--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ সুৰা কেলেংকাৰীৰ গোচৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চিবিআইয়ে জেৰাৰ বাবে মাতি পঠিয়াইছে৷ আবকাৰী কেলেংকাৰীৰ গোচৰত চিবিআই কাৰ্যালয়লৈ যোৱাৰ আগতে গ্ৰেপ্তাৰৰ আশংকা ব্যক্ত কৰি গ’ল কেজৰিৱালে।কেজৰিৱালে কয়  "যদি বিজেপিয়ে নিৰ্দেশ দিয়ে চিবিআইয়ে মোক গ্ৰেপ্তাৰ কৰিব পাৰে।’’ অৱশ্যে আপৰ মুৰব্বীগৰাকীয়ে লগতে  কয় যে তেওঁ সকলো সম্ভৱ উপায়েৰে তদন্তত সহযোগিতা কৰিব।

কেজৰিৱালে দেওবাৰে পুৱা তেওঁৰ বাসগৃহত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰিছিল। কালিও তেওঁ দলৰ সাংসদ আৰু বিধায়কসকলৰ সন্মুখত গ্ৰেপ্তাৰ হোৱাৰ আশংকা কৰিছিল। বিজেপিক আক্ৰমণ কৰি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "তেওঁলোকে যিকোনো লোকক কাৰাগাৰত ৰাখিব পাৰে। তেওঁলোকে আনকি নিৰীহ লোককো এৰি নিদিয়ে।’’ তেওঁ এইবুলিও অভিযোগ কৰিছিল যে বিজেপিয়ে এতিয়া  অহংকাৰী আচৰণ কৰি আছে। সংবাদ মাধ্যম, বিচাৰক আৰু উদ্যোগপতিসকলক ভাবুকি দিয়া হৈছে।কেজৰিৱালে লগতে প্ৰশ্ন কৰে "মোক গ্ৰেপ্তাৰ কৰিলে দেশৰ সমস্যা সমাধান হ'ব নেকি?" 

কেজৰিৱালে দেওবাৰে পুৱা  প্ৰায় ১১ বজাত তেওঁৰ বাসগৃহৰ পৰা গৈ চিবিআই কাৰ্যালয়ত উপস্থিত হয়। তেওঁৰ সৈতে আপ শাসিত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানো আছে। সমৰ্থকৰ প্ৰতিবাদৰ আশংকাত চিবিআই কাৰ্যালয়ৰ বাহিৰত দিল্লী আৰক্ষীৰ বৃহৎ সংখ্যক কৰ্মী মোতায়েন কৰা হৈছে। জানিব পৰা মতে চিবিআই বিষয়াসকলেদিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক  সোধা-পোছা কৰি আছে ৷ শুক্ৰবাৰে চিবিআইয়ে আবকাৰী কেলেংকাৰীৰ গোচৰত কেজৰিৱালক মাতি পঠিয়াইছিল। গোচৰটোৰ সন্দৰ্ভত আপ নেতা মনীষ চিছোদিয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন