--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো যাত্ৰা'ক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাম মন্দিৰৰ মুখ্য পুৰোহিতে। ৰাহুলৰ কাৰ্যসূচীয়ে মঙলবাৰে উত্তৰ প্ৰদেশত ভৰি ৰাখিব। ইয়াৰ পূৰ্বে ৰাম জন্মভূমি মন্দিৰৰ মুখ্য পুৰোহিত আচাৰ্য সতীন্দ্ৰ দাসে ছোনিয়াৰ পুত্ৰলৈ এখন পত্ৰ লিখে।

ৰাহুলক দিয়া এক অভিনন্দন বাৰ্তাত তেওঁ লিখে, "ভগৱান ৰামৰ আশীৰ্বাদ ৰাহুলৰ সৈতে থাকিব।" ৰাম মন্দিৰৰ পুৰোহিতজনে ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ দেশক একত্ৰিত কৰাৰ ৰাহুল গান্ধীৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।

তেওঁ পত্ৰখনত লিখে, "আপুনি যি লক্ষ্যৰে এই কাৰ্যসূচী কৰি আছে, মই প্ৰাৰ্থনা কৰিছো আৰু আশা কৰোঁ যে ই সফল হ'ব।"

‘‘মই আপোনাক দীঘলীয়া জীৱনৰ শুভেচ্ছা জনাইছো।''- ৰাহুলক উদ্দেশ্যি আচাৰ্যই লিখে- "আপুনি সাধুজনৰ উদ্যোগ লৈছে। যিটো সকলোৰে বাবে ভাল। ভগৱান ৰামৰ আশীৰ্বাদ সদায় আপোনাৰ সৈতে থাকিব।’’

উল্লেখ্য যে আচাৰ্যই ৰাহুল গান্ধীৰ 'ভাৰত জোড়ো যাত্ৰা'ত যোগদান কৰাৰো ইচ্ছা প্ৰকাশ কৰিছিল। কিন্তু শাৰীৰিক কাৰণত তেওঁ যোগদান কৰিব নোৱাৰে৷ ৰাম মন্দিৰৰ প্ৰধান পুৰোহিতজনে ইতিমধ্যে ৰাহুলৰ কাৰ্যসূচীত নৈতিক সমৰ্থন ব্যক্ত কৰিছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক