--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্কঃ পুনৰাই বৃদ্ধি পাইছে কৃষক আন্দোলনৰ তীব্ৰতা। ঠায়ে ঠায়ে প্ৰতিবাদী কৃষকে বহুৱাইছে মহাপঞ্চায়ত। আজিও এনে এক মহাপঞ্চায়ত অনুষ্ঠিত কৰাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে কৃষকসকলে।পৰিকল্পনা আছে ক্ষুদ্ৰ সচিবালয় অৱৰোধ কৰাৰ। আৰু কৃষকৰ এই প্ৰস্তুতিয়ে ত্ৰস্তমান কৰি তুলিছে হাৰিয়াণা চৰকাৰক। মহাপঞ্চায়ত অনুষ্ঠিত হ’বলগীয়া কৰ্ণালত নিয়োগ কৰা হৈছে সহস্ৰাধিক সুৰক্ষা কৰ্মীক।

হাৰিয়ানা আৰক্ষীৰ বিশাল এটি বাহিনী নিয়োগ কৰা হৈছে অনাজ মাণ্ডীতো। এই অনাজ মাণ্ডীৰ পৰাই কৃষকসকল ক্ষুদ্ৰ সচিবালয় অৱৰোধৰ উদ্দেশ্যে আগুৱাই যোৱাৰ কথা।
ইফালে হাৰিয়ানা বি কে ইউৰ মূৰব্বী গুৰনাম সিঙ চাদুনীয়ে অনাজ মাণ্ডীত শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ আহ্বান জনাইছে।“ মই সকলোকে শান্তিপূৰ্ণভাৱে মাণ্ডিত একত্ৰিত হ’বলৈ অনুৰোধ জনাইছো। আমি আৰক্ষীয়ে আমাক মাণ্ডীত একত্ৰিত হোৱাৰ অনুমতি প্ৰদান কৰিব বুলি জানিবলৈ পাইছো। আমাৰ পৰৱৰ্তী কাৰ্যপন্থা সম্পৰ্কে মহাপঞ্চায়ততে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব”।খবৰ অনুসৰি গুৰনাম সিঙ চাদুনীৰ এই আহ্বানৰ পিছতে হেজাৰ হেজাৰ কৃষক মাণ্ডীত গৈ সমবেত হৈছে।কৃষক নেতা ৰাকেশ টিকাইতো উপস্থিত হৈছেগৈ কৰ্ণালত।


শংকিত হাৰিয়াণা চৰকাৰে কুৰুক্ষেত্ৰ, কৈথাল, জিন্দ আৰু পানীপথ জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ কথা ঘোষণা কৰিছে।কৰ্ণাল জিলাত কেন্দ্ৰীয় সশস্ত্ৰ বাহিনীৰ ১০ টা কোম্পানী নিয়োগ কৰা হৈছে। জিলাখনত ১৪৪ ধাৰাৰ অধীনত সান্ধ্য আইনো জাৰি কৰি থোৱা হৈছে। চৰকাৰৰ এই কৃষক বিৰোধী কচৰতেও কিন্তু কৃষকসকলৰ মনোবল হ্ৰাস কৰিব পৰা নাই। হেজাৰ হেজাৰ কৃষকে এতিয়াও কৃষক আইন বাতিল কৰাৰ দাবীত একেই উদ্যম আৰু মনোবলেৰে সমবেত হৈ আছে কৰ্ণাল জিলাত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক