--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক হত্যাৰ ষড়যন্ত্ৰ  অভিযোগে দেশৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷  কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাই স্পষ্টভাবে অভিযোগ কৰিছে যে বিজেপিয়ে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে।  

সুৰজেৱালাই দাবী কৰিছে যে গেৰুৱা দলটোৱে কেৱল খাৰ্গেকে নহয় তেওঁৰ পৰিয়ালকো হত্যা কৰাৰ পৰিকল্পনা কৰি আছে। কংগ্ৰেছ নেতাগৰাকীৰ  অভিযোগৰ  পিছতে  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱ ৰাজ বোম্মায়ে  কয় যে চৰকাৰে অভিযোগসমূহ অতি গুৰুত্ব সহকাৰে লৈছে। কংগ্ৰেছ নেতাগৰাকীৰ অভিযোগে নিৰ্বাচনমুখী কৰ্ণাটকত  আলোড়নৰ সৃষ্টি কৰিছে।


কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাই এখন সংবাদমেলত এনে অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে কৰ্ণাটকৰ চিত্ৰপুৰৰ এজন বিজেপি প্ৰাৰ্থীৰ এটা অডিঅ' ক্লিপ পোৱা গৈছে।  ক্লিপটোৰ পৰাই খাৰ্গে আৰু তেওঁৰ পৰিয়ালক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ বিষয়টো পোহৰলৈ অহা বুলি তেওঁ দাবী কৰে৷ সৰজেৱালাই কয় " কৰ্ণাটকত কংগ্ৰেছে যিধৰণে জনসমৰ্থন লাভ কৰি আছে সেয়া দলটো  ক্ষমতালৈ ঘূৰি অহাৰ চিন । গতিকে বিজেপিয়ে  খাৰ্গে আৰু তেওঁৰ গোটেই পৰিয়ালক হত্যা কৰাৰ পৰিকল্পনা কৰিছে।’’

কংগ্ৰেছে সেই বিতৰ্কিত  ক্লিপটো টুইটাৰত শ্বেয়াৰ কৰিছিল।বিজেপি নেতা মণিকান্ত ৰাথোৰে অডিঅ’ ক্লিপত কোৱা শুনা গৈছে  "আমি খাৰ্গেৰ পৰিয়ালটো শেষ কৰি পেলাম,"  ৷ কংগ্ৰেছ  শিবিৰে দাবী কৰিছে  যে মণিকান্তৰ বিৰুদ্ধে ৪০ টা অপৰাধমূলক গোচৰ আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল