--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যাত্ৰীৰ ওপৰত যাত্ৰীয়ে কৰা প্ৰস্ৰাৱ কাণ্ডই জোকাৰি আছে এয়াৰ ইণ্ডিয়াক৷ভাৰতৰ চিভিল এভিয়েচন (ডিজিচিএ)য়ে এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ এয়াৰ ইণ্ডিয়াৰ বিমানৰ ভিতৰত এজন যাত্ৰীয়ে মূত্ৰ ত্যাগ কৰাৰ ঘটনাৰ পিছতে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে৷  

 টাটাৰ মালিকানাধীন এয়াৰলাইনছটোৰ ওপৰত ডিজিচিএই  জৰিমনা আৰোপ কৰাৰ লগতে  পাইলটৰ অনুজ্ঞাপত্ৰও নিলম্বন কৰিছে। ঘটনাটোত অভিযুক্ত শংকৰ মিশ্ৰাই নিউয়ৰ্ক-দিল্লী বিমানত এগৰাকী মহিলা যাত্ৰীৰ ওপৰত মূত্ৰ ত্যাগ কৰাৰ পিছত  এই সিদ্ধান্ত লোৱা হৈছে। ঘটনাটো ২৬ নৱেম্বৰ, ২০২২ ত  সংঘটিত হৈছিল৷প্ৰায় এমাহৰ  পিছত ডিজিচিএক ঘটনাটো জনোৱা হৈছিল। ডিজিচিএ-য়ে আগতে মেচাৰ্ছ এয়াৰ ইণ্ডিয়াৰ একাউণ্টেবল মেনেজাৰ, মেচাৰ্ছ এয়াৰ ইণ্ডিয়াৰ ইন-ফ্লাইট চাৰ্ভিচেছৰ সঞ্চালক আৰু সেই বিমানখনৰ সকলো পাইলট আৰু কেবিন ক্ৰু সদস্যক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল ৷ 

যোৱা কেইদিনমানৰ পৰা চলোৱা তদন্তৰ  পিছত ডিজিচিএয়ে এয়াৰ ইণ্ডিয়াৰ ওপৰত ৩০  লাখ টকাৰ জৰিমনা আৰোপ কৰিছে আৰু পাইলটৰ অনুজ্ঞাপত্ৰও নিলম্বন কৰিছে।  ডিজিচিএয়ে বিমানত উচ্ছৃংখল যাত্ৰীৰ আচৰণৰ বাবে এয়াৰলাইনক শাস্তি বিহাৰ এয়াই প্ৰথম ঘটনা।  দায়িত্ব পালন কৰাত বিফল হোৱাৰ বাবে তিনি মাহৰ  বাবে উক্ত বিমানখনৰ পাইলট-ইন-কমাণ্ডৰ অনুজ্ঞাপত্ৰ নিলম্বন।

তদুপৰি, এয়াৰ ইণ্ডিয়াই শংকৰ মিশ্ৰাৰ বিৰুদ্ধে  চাৰি মাহৰ উৰণ নিষেধাজ্ঞা আৰোপ কৰিছে৷ উল্লেখ্য যে ২৬ নৱেম্বৰত শংকৰৰ বিৰুদ্ধে নিউয়ৰ্ক-দিল্লীৰ এখন বিমানৰ বিজনেছ ক্লাছত এগৰাকী বৃদ্ধা মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক