--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক আচৰিত ঘটনাই জোকাৰি গৈছে মধ্য প্ৰদেশক। কোভিডত মৃত্যু হোৱা এজন যুৱক অন্ত্যেষ্টিক্ৰিয়াৰ দুবছৰ পিছত সোঁশৰীৰে ঘৰত উপস্থিত হোৱাৰ কথাই সকলোকে আচৰিত কৰি তুলিছে। মধ্য প্ৰদেশৰ ধাৰ জিলাৰ এজন যুৱকক গুজৰাটৰ এখন চিকিৎসালয়ৰ চিকিৎসকে কোভিডত  মৃত হোৱা বুলি  ঘোষণা কৰিছিল । 

তেওঁৰ মৃতদেহ চিকিৎসালয়ৰ পৰা লৈ যোৱা হৈছিল আৰু অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন  কৰা হৈছিল। কিন্তু প্ৰায় দুবছৰৰ পিছত "মৃত" যুৱকজন ঘৰলৈ উভতি আহিছে! বিগত দুবছৰ ধৰি তেওঁ ক'ত আছিল সেয়া কোনেও ক’ব পৰা নাই।  প্ৰকৃত কাহিনীটো কি সেয়া জানিবলৈ  আৰক্ষীয়ে  অনুসন্ধান আৰম্ভ কৰিছে। আৰক্ষীয়ে কৈছে  যে 'মৃতক'ৰ বিবৃতি শুনাৰ পিছতহে সকলো কথা  স্পষ্ট হ'ব।


৩৫ বছৰীয়া লোকজনৰ সম্পৰ্কীয় ভায়েক  মুকেশ পাতিদাৰে দেওবাৰে সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰে।  তেওঁ কয়  যে কমলেশ নামৰ তেওঁৰ ভাতৃয়ে  শনিবাৰে পুৱা প্ৰায় ৬ বজাত এজন আত্মীয়ৰ ঘৰত উপস্থিত হয়।দুবছৰৰ পিছত তেওঁৰ পৰিয়ালৰ সদস্যসকলে তেওঁক জীয়াই থকা দেখি আচৰিত হৈছে।২০২১ চনত কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছত কমলেশক গুজৰাটৰ বৰোদাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তাতেই তেওঁৰ মৃত্যু হোৱা বুলিও ঘৰলৈ খবৰ আহিছিল। কানৱান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাম সিং ৰাঠৌৰে কয় যে মৃত বুলি কোৱা লোকজনেই এতিয়া ঘৰলৈ উভতি আহিছে।  চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসালয়খনে কৈছিল । 

তাৰ পিছত তেওঁৰ শৰীৰটো তেওঁৰ পৰিয়ালৰ সদস্যসকলে চিকিৎসালয়ৰ পৰা লৈ গৈছিল। তেওঁৰ অন্তিম সংস্কাৰ কানৱান আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত তেওঁৰ গাওঁৰ ঘৰত সম্পন্ন কৰা হৈছিল। "এতিয়া সেই 'মৃত' লোক জনেই ঘৰলৈ উভতি আহিছে!  তেওঁ এতিয়াও কোৱা নাই  যে তেওঁ ইমান দিনে ক'ত আছিল বা যোৱা দুবছৰ ধৰি তেওঁ কি কৰি আছিল। ঘটনাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে। বহুতে এইবুলি সন্দেহ কৰিছে যে কমলেশৰ বুলি হয়তো পৰিয়ালৰ লোকে ভুলতে আন কাৰোবাৰহে মৃতদেহ চমজি লৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন