--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মমতাজৰ স্মৃতিত শ্বাহজাহানে নিৰ্মাণ কৰা তাজমহলক প্ৰেমৰ প্ৰকৃত প্ৰতীক হিচাপে গণ্য কৰা হয়। সমগ্ৰ বিশ্বতে তাজমহলক প্ৰেমৰ প্ৰতীক ৰূপে জনা যায়। শেহতীয়াকৈ এজন লোকৰ পত্নীপ্ৰেমৰ কথা সকলোতে চৰ্চা হৈছে। কলকাতাৰ নিৱাসী তাপস শাণ্ডিল্যই মৰমৰ পত্নীৰ স্মৃতিত এটা মূৰ্তি নিৰ্মাণ কৰি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। মূৰ্তিটো দেখিলে এনে লাগে সেয়া যেন কোনো জীৱন্ত মহিলাহে। নক'লে কোনেও ধৰিব নোৱাৰে যে সেয়া মহিলা নহয় এটা মূৰ্তিহে। ২০২১ চনত ক’ৰোনাৰ দ্বিতীয় ঢৌত তাপস শাণ্ডিল্যৰ পত্নী ইন্দ্ৰাণীৰ মৃত্যু হৈছিল। ইন্দ্ৰানীৰ প্ৰেমত আজীৱন ডুবি থকা তাপসে এনেদৰেই পত্নীৰ স্মৃতি জীয়াই ৰাখিছে। ইন্দ্ৰানীৰ স্বামী তাপস শাণ্ডিল্য কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী।

ইন্দ্ৰানীৰ এই প্ৰতিমূৰ্তিটো চিলিকনেৰে নিৰ্মাণ কৰা হৈছে। ঘৰৰ যি স্থান ইন্দ্ৰানীৰ প্ৰিয় আছিল সেই স্থানতে প্ৰতিমূৰ্তিটো স্থাপন কৰা হৈছে। ঘৰৰ চোফা এখনত বহি থকা অৱস্থাত দেখিবলৈ পোৱা যায় ইন্দ্ৰানীৰ প্ৰতিমূৰ্তি। প্ৰায় আঢ়ৈ লাখ টকা খৰচ কৰি ইন্দ্ৰানীৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছে তাপস শাণ্ডিল্যই। 

মূৰ্তিটোৰ ওজন প্ৰায় ৩০ কিলোগ্ৰাম। মূৰ্তিটোত সোণৰ অলংকাৰো পৰিধান কৰা হৈছে। গহনাবোৰৰ প্ৰতি ইন্দ্ৰানীৰ বৰ ভালপোৱা আছিল। ইয়াৰ লগতে মূৰ্তিটোত পৰিধান কৰা হৈছে অসমৰ মুগাৰ সাজ। অসমৰ মুগাৰ সাজৰ প্ৰতি দুৰ্বলতা আছিল ইন্দ্ৰাণীৰ।
In Kolkata, 65-year-old man installs wife's silicone statue after Covid  snatches her away | Kolkata News - Times of India
প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছে ভাস্কৰ্য শিল্পী সুবিমল দাসে (৪৬)। এই কামটোক তেওঁ অন্যতম প্ৰত্যাহ্বানমূলক প্ৰকল্প বুলি অভিহিত কৰিছে। তেওঁ কয় যে এই প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিবলৈ তেওঁক ছমাহ সময় লাগিছিল।

তাপস শাণ্ডিল্যই কয় যে ''ইন্দ্ৰাণীৰ সৈতে মই ৩৯ বছৰ সংসাৰ কৰিলো। মোৰ পত্নীৰ মৃত্যু হৈছিল ২০২১ চনৰ ৪ মে’ত। এদশক পূৰ্বে আমি মায়াপুৰৰ ইস্কন মন্দিৰ পৰিদৰ্শন কৰিছিলো। ইয়াত এ চি ভক্তিবেদন্ত স্বামীৰ জীৱন্ত প্ৰতিমূৰ্তি দেখি আমি মন্ত্ৰমুগ্ধ হৈ পৰিছিলো। ইন্দ্ৰাণীয়ে ধেমালিতে তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ একেধৰণৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ কৈছিল।''
husband makes silicon statue of wife, કોરોનામાં પત્ની ગુમાવી, 65 વર્ષના  પતિએ 30 કિલોનું સ્ટેચ્યૂ તૈયાર કરાવ્યું, સોનાના ઘરેણાં-સિલ્કની સાડી પહેરાવી  - 65 year old ...ইন্দ্ৰাণীয়ে তেনেদৰে ধেমালি কৰিছিল যদিও তাপসে এই ইচ্ছাক চিৰিয়াছলি লৈছিল। তাপস শাণ্ডিল্যই তেতিয়াই সিদ্ধান্ত লৈছিল যে তেওঁ জীয়াই থাকোঁতে যদি পত্নীৰ কিবা এটা হয়, তেন্তে পত্নীৰ ইচ্ছা নিশ্চয় পূৰণ কৰিব। তাপসে লগতে কয় যে পত্নীৰ মৃত্যুৰ কেইমাহমানৰ পাছত তেওঁ ইন্দ্ৰানীৰ জীৱন্ত প্ৰতিমূৰ্তি বনাব পৰা কোনোবা এজনক বিচাৰি ইণ্টাৰনেটত চলাথ কৰিছিল। বহু বিচাৰ-খোচাৰৰ অন্তত ২০২২ চনৰ আৰম্ভণিতে ভাস্কৰ্য শিল্পী সুবিমল দাসক বাছনি কৰে তাপসে।
In Kolkata, 65-year-old man installs wife's silicone statue after Covid  snatches her away | Kolkata News - Times of India
এতিয়া ইন্দ্ৰাণীৰ প্ৰতিমূৰ্তিটোৰ কাষতে বহি মনৰ কথা পাতে তাপস শাণ্ডিল্যই। চুলিও ফণীয়াই দিয়ে। যদিও তেওঁ কোনো সঁহাৰি নাপায় তথাপিও এনেদৰেই তাপস শাণ্ডিল্যই মনত শান্তি লভে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক