--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ সাংসদ তথা ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতি ব্ৰজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে খেলুৱৈক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি আন্দোসনত বহিছে একাংশ পদক বিজয়ী খেলুৱৈ৷ তথাপি যেন গা লৰা নাই বিজেপি সাংসদগৰাকীৰ৷ তেওঁ ৰাজনীতিৰ প্ৰসংগ উলিয়াই বিষয়টোক যেন গাপ দিবহে বিচাৰিছে বুলিও অভিযোগ উঠিছে৷ 

খেলুৱৈক যৌন নিৰ্যাতন চলোৱাৰ  অভিযোগৰ মাজতে ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতি তথা বিজেপি সাংসদ ব্ৰজ ভূষণ চৰণ সিঙে পদত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছে। সিঙে কয় যে তেওঁ এজন নিৰ্বাচিত জনপ্ৰতিনিধি আৰু কাৰোবাৰ দয়াৰ বাবে এই পদত অধিষ্ঠিত হোৱা নাই। যোৱা কেইদিনমান ধৰি দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ কৰি অহা দেশৰ কেইবাজনো পদক বিজয়ী মল্ল যোদ্ধাই ব্ৰজ ভূষণ চৰণ সিং আৰু কেইবাজনো প্ৰশিক্ষকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। 

ইয়াৰ ভিতৰত আছে যৌন নিৰ্যাতনৰো অভিযোগ।অলিম্পিক পদক বিজয়ী সাক্ষী মালিক, বজৰং পুনিয়া আৰু কমনৱেলথ গেমছৰ পদক বিজয়ী বিনেশ ফোগাটৰ দৰে মল্লযোদ্ধাসকলে কুস্তি ফেডাৰেচনৰ সভাপতি   সিঙৰ পদত্যাগ দাবী কৰি আহিছে। প্ৰতিবাদকাৰী খেলুৱৈসকলে ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰকো সাক্ষাৎ কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি একাংশ খেলুৱৈয়ে মুখ খুলিলে ভূমিকম্প হ'ব পাৰে বুলি দিয়া মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ব্ৰজ ভূষণ চৰণ সিঙে কয় যে যদি তেওঁ মুখ খুলিব লাগে তেন্তে চুনামি আহিব। 

 ডব্লিউএফআইৰ মুৰব্বী সিঙে দেশৰ শীৰ্ষ খেলুৱৈসকলৰ প্ৰতিবাদক "শ্বাহিন বাগৰ ধৰ্ণা" বুলিও অভিহিত কৰে আৰু  কয় যে তেওঁ কোনো কাৰণতে পদত্যাগ নকৰে৷ তেওঁ কয় "মোৰ বিৰুদ্ধে মল্লযোদ্ধাসকলে কৰা প্ৰতিবাদ শ্বাহিন বাগৰ ধৰ্ণাৰ দৰে," ৷ উল্লেখ্য সিঙে উত্তৰ প্ৰদেশৰ কাইছাৰগঞ্জ সমষ্টিৰ পৰা ষষ্ঠবাৰৰ বাবে লোকসভাৰ সাংসদ হিচাবে নিৰ্বাচিত হৈছে৷ 

সিঙে দিল্লীৰ যন্তৰ মন্তৰত হোৱা প্ৰতিবাদক বিজেপিৰ ওপৰত আক্ৰমণ চলাবলৈ  কংগ্ৰেছ দলৰ দ্বাৰা সংঘটিত আন্দোলন বুলিও অভিহিত কৰে৷ 
ইয়াৰ পূৰ্বে এটা টিভি চেনেলক  তেওঁ কৈছিল, "প্ৰতিবাদকাৰী খেলুৱৈসকল কংগ্ৰেছ আৰু দীপিন্দৰ হুদাৰ হাতৰ পুতলা হৈ পৰিছে। এই ধৰণৰ ষড়যন্ত্ৰ প্ৰায় তিনি দশক আগতে কংগ্ৰেছে মোৰ বিৰুদ্ধে কৰিছিল। আকৌ এবাৰ ষড়যন্ত্ৰৰ পুনৰাবৃত্তি হৈছে।"

"মই আগতে কৈছিলো যে এটা ষড়যন্ত্ৰ হৈছে আৰু ইয়াৰ আঁৰত ডাঙৰ শক্তি আছে। এতিয়া সেই শক্তিবোৰ মুকলিলৈ  ওলাই আহিছে।"তেওঁ লগতে কয়, "কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু দীপিন্দৰ হুডাৰ টুইট আৰু বিবৃতিৰ জৰিয়তে ছবিখন অধিক স্পষ্ট হৈ পৰিছে। এই আক্ৰমণ কেৱল মোৰ ওপৰতে নহয়, মোৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰতো হোৱা আক্ৰমণ," 

উল্লেখ্য ডব্লিউএফআইয়ে এতিয়াও ক্ৰীড়া মন্ত্ৰালয়ৰ জাননীৰ প্ৰতি  সঁহাৰি দিয়া নাই৷  ক্ৰীড়া মন্ত্ৰালয়ে বুধবাৰে যৌন নিৰ্যাতনৰ অভিযোগৰ সঁহাৰি দিবলৈ  সংস্থাটোক ৭২  ঘণ্টা সময় বান্ধি দিছিল৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু