--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যাত্ৰীৰ ওপৰত যাত্ৰীয়ে কৰা প্ৰস্ৰাৱ কাণ্ডই জোকাৰি আছে এয়াৰ ইণ্ডিয়াক৷ভাৰতৰ চিভিল এভিয়েচন (ডিজিচিএ)য়ে এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ এয়াৰ ইণ্ডিয়াৰ বিমানৰ ভিতৰত এজন যাত্ৰীয়ে মূত্ৰ ত্যাগ কৰাৰ ঘটনাৰ পিছতে এনে পদক্ষেপ গ্ৰহণ কৰা হৈছে৷  

 টাটাৰ মালিকানাধীন এয়াৰলাইনছটোৰ ওপৰত ডিজিচিএই  জৰিমনা আৰোপ কৰাৰ লগতে  পাইলটৰ অনুজ্ঞাপত্ৰও নিলম্বন কৰিছে। ঘটনাটোত অভিযুক্ত শংকৰ মিশ্ৰাই নিউয়ৰ্ক-দিল্লী বিমানত এগৰাকী মহিলা যাত্ৰীৰ ওপৰত মূত্ৰ ত্যাগ কৰাৰ পিছত  এই সিদ্ধান্ত লোৱা হৈছে। ঘটনাটো ২৬ নৱেম্বৰ, ২০২২ ত  সংঘটিত হৈছিল৷প্ৰায় এমাহৰ  পিছত ডিজিচিএক ঘটনাটো জনোৱা হৈছিল। ডিজিচিএ-য়ে আগতে মেচাৰ্ছ এয়াৰ ইণ্ডিয়াৰ একাউণ্টেবল মেনেজাৰ, মেচাৰ্ছ এয়াৰ ইণ্ডিয়াৰ ইন-ফ্লাইট চাৰ্ভিচেছৰ সঞ্চালক আৰু সেই বিমানখনৰ সকলো পাইলট আৰু কেবিন ক্ৰু সদস্যক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল ৷ 

যোৱা কেইদিনমানৰ পৰা চলোৱা তদন্তৰ  পিছত ডিজিচিএয়ে এয়াৰ ইণ্ডিয়াৰ ওপৰত ৩০  লাখ টকাৰ জৰিমনা আৰোপ কৰিছে আৰু পাইলটৰ অনুজ্ঞাপত্ৰও নিলম্বন কৰিছে।  ডিজিচিএয়ে বিমানত উচ্ছৃংখল যাত্ৰীৰ আচৰণৰ বাবে এয়াৰলাইনক শাস্তি বিহাৰ এয়াই প্ৰথম ঘটনা।  দায়িত্ব পালন কৰাত বিফল হোৱাৰ বাবে তিনি মাহৰ  বাবে উক্ত বিমানখনৰ পাইলট-ইন-কমাণ্ডৰ অনুজ্ঞাপত্ৰ নিলম্বন।

তদুপৰি, এয়াৰ ইণ্ডিয়াই শংকৰ মিশ্ৰাৰ বিৰুদ্ধে  চাৰি মাহৰ উৰণ নিষেধাজ্ঞা আৰোপ কৰিছে৷ উল্লেখ্য যে ২৬ নৱেম্বৰত শংকৰৰ বিৰুদ্ধে নিউয়ৰ্ক-দিল্লীৰ এখন বিমানৰ বিজনেছ ক্লাছত এগৰাকী বৃদ্ধা মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু