--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ খেলপথাৰৰ উপৰিও ভাৰতীয় ক্ৰিকেট দলৰ খেলুৱৈ বিৰাট কোহলী খেলপথাৰৰ বাহিৰতো যথেষ্ট সৱল। আচলতে বিৰাট কোহলী বিশ্বৰ ভিতৰতে সৰ্বাধিক উপাৰ্জনকাৰী খেলুৱৈসকলৰ ভিতৰত অন্যতম। কিন্তু বিৰাট কোহলীয়ে ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে কিমান টকা লয় জানেনে? আচলতে বিৰাট কোহলীৰ ইনষ্টাগ্ৰাম আৰু ফেচবুকত কোটি কোটি অনুৰাগী আছে। বিৰাট কোহলীৰ ইনষ্টাগ্ৰামত ২৫৬ মিলিয়ন ফল’ৱাৰ আছে। একে সময়তে ফেচবুককে ধৰি অন্যান্য ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো বিৰাট কোহলী জনপ্ৰিয়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিৰাট কোহলীয়ে ইনষ্টাগ্ৰাম পোষ্টৰ বাবে ৮.৯ কোটি টকা লয়। আনহাতে ভাৰতীয় প্ৰাক্তন অধিনায়কগৰাকীয়ে টুইটাৰ পোষ্টৰ বাবে ২.৫ কোটি টকা লয়। ইয়াৰ উপৰিও বিৰাট কোহলীয়ে ১৮টা ব্ৰেণ্ডৰ সৈতে কাম কৰি এদিনীয়া বিজ্ঞাপনৰ বাবে ৭.৫০ কোটিৰ পৰা ১০ কোটি টকাৰ ভিতৰত উপাৰ্জন কৰে। এইদৰে বিৰাট কোহলীক বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী খেলুৱৈৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।

বিৰাট কোহলীৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১০৫০ কোটি। কিন্তু আপুনি জানেনে যে বিৰাট কোহলীৰো বিভিন্ন ক্ৰীড়া দল আছে, য’ত ফুটবল, টেনিছ আৰু মল্লযুঁজাৰুৰ দলো আছে। লগতে বিৰাট কোহলীৰ গুৰুগ্ৰাম আৰু মুম্বাইত এটা বিলাসী ঘৰ আছে। কোৱা হৈছে যে বিৰাট কোহলীৰ গুৰুগ্ৰাম ঘৰৰ মূল্য প্ৰায় ৩৪ কোটি টকা। আনহাতে মুম্বাইত বিৰাট কোহলীৰ বিলাসী ঘৰটোৰ মূল্য প্ৰায় ৮০ কোটি টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক