--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এখন বিশেষ ৰকেটে চন্দ্ৰত খুন্দা মাৰিব! কি হ’ব পৃথিবীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ? আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী স্পেচএক্সৰ এখন ৰকেট সোনকালেই চন্দ্ৰত খুন্দা মাৰিবলৈ সাজু হৈছে। এই ৰকেটখনৰ গতিবেগ প্ৰতিঘণ্টাত প্ৰায় ৯২৮৮ কিলোমিটাৰ হ’ব বুলি জানিবলৈ পোৱা গৈছে। জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে, ৰকেটখনে ৭ বছৰ আগতে উৎক্ষেপণ কৰা হৈছিল, যিয়ে এটা উপগ্ৰহ কঢ়িয়াই লৈ গৈছিল যি সেই সময়ত মহাকাশৰ জলবায়ু নিৰীক্ষণ কৰিছিল। কিন্তু পাছত ৰকেটখনে চন্দ্ৰৰ ফালে ঘূৰি গৈছিল, মহাকাশৰ কক্ষপথত অৰ্ঘনিশে ঘূৰি আছিল ৰকেটখন। এয়া ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ঘটনা আছিল, যেতিয়া এলন মাস্কৰ কোম্পানী স্পেচএক্সে এটা ফালকন ৯ ৰকেটৰ পৰা মহাকাশলৈ পৰিৱেশ নিৰীক্ষণ কৰা উপগ্ৰহ কঢ়িয়াই আনিছিল। তাৰ পাছত, ৰকেটখনৰ ইন্ধন শেষ হৈ গৈছিল। তেতিয়া ইয়াৰ পৰা ৪৪০০ কিলোগ্ৰাম ওজনৰ ৰকেট বুষ্টাৰটো মহাকাশলৈ গতি কৰি আছিল। এতিয়া বিশ্বাস কৰা হয় যে ২০২২ চনৰ ৪ মাৰ্চত ৰকেটখনে প্ৰতিঘণ্টাত ৯২৮৮ কিলোমিটাৰ বেগত চন্দ্ৰপৃষ্ঠত খুন্দা মাৰিব। নিয়ৰ আৰ্থ অবজেক্টবোৰ ট্ৰেক কৰি এই দাবী উত্থাপন কৰে বিল গ্ৰে-ৰ দ্বাৰা কৰা হৈছে। বিল গ্ৰেয়ে তেওঁৰ ব্লগত লিখিছিল যে, ৫ জানুৱাৰীত চন্দ্ৰৰ কাষত এটা মহাকাশৰ আবৰ্জনা পাৰ হৈ গৈছিল৷ যি ২০২২ চনৰ ৪ মাৰ্চত চন্দ্ৰপৃষ্ঠত খুন্দা মৰাৰ সম্ভাৱনা আছে৷ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ জ্যোতি ৰ্বিজ্ঞানী জনাথন মেকডৱেলে তেওঁৰ টুইটাৰত এই বিষয়ে সদৰী কৰিছিল। তেওঁ লিখিছিল যে, এইটো এটা ডাঙৰ ঘটনা নহয়, কিন্তু ইয়াক চোৱাটোৱে এক আশ্চৰ্যজনক অনুভৱ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান