--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্কঃ পুনৰাই বৃদ্ধি পাইছে কৃষক আন্দোলনৰ তীব্ৰতা। ঠায়ে ঠায়ে প্ৰতিবাদী কৃষকে বহুৱাইছে মহাপঞ্চায়ত। আজিও এনে এক মহাপঞ্চায়ত অনুষ্ঠিত কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে কৃষকসকলে।পৰিকল্পনা আছে ক্ষুদ্ৰ সচিবালয় অৱৰোধ কৰাৰ। আৰু কৃষকৰ এই প্ৰস্তুতিয়ে ত্ৰস্তমান কৰি তুলিছে হাৰিয়াণা চৰকাৰক। মহাপঞ্চায়ত অনুষ্ঠিত হ’বলগীয়া কৰ্ণালত নিয়োগ কৰা হৈছে সহস্ৰাধিক সুৰক্ষা কৰ্মীক।

হাৰিয়ানা আৰক্ষীৰ বিশাল এটি বাহিনী নিয়োগ কৰা হৈছে অনাজ মাণ্ডীতো। এই অনাজ মাণ্ডীৰ পৰাই কৃষকসকল ক্ষুদ্ৰ সচিবালয় অৱৰোধৰ উদ্দেশ্যে আগুৱাই যোৱাৰ কথা।
ইফালে হাৰিয়ানা বি কে ইউৰ মূৰব্বী গুৰনাম সিঙ চাদুনীয়ে অনাজ মাণ্ডীত শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ আহ্বান জনাইছে।“ মই সকলোকে শান্তিপূৰ্ণভাৱে মাণ্ডিত একত্ৰিত হ’বলৈ অনুৰোধ জনাইছো। আমি আৰক্ষীয়ে আমাক মাণ্ডীত একত্ৰিত হোৱাৰ অনুমতি প্ৰদান কৰিব বুলি জানিবলৈ পাইছো। আমাৰ পৰৱৰ্তী কাৰ্যপন্থা সম্পৰ্কে মহাপঞ্চায়ততে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব”।খবৰ অনুসৰি গুৰনাম সিঙ চাদুনীৰ এই আহ্বানৰ পিছতে হেজাৰ হেজাৰ কৃষক মাণ্ডীত গৈ সমবেত হৈছে।কৃষক নেতা ৰাকেশ টিকাইতো উপস্থিত হৈছেগৈ কৰ্ণালত।


শংকিত হাৰিয়াণা চৰকাৰে কুৰুক্ষেত্ৰ, কৈথাল, জিন্দ আৰু পানীপথ জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ কথা ঘোষণা কৰিছে।কৰ্ণাল জিলাত কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ ১০ টা কোম্পানী নিয়োগ কৰা হৈছে। জিলাখনত ১৪৪ ধাৰাৰ অধীনত সান্ধ্য আইনো জাৰি কৰি থোৱা হৈছে। চৰকাৰৰ এই কৃষক বিৰোধী কচৰতেও কিন্তু কৃষকসকলৰ মনোবল হ্ৰাস কৰিব পৰা নাই। হেজাৰ হেজাৰ কৃষকে এতিয়াও কৃষক আইন বাতিল কৰাৰ দাবীত একেই উদ্যম আৰু মনোবলেৰে সমবেত হৈ আছে কৰ্ণাল জিলাত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান