--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চিবিআইয়ে জেৰাৰ বাবে মাতি পঠিয়াইছে৷ আবকাৰী কেলেংকাৰীৰ গোচৰত চিবিআই কাৰ্যালয়লৈ যোৱাৰ আগতে গ্ৰেপ্তাৰৰ আশংকা ব্যক্ত কৰি গ’ল কেজৰিৱালে।কেজৰিৱালে কয়  "যদি বিজেপিয়ে নিৰ্দেশ দিয়ে চিবিআইয়ে মোক গ্ৰেপ্তাৰ কৰিব পাৰে।’’ অৱশ্যে আপৰ মুৰব্বীগৰাকীয়ে লগতে  কয় যে তেওঁ সকলো সম্ভৱ উপায়েৰে তদন্তত সহযোগিতা কৰিব।

কেজৰিৱালে দেওবাৰে পুৱা তেওঁৰ বাসগৃহত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছিল। কালিও তেওঁ দলৰ সাংসদ আৰু বিধায়কসকলৰ সন্মুখত গ্ৰেপ্তাৰ হোৱাৰ আশংকা কৰিছিল। বিজেপিক আক্ৰমণ কৰি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "তেওঁলোকে যিকোনো লোকক কাৰাগাৰত ৰাখিব পাৰে। তেওঁলোকে আনকি নিৰীহ লোককো এৰি নিদিয়ে।’’ তেওঁ এইবুলিও অভিযোগ কৰিছিল যে বিজেপিয়ে এতিয়া  অহংকাৰী আচৰণ কৰি আছে। সংবাদ মাধ্যম, বিচাৰক আৰু উদ্যোগপতিসকলক ভাবুকি দিয়া হৈছে।কেজৰিৱালে লগতে প্ৰশ্ন কৰে "মোক গ্ৰেপ্তাৰ কৰিলে দেশৰ সমস্যা সমাধান হ'ব নেকি?" 

কেজৰিৱালে দেওবাৰে পুৱা  প্ৰায় ১১ বজাত তেওঁৰ বাসগৃহৰ পৰা গৈ চিবিআই কাৰ্যালয়ত উপস্থিত হয়। তেওঁৰ সৈতে আপ শাসিত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো আছে। সমৰ্থকৰ প্ৰতিবাদৰ আশংকাত চিবিআই কাৰ্যালয়ৰ বাহিৰত দিল্লী আৰক্ষীৰ বৃহৎ সংখ্যক কৰ্মী মোতায়েন কৰা হৈছে। জানিব পৰা মতে চিবিআই বিষয়াসকলেদিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক  সোধা-পোছা কৰি আছে ৷ শুক্ৰবাৰে চিবিআইয়ে আবকাৰী কেলেংকাৰীৰ গোচৰত কেজৰিৱালক মাতি পঠিয়াইছিল। গোচৰটোৰ সন্দৰ্ভত আপ নেতা মনীষ চিছোদিয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ