--°C
Loading...
Listen to Article
2 min read
80%


পশ্চিমবংগ : ৰাজনীতিত সুযোগ সন্ধানী নেতাৰ অভাৱ নাই। বিগত বিধানসভা নিৰ্বাচনতো পশ্চিমবংগত এনে সুযোগ সন্ধানী নেতাৰ উজান উঠিছিল।টোপ গিলি বহু তৃণমূল কংগ্ৰেছৰ নেতাই যোগ দিছিল বিজেপি দলত। কিছুসংখ্যক নিৰ্বাচিত হৈ আহিছিল বিধায়ক হিচাপেও।

কিন্তু সময়ে সেইসকলৰ অংক ভুল বুলি প্ৰমাণ কৰি দিলে।জনতাই স্পষ্ট সমৰ্থন আগবঢ়ালে মমতা বেনাৰ্জীৰ প্ৰতি। লগে লগেই সলনি হ’ল দলত্যাগ কৰি বিজেপিত যোগ দিয়া তৃণমূল কংগ্ৰেছৰ কিছুসংখ্যক নেতাৰ মন। পাভলুটি মাৰি সেইসকল উভতি আহিল পুনৰ আগৰ স্থানলৈবিগত চাৰি মাহত এইদৰে পুনৰ আগৰ দললৈ অৰ্থাৎ তৃণমূল কংগ্ৰেছলৈ উভতি অহা বিজেপি বিধায়কৰ সংখ্যা ৪ গৰাকী। কাজেই অসন্তুষ্ট হৈ পৰিছে বিজেপিৰ নেতাসকল। সোমবাৰে কোচবিহাৰ সমষ্টিৰ বিজেপি বিধায়ক নিখিল ৰঞ্জন দেই ক্ষোভ উজাৰে খোদ নিজৰ দলীয় নেতৃত্বৰ প্ৰতিয়েই। তেওঁ কয় যে তৃণমূলৰ নেতাসকলক বিজেপিত অন্তৰ্ভুক্ত কৰি ভুল কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই।

এইসকলক দলত স্থান নিদিলে ৰাজ্যখনৰ হৈ যোৱা বিধানসভা নিৰ্বাচনত দলৰ প্ৰদৰ্শন অধিক উন্নত হ’লহেঁতেন বুলিও দাবী কৰে দেই।কোচবিহাৰ চহৰত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে এইসকল নেতাই কাহানিও বিজেপি দলৰ আদৰ্শৰ সৈতে একাত্মবোধ কৰিব পৰা নাই।এইসকল নেতাই বিজেপি শাসনলৈ আহিব বুলি অনুমান কৰিয়েই দল ত্যাগ কৰি বিজেপিত যোগ দিছিল। দলীয় আদৰ্শৰ প্ৰতি তেওঁলোক আনুগত্যশীল হোৱা নাছিল বুলিও ক্ষোভ উজাৰে তেওঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য