--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক নীতিশ ৰানাৰ পত্নী সাচি মাৰৱাহে শেহতীয়াকৈ তেওঁৰ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত দুজন ল’ৰাই তেওঁৰ গাড়ীক ফ’ল’ কৰিছিল আৰু তেওঁ ঘৰলৈ উভতি অহাৰ পথত গাড়ীত খুন্দা মাৰিছিল। এই ঘটনাৰ বিষয়ে তেওঁ ইনষ্টাগ্ৰামত কৈছে। এই ভয়ংকৰ ঘটনাৰ পৰা সাচি ভাগ্যক্ৰমে ৰক্ষা পৰে। দিল্লীৰ দৰে চহৰত দিনৰ পোহৰত ঘটিছে এই চাঞ্চল্যকৰ ঘটনা।

সাচি মাৰৱাহে এই কথাও প্ৰকাশ কৰে যে তেওঁ এই বিষয়ে দিল্লী আৰক্ষীক খবৰ দিবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষী বিষয়াসকলে কোনো সহায় কৰা নাছিল। যেতিয়া তেওঁ অভিযোগ দাখিল কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া আৰক্ষীয়ে সাচিক কয় যে তেওঁ ইতিমধ্যে নিৰাপদে ঘৰ পাইছে গতিকে বিষয়টো এৰি দিব লাগে আৰু পিছৰবাৰ এনেকুৱা হ’লে গাড়ীখনৰ নম্বৰ লিখি থ’ব লাগে।

নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ল’ৰাকেইটাৰ ভিডিঅ’ শ্বেয়াৰ কৰি নীতিশ ৰানাৰ পত্নীয়ে লিখিছে, "দিল্লীৰ আন এটা স্বাভাৱিক দিন, মই কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি আহি আছিলো। তাৰপাছত এই ল'ৰাকেইটাই হঠাতে মোৰ গাড়ীত খুন্দা মাৰিবলৈ ধৰিলে! কিবা কাৰণত, ফ'ল' কৰিছিল আৰু যেতিয়া মই অভিযোগ কৰিছিলো, আৰক্ষীয়ে মোক ফোনত ক'লে, এতিয়া আপুনি নিৰাপদে ঘৰত আছে, বিষয়টো যাবলৈ দিয়ক! পৰৱৰ্তী সময়ত তেওঁলোকৰ বাহনৰ নম্বৰ লিখি ৰাখিব।"

সতী মাৰৱাহে কোৱা কথাবোৰলৈ চালে দিল্লী আৰক্ষীৰ কাম-কাজৰ ধৰণক লৈ বহু প্ৰশ্নৰ উত্থাপন হয়।











FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে