--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মমতাজৰ স্মৃতিত শ্বাহজাহানে নিৰ্মাণ কৰা তাজমহলক প্ৰেমৰ প্ৰকৃত প্ৰতীক হিচাপে গণ্য কৰা হয়। সমগ্ৰ বিশ্বতে তাজমহলক প্ৰেমৰ প্ৰতীক ৰূপে জনা যায়। শেহতীয়াকৈ এজন লোকৰ পত্নীপ্ৰেমৰ কথা সকলোতে চৰ্চা হৈছে। কলকাতাৰ নিৱাসী তাপস শাণ্ডিল্যই মৰমৰ পত্নীৰ স্মৃতিত এটা মূৰ্তি নিৰ্মাণ কৰি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। মূৰ্তিটো দেখিলে এনে লাগে সেয়া যেন কোনো জীৱন্ত মহিলাহে। নক'লে কোনেও ধৰিব নোৱাৰে যে সেয়া মহিলা নহয় এটা মূৰ্তিহে। ২০২১ চনত ক’ৰোনাৰ দ্বিতীয় ঢৌত তাপস শাণ্ডিল্যৰ পত্নী ইন্দ্ৰাণীৰ মৃত্যু হৈছিল। ইন্দ্ৰানীৰ প্ৰেমত আজীৱন ডুবি থকা তাপসে এনেদৰেই পত্নীৰ স্মৃতি জীয়াই ৰাখিছে। ইন্দ্ৰানীৰ স্বামী তাপস শাণ্ডিল্য কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী।

ইন্দ্ৰানীৰ এই প্ৰতিমূৰ্তিটো চিলিকনেৰে নিৰ্মাণ কৰা হৈছে। ঘৰৰ যি স্থান ইন্দ্ৰানীৰ প্ৰিয় আছিল সেই স্থানতে প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছে। ঘৰৰ চোফা এখনত বহি থকা অৱস্থাত দেখিবলৈ পোৱা যায় ইন্দ্ৰানীৰ প্ৰতিমূৰ্তি। প্ৰায় আঢ়ৈ লাখ টকা খৰচ কৰি ইন্দ্ৰানীৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছে তাপস শাণ্ডিল্যই। 

মূৰ্তিটোৰ ওজন প্ৰায় ৩০ কিলোগ্ৰাম। মূৰ্তিটোত সোণৰ অলংকাৰো পৰিধান কৰা হৈছে। গহনাবোৰৰ প্ৰতি ইন্দ্ৰানীৰ বৰ ভালপোৱা আছিল। ইয়াৰ লগতে মূৰ্তিটোত পৰিধান কৰা হৈছে অসমৰ মুগাৰ সাজ। অসমৰ মুগাৰ সাজৰ প্ৰতি দুৰ্বলতা আছিল ইন্দ্ৰাণীৰ।
In Kolkata, 65-year-old man installs wife's silicone statue after Covid  snatches her away | Kolkata News - Times of India
প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছে ভাস্কৰ্য শিল্পী সুবিমল দাসে (৪৬)। এই কামটোক তেওঁ অন্যতম প্ৰত্যাহ্বানমূলক প্ৰকল্প বুলি অভিহিত কৰিছে। তেওঁ কয় যে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিবলৈ তেওঁক ছমাহ সময় লাগিছিল।

তাপস শাণ্ডিল্যই কয় যে ''ইন্দ্ৰাণীৰ সৈতে মই ৩৯ বছৰ সংসাৰ কৰিলো। মোৰ পত্নীৰ মৃত্যু হৈছিল ২০২১ চনৰ ৪ মে’ত। এদশক পূৰ্বে আমি মায়াপুৰৰ ইস্কন মন্দিৰ পৰিদৰ্শন কৰিছিলো। ইয়াত এ চি ভক্তিবেদন্ত স্বামীৰ জীৱন্ত প্ৰতিমূৰ্তি দেখি আমি মন্ত্ৰমুগ্ধ হৈ পৰিছিলো। ইন্দ্ৰাণীয়ে ধেমালিতে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ একেধৰণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ কৈছিল।''
husband makes silicon statue of wife, કોરોનામાં પત્ની ગુમાવી, 65 વર્ષના  પતિએ 30 કિલોનું સ્ટેચ્યૂ તૈયાર કરાવ્યું, સોનાના ઘરેણાં-સિલ્કની સાડી પહેરાવી  - 65 year old ...ইন্দ্ৰাণীয়ে তেনেদৰে ধেমালি কৰিছিল যদিও তাপসে এই ইচ্ছাক চিৰিয়াছলি লৈছিল। তাপস শাণ্ডিল্যই তেতিয়াই সিদ্ধান্ত লৈছিল যে তেওঁ জীয়াই থাকোঁতে যদি পত্নীৰ কিবা এটা হয়, তেন্তে পত্নীৰ ইচ্ছা নিশ্চয় পূৰণ কৰিব। তাপসে লগতে কয় যে পত্নীৰ মৃত্যুৰ কেইমাহমানৰ পাছত তেওঁ ইন্দ্ৰানীৰ জীৱন্ত প্ৰতিমূৰ্তি বনাব পৰা কোনোবা এজনক বিচাৰি ইণ্টাৰনেটত চলাথ কৰিছিল। বহু বিচাৰ-খোচাৰৰ অন্তত ২০২২ চনৰ আৰম্ভণিতে ভাস্কৰ্য শিল্পী সুবিমল দাসক বাছনি কৰে তাপসে।
In Kolkata, 65-year-old man installs wife's silicone statue after Covid  snatches her away | Kolkata News - Times of India
এতিয়া ইন্দ্ৰাণীৰ প্ৰতিমূৰ্তিটোৰ কাষতে বহি মনৰ কথা পাতে তাপস শাণ্ডিল্যই। চুলিও ফণীয়াই দিয়ে। যদিও তেওঁ কোনো সঁহাৰি নাপায় তথাপিও এনেদৰেই তাপস শাণ্ডিল্যই মনত শান্তি লভে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু