--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নিলামত নিজ স্বামীক দি চৰ্চাত এহাল দম্পতী৷ সা-সামগ্ৰীৰ দৰে স্বামীক নিলাম কৰাৰ বিজ্ঞাপন দি এগৰাকী মহিলাই সকলোকে একপ্ৰকাৰ স্তম্ভিত কৰি তুলিছে। ছ’চিয়েল মিডিয়াত এই বিষয়টোৱে লাভ কৰিছে ব্যাপক চৰ্চা। মহিলাগৰাকীয়ে তেওঁৰ স্বামীৰ গাৰ বৰণ, উচ্চতা, বৃত্তি, বয়সকে ধৰি সকলো প্ৰয়োজনীয় তথ্য ৱেবছাইটত আপলোড কৰিছে। মহিলাগৰাকীয়ে এই বিজ্ঞাপন প্ৰকাশ কৰাৰ লগতে তুলিছে চৰ্তও৷ মহিলাগৰাকীয়ে লিখে, ‘বিক্ৰী চূড়ান্ত যদিও পাছত কোনো সলনি বা ঘূৰাই লোৱা নহ’ব।’ অৱশ্যে এই ঘটনাৰ আঁৰত আছে অতি মনোৰঞ্জক এটি কাহিনী। আয়াৰলেণ্ডৰ বাসিন্দা এই মহিলাগৰাকীৰ নাম হৈছে লিণ্ডা মেকঅ্যালিষ্টাৰ। মহিলাগৰাকীৰ অভিযোগ অনুসৰি তেওঁৰ স্বামী মেকঅ্যালিষ্টাৰে তেওঁৰ দুই সন্তান আৰু পত্নীক ঘৰত ৰাখি গৰমৰ ছুটীত অকলেই ফুৰিবলৈ গৈ আনন্দেৰে সময় কটাইছিল। উল্লেখ্য যে মহিলাগৰাকীয়ে নিলামৰ বিজ্ঞাপন দিয়াৰ পাছত ১২জন গ্ৰাহকো লাভ কৰাৰ লগতে কিছুসময়ৰ ভিতৰতে কেইবাহাজাৰ টকা দামো উঠা বুলি জানিব পৰা গৈছে। এনে বিজ্ঞাপন সম্পৰ্কত ৱেবছাইটৰ তৰফৰ পৰা কয় যে, ‘কোনো মহিলাই নিজৰ স্বামীক নিলামত দিয়াৰ এনে বিজ্ঞাপন এয়ে প্ৰথম দেখা গৈছে।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু