--°C
Loading...
Listen to Article
2 min read
80%


পশ্চিমবংগ : ৰাজনীতিত সুযোগ সন্ধানী নেতাৰ অভাৱ নাই। বিগত বিধানসভা নিৰ্বাচনতো পশ্চিমবংগত এনে সুযোগ সন্ধানী নেতাৰ উজান উঠিছিল।টোপ গিলি বহু তৃণমূল কংগ্ৰেছৰ নেতাই যোগ দিছিল বিজেপি দলত। কিছুসংখ্যক নিৰ্বাচিত হৈ আহিছিল বিধায়ক হিচাপেও।

কিন্তু সময়ে সেইসকলৰ অংক ভুল বুলি প্ৰমাণ কৰি দিলে।জনতাই স্পষ্ট সমৰ্থন আগবঢ়ালে মমতা বেনাৰ্জীৰ প্ৰতি। লগে লগেই সলনি হ’ল দলত্যাগ কৰি বিজেপিত যোগ দিয়া তৃণমূল কংগ্ৰেছৰ কিছুসংখ্যক নেতাৰ মন। পাভলুটি মাৰি সেইসকল উভতি আহিল পুনৰ আগৰ স্থানলৈবিগত চাৰি মাহত এইদৰে পুনৰ আগৰ দললৈ অৰ্থাৎ তৃণমূল কংগ্ৰেছলৈ উভতি অহা বিজেপি বিধায়কৰ সংখ্যা ৪ গৰাকী। কাজেই অসন্তুষ্ট হৈ পৰিছে বিজেপিৰ নেতাসকল। সোমবাৰে কোচবিহাৰ সমষ্টিৰ বিজেপি বিধায়ক নিখিল ৰঞ্জন দেই ক্ষোভ উজাৰে খোদ নিজৰ দলীয় নেতৃত্বৰ প্ৰতিয়েই। তেওঁ কয় যে তৃণমূলৰ নেতাসকলক বিজেপিত অন্তৰ্ভুক্ত কৰি ভুল কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই।

এইসকলক দলত স্থান নিদিলে ৰাজ্যখনৰ হৈ যোৱা বিধানসভা নিৰ্বাচনত দলৰ প্ৰদৰ্শন অধিক উন্নত হ’লহেঁতেন বুলিও দাবী কৰে দেই।কোচবিহাৰ চহৰত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে এইসকল নেতাই কাহানিও বিজেপি দলৰ আদৰ্শৰ সৈতে একাত্মবোধ কৰিব পৰা নাই।এইসকল নেতাই বিজেপি শাসনলৈ আহিব বুলি অনুমান কৰিয়েই দল ত্যাগ কৰি বিজেপিত যোগ দিছিল। দলীয় আদৰ্শৰ প্ৰতি তেওঁলোক আনুগত্যশীল হোৱা নাছিল বুলিও ক্ষোভ উজাৰে তেওঁ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক