--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক নীতিশ ৰানাৰ পত্নী সাচি মাৰৱাহে শেহতীয়াকৈ তেওঁৰ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত দুজন ল’ৰাই তেওঁৰ গাড়ীক ফ’ল’ কৰিছিল আৰু তেওঁ ঘৰলৈ উভতি অহাৰ পথত গাড়ীত খুন্দা মাৰিছিল। এই ঘটনাৰ বিষয়ে তেওঁ ইনষ্টাগ্ৰামত কৈছে। এই ভয়ংকৰ ঘটনাৰ পৰা সাচি ভাগ্যক্ৰমে ৰক্ষা পৰে। দিল্লীৰ দৰে চহৰত দিনৰ পোহৰত ঘটিছে এই চাঞ্চল্যকৰ ঘটনা।

সাচি মাৰৱাহে এই কথাও প্ৰকাশ কৰে যে তেওঁ এই বিষয়ে দিল্লী আৰক্ষীক খবৰ দিবলৈ চেষ্টা কৰিছিল যদিও আৰক্ষী বিষয়াসকলে কোনো সহায় কৰা নাছিল। যেতিয়া তেওঁ অভিযোগ দাখিল কৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া আৰক্ষীয়ে সাচিক কয় যে তেওঁ ইতিমধ্যে নিৰাপদে ঘৰ পাইছে গতিকে বিষয়টো এৰি দিব লাগে আৰু পিছৰবাৰ এনেকুৱা হ’লে গাড়ীখনৰ নম্বৰ লিখি থ’ব লাগে।

নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত ল’ৰাকেইটাৰ ভিডিঅ’ শ্বেয়াৰ কৰি নীতিশ ৰানাৰ পত্নীয়ে লিখিছে, "দিল্লীৰ আন এটা স্বাভাৱিক দিন, মই কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি আহি আছিলো। তাৰপাছত এই ল'ৰাকেইটাই হঠাতে মোৰ গাড়ীত খুন্দা মাৰিবলৈ ধৰিলে! কিবা কাৰণত, ফ'ল' কৰিছিল আৰু যেতিয়া মই অভিযোগ কৰিছিলো, আৰক্ষীয়ে মোক ফোনত ক'লে, এতিয়া আপুনি নিৰাপদে ঘৰত আছে, বিষয়টো যাবলৈ দিয়ক! পৰৱৰ্তী সময়ত তেওঁলোকৰ বাহনৰ নম্বৰ লিখি ৰাখিব।"

সতী মাৰৱাহে কোৱা কথাবোৰলৈ চালে দিল্লী আৰক্ষীৰ কাম-কাজৰ ধৰণক লৈ বহু প্ৰশ্নৰ উত্থাপন হয়।











FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল