--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক হত্যাৰ ষড়যন্ত্ৰ  অভিযোগে দেশৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷  কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাই স্পষ্টভাবে অভিযোগ কৰিছে যে বিজেপিয়ে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে।  

সুৰজেৱালাই দাবী কৰিছে যে গেৰুৱা দলটোৱে কেৱল খাৰ্গেকে নহয় তেওঁৰ পৰিয়ালকো হত্যা কৰাৰ পৰিকল্পনা কৰি আছে। কংগ্ৰেছ নেতাগৰাকীৰ  অভিযোগৰ  পিছতে  কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱ ৰাজ বোম্মায়ে  কয় যে চৰকাৰে অভিযোগসমূহ অতি গুৰুত্ব সহকাৰে লৈছে। কংগ্ৰেছ নেতাগৰাকীৰ অভিযোগে নিৰ্বাচনমুখী কৰ্ণাটকত  আলোড়নৰ সৃষ্টি কৰিছে।


কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাই এখন সংবাদমেলত এনে অভিযোগ উত্থাপন কৰে। তেওঁ দাবী কৰে যে কৰ্ণাটকৰ চিত্ৰপুৰৰ এজন বিজেপি প্ৰাৰ্থীৰ এটা অডিঅ' ক্লিপ পোৱা গৈছে।  ক্লিপটোৰ পৰাই খাৰ্গে আৰু তেওঁৰ পৰিয়ালক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ বিষয়টো পোহৰলৈ অহা বুলি তেওঁ দাবী কৰে৷ সৰজেৱালাই কয় " কৰ্ণাটকত কংগ্ৰেছে যিধৰণে জনসমৰ্থন লাভ কৰি আছে সেয়া দলটো  ক্ষমতালৈ ঘূৰি অহাৰ চিন । গতিকে বিজেপিয়ে  খাৰ্গে আৰু তেওঁৰ গোটেই পৰিয়ালক হত্যা কৰাৰ পৰিকল্পনা কৰিছে।’’

কংগ্ৰেছে সেই বিতৰ্কিত  ক্লিপটো টুইটাৰত শ্বেয়াৰ কৰিছিল।বিজেপি নেতা মণিকান্ত ৰাথোৰে অডিঅ’ ক্লিপত কোৱা শুনা গৈছে  "আমি খাৰ্গেৰ পৰিয়ালটো শেষ কৰি পেলাম,"  ৷ কংগ্ৰেছ  শিবিৰে দাবী কৰিছে  যে মণিকান্তৰ বিৰুদ্ধে ৪০ টা অপৰাধমূলক গোচৰ আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে