--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এখন বিশেষ ৰকেটে চন্দ্ৰত খুন্দা মাৰিব! কি হ’ব পৃথিবীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ? আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী স্পেচএক্সৰ এখন ৰকেট সোনকালেই চন্দ্ৰত খুন্দা মাৰিবলৈ সাজু হৈছে। এই ৰকেটখনৰ গতিবেগ প্ৰতিঘণ্টাত প্ৰায় ৯২৮৮ কিলোমিটাৰ হ’ব বুলি জানিবলৈ পোৱা গৈছে। জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে, ৰকেটখনে ৭ বছৰ আগতে উৎক্ষেপণ কৰা হৈছিল, যিয়ে এটা উপগ্ৰহ কঢ়িয়াই লৈ গৈছিল যি সেই সময়ত মহাকাশৰ জলবায়ু নিৰীক্ষণ কৰিছিল। কিন্তু পাছত ৰকেটখনে চন্দ্ৰৰ ফালে ঘূৰি গৈছিল, মহাকাশৰ কক্ষপথত অৰ্ঘনিশে ঘূৰি আছিল ৰকেটখন। এয়া ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ঘটনা আছিল, যেতিয়া এলন মাস্কৰ কোম্পানী স্পেচএক্সে এটা ফালকন ৯ ৰকেটৰ পৰা মহাকাশলৈ পৰিৱেশ নিৰীক্ষণ কৰা উপগ্ৰহ কঢ়িয়াই আনিছিল। তাৰ পাছত, ৰকেটখনৰ ইন্ধন শেষ হৈ গৈছিল। তেতিয়া ইয়াৰ পৰা ৪৪০০ কিলোগ্ৰাম ওজনৰ ৰকেট বুষ্টাৰটো মহাকাশলৈ গতি কৰি আছিল। এতিয়া বিশ্বাস কৰা হয় যে ২০২২ চনৰ ৪ মাৰ্চত ৰকেটখনে প্ৰতিঘণ্টাত ৯২৮৮ কিলোমিটাৰ বেগত চন্দ্ৰপৃষ্ঠত খুন্দা মাৰিব। নিয়ৰ আৰ্থ অবজেক্টবোৰ ট্ৰেক কৰি এই দাবী উত্থাপন কৰে বিল গ্ৰে-ৰ দ্বাৰা কৰা হৈছে। বিল গ্ৰেয়ে তেওঁৰ ব্লগত লিখিছিল যে, ৫ জানুৱাৰীত চন্দ্ৰৰ কাষত এটা মহাকাশৰ আবৰ্জনা পাৰ হৈ গৈছিল৷ যি ২০২২ চনৰ ৪ মাৰ্চত চন্দ্ৰপৃষ্ঠত খুন্দা মৰাৰ সম্ভাৱনা আছে৷ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ জ্যোতি ৰ্বিজ্ঞানী জনাথন মেকডৱেলে তেওঁৰ টুইটাৰত এই বিষয়ে সদৰী কৰিছিল। তেওঁ লিখিছিল যে, এইটো এটা ডাঙৰ ঘটনা নহয়, কিন্তু ইয়াক চোৱাটোৱে এক আশ্চৰ্যজনক অনুভৱ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক