--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ সাংসদ তথা ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতি ব্ৰজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে খেলুৱৈক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি আন্দোসনত বহিছে একাংশ পদক বিজয়ী খেলুৱৈ৷ তথাপি যেন গা লৰা নাই বিজেপি সাংসদগৰাকীৰ৷ তেওঁ ৰাজনীতিৰ প্ৰসংগ উলিয়াই বিষয়টোক যেন গাপ দিবহে বিচাৰিছে বুলিও অভিযোগ উঠিছে৷ 

খেলুৱৈক যৌন নিৰ্যাতন চলোৱাৰ  অভিযোগৰ মাজতে ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতি তথা বিজেপি সাংসদ ব্ৰজ ভূষণ চৰণ সিঙে পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছে। সিঙে কয় যে তেওঁ এজন নিৰ্বাচিত জনপ্ৰতিনিধি আৰু কাৰোবাৰ দয়াৰ বাবে এই পদত অধিষ্ঠিত হোৱা নাই। যোৱা কেইদিনমান ধৰি দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ কৰি অহা দেশৰ কেইবাজনো পদক বিজয়ী মল্ল যোদ্ধাই ব্ৰজ ভূষণ চৰণ সিং আৰু কেইবাজনো প্ৰশিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। 

ইয়াৰ ভিতৰত আছে যৌন নিৰ্যাতনৰো অভিযোগ।অলিম্পিক পদক বিজয়ী সাক্ষী মালিক, বজৰং পুনিয়া আৰু কমনৱেলথ গেমছৰ পদক বিজয়ী বিনেশ ফোগাটৰ দৰে মল্লযোদ্ধাসকলে কুস্তি ফেডাৰেচনৰ সভাপতি   সিঙৰ পদত্যাগ দাবী কৰি আহিছে। প্ৰতিবাদকাৰী খেলুৱৈসকলে ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰকো সাক্ষাৎ কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি একাংশ খেলুৱৈয়ে মুখ খুলিলে ভূমিকম্প হ'ব পাৰে বুলি দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ব্ৰজ ভূষণ চৰণ সিঙে কয় যে যদি তেওঁ মুখ খুলিব লাগে তেন্তে চুনামি আহিব। 

 ডব্লিউএফআইৰ মুৰব্বী সিঙে দেশৰ শীৰ্ষ খেলুৱৈসকলৰ প্ৰতিবাদক "শ্বাহিন বাগৰ ধৰ্ণা" বুলিও অভিহিত কৰে আৰু  কয় যে তেওঁ কোনো কাৰণতে পদত্যাগ নকৰে৷ তেওঁ কয় "মোৰ বিৰুদ্ধে মল্লযোদ্ধাসকলে কৰা প্ৰতিবাদ শ্বাহিন বাগৰ ধৰ্ণাৰ দৰে," ৷ উল্লেখ্য সিঙে উত্তৰ প্ৰদেশৰ কাইছাৰগঞ্জ সমষ্টিৰ পৰা ষষ্ঠবাৰৰ বাবে লোকসভাৰ সাংসদ হিচাবে নিৰ্বাচিত হৈছে৷ 

সিঙে দিল্লীৰ যন্তৰ মন্তৰত হোৱা প্ৰতিবাদক বিজেপিৰ ওপৰত আক্ৰমণ চলাবলৈ  কংগ্ৰেছ দলৰ দ্বাৰা সংঘটিত আন্দোলন বুলিও অভিহিত কৰে৷ 
ইয়াৰ পূৰ্বে এটা টিভি চেনেলক  তেওঁ কৈছিল, "প্ৰতিবাদকাৰী খেলুৱৈসকল কংগ্ৰেছ আৰু দীপিন্দৰ হুদাৰ হাতৰ পুতলা হৈ পৰিছে। এই ধৰণৰ ষড়যন্ত্ৰ প্ৰায় তিনি দশক আগতে কংগ্ৰেছে মোৰ বিৰুদ্ধে কৰিছিল। আকৌ এবাৰ ষড়যন্ত্ৰৰ পুনৰাবৃত্তি হৈছে।"

"মই আগতে কৈছিলো যে এটা ষড়যন্ত্ৰ হৈছে আৰু ইয়াৰ আঁৰত ডাঙৰ শক্তি আছে। এতিয়া সেই শক্তিবোৰ মুকলিলৈ  ওলাই আহিছে।"তেওঁ লগতে কয়, "কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু দীপিন্দৰ হুডাৰ টুইট আৰু বিবৃতিৰ জৰিয়তে ছবিখন অধিক স্পষ্ট হৈ পৰিছে। এই আক্ৰমণ কেৱল মোৰ ওপৰতে নহয়, মোৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰতো হোৱা আক্ৰমণ," 

উল্লেখ্য ডব্লিউএফআইয়ে এতিয়াও ক্ৰীড়া মন্ত্ৰালয়ৰ জাননীৰ প্ৰতি  সঁহাৰি দিয়া নাই৷  ক্ৰীড়া মন্ত্ৰালয়ে বুধবাৰে যৌন নিৰ্যাতনৰ অভিযোগৰ সঁহাৰি দিবলৈ  সংস্থাটোক ৭২  ঘণ্টা সময় বান্ধি দিছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক