰ কাম-কাজত জড়িত হৈ পৰিছিল। মাত্ৰ ২২ বছৰ বয়সতে নাগপুৰ পৌৰ নিগমৰ কাউন্সিলাৰ হৈছিল আৰু মাত্ৰ ২৭ বছৰ বয়সতে নাগপুৰৰ মেয়ৰ নিৰ্বাচিত হয়। তাৰ পিছত ১৯৯৯ চনত তেওঁ বিধানসভাত উপস্থিত হয়। বিধানসভাত গোপীনাথ মুণ্ডে আৰু নীতিন গাডকাৰীৰ দৰে ক্ষমতাশালী নেতাৰ আগত তেওঁ নিজৰ দক্ষতাৰ পৰিচয় দাঙিধৰিছিল৷

২০১৩ চনত মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পৰাই ৰাজনৈতিক জীৱনত ডাঙৰ টাৰ্নিং পইণ্ট আহে। আৰু ২০১৪ চনৰ বিধানসভা নির্বাচনৰ পাছত ফাড়নবিছ মহাৰাষ্ট্রৰমুখ্যমন্ত্রী পদত অধিস্থিত হয়৷

উল্লেখযোগ্য যে ২০১৯ চনত শিৱসেনা আৰু বিজেপিৰ মিত্ৰতাত বিভাজনৰ পিছত উদ্ধৱ থাকৰে মুখ্যমন্ত্ৰী হয়। ২০২২ চনত শিৱসেনাত বিদ্ৰোহ সংঘটিত হয় আৰু একনাথ শিণ্ডেৰ নেতৃত্বত চৰকাৰ গঠন হয়।ফাড়নবিছ উপ-মুখ্যমন্ত্ৰী হৈছিল। এই সময় অতিক্ৰম কৰি ২০২৪ বৰ্ষত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী পদত অধিস্থিত হয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ