--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক আচৰিত ঘটনাই জোকাৰি গৈছে মধ্য প্ৰদেশক। কোভিডত মৃত্যু হোৱা এজন যুৱক অন্ত্যেষ্টিক্ৰিয়াৰ দুবছৰ পিছত সোঁশৰীৰে ঘৰত উপস্থিত হোৱাৰ কথাই সকলোকে আচৰিত কৰি তুলিছে। মধ্য প্ৰদেশৰ ধাৰ জিলাৰ এজন যুৱকক গুজৰাটৰ এখন চিকিৎসালয়ৰ চিকিৎসকে কোভিডত  মৃত হোৱা বুলি  ঘোষণা কৰিছিল । 

তেওঁৰ মৃতদেহ চিকিৎসালয়ৰ পৰা লৈ যোৱা হৈছিল আৰু অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন  কৰা হৈছিল। কিন্তু প্ৰায় দুবছৰৰ পিছত "মৃত" যুৱকজন ঘৰলৈ উভতি আহিছে! বিগত দুবছৰ ধৰি তেওঁ ক'ত আছিল সেয়া কোনেও ক’ব পৰা নাই।  প্ৰকৃত কাহিনীটো কি সেয়া জানিবলৈ  আৰক্ষীয়ে  অনুসন্ধান আৰম্ভ কৰিছে। আৰক্ষীয়ে কৈছে  যে 'মৃতক'ৰ বিবৃতি শুনাৰ পিছতহে সকলো কথা  স্পষ্ট হ'ব।


৩৫ বছৰীয়া লোকজনৰ সম্পৰ্কীয় ভায়েক  মুকেশ পাতিদাৰে দেওবাৰে সংবাদ মাধ্যমক এই বিষয়ে অৱগত কৰে।  তেওঁ কয়  যে কমলেশ নামৰ তেওঁৰ ভাতৃয়ে  শনিবাৰে পুৱা প্ৰায় ৬ বজাত এজন আত্মীয়ৰ ঘৰত উপস্থিত হয়।দুবছৰৰ পিছত তেওঁৰ পৰিয়ালৰ সদস্যসকলে তেওঁক জীয়াই থকা দেখি আচৰিত হৈছে।২০২১ চনত কোভিড-১৯ত আক্ৰান্ত হোৱাৰ পিছত কমলেশক গুজৰাটৰ বৰোদাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তাতেই তেওঁৰ মৃত্যু হোৱা বুলিও ঘৰলৈ খবৰ আহিছিল। কানৱান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাম সিং ৰাঠৌৰে কয় যে মৃত বুলি কোৱা লোকজনেই এতিয়া ঘৰলৈ উভতি আহিছে।  চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হোৱা বুলি চিকিৎসালয়খনে কৈছিল । 

তাৰ পিছত তেওঁৰ শৰীৰটো তেওঁৰ পৰিয়ালৰ সদস্যসকলে চিকিৎসালয়ৰ পৰা লৈ গৈছিল। তেওঁৰ অন্তিম সংস্কাৰ কানৱান আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত তেওঁৰ গাওঁৰ ঘৰত সম্পন্ন কৰা হৈছিল। "এতিয়া সেই 'মৃত' লোক জনেই ঘৰলৈ উভতি আহিছে!  তেওঁ এতিয়াও কোৱা নাই  যে তেওঁ ইমান দিনে ক'ত আছিল বা যোৱা দুবছৰ ধৰি তেওঁ কি কৰি আছিল। ঘটনাটোৱে ৰহস্যৰ সৃষ্টি কৰিছে। বহুতে এইবুলি সন্দেহ কৰিছে যে কমলেশৰ বুলি হয়তো পৰিয়ালৰ লোকে ভুলতে আন কাৰোবাৰহে মৃতদেহ চমজি লৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ