--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেলিব্ৰিটিসকলৰ খাদ্যপ্ৰণালী কেনেকুৱা সেয়া জানিবলৈ প্ৰায়ে সাধাৰণ মানুহ ব্যগ্ৰ হৈ থাকে। চেলিব্ৰিটি ডায়েট আৰু ফিটনেছ প্ৰণালীয়ে সাধাৰণ মানুহৰ মাজত যথেষ্ট কৌতূহলৰ সৃষ্টি কৰে। এগৰাকী চেলিব্ৰিটিৰ খাদ্য প্ৰণালীয়ে আপোনাক আচৰিত কৰিব পাৰে। কিংবদন্তী ফুটবল খেলুৱৈ ডেভিদ বেকহামে অলপতে তেওঁৰ পত্নী ভিক্টোৰিয়া বেকহামৰ আহাৰৰ কথা সদৰী কৰিছিল। ডেভিদ বেকহামে কৈছিল যে তেওঁৰ পত্নী ভিক্টোৰিয়াই যোৱা ২৫ বছৰ ধৰি একেটা বস্তুকে খাই আছে। পত্নী যেতিয়া ঘৰত নাথাকে তেতিয়া ডেভিদ বেকহামে প্ৰায়ে তেওঁৰ প্ৰিয় আহাৰসমূহৰ সোৱাদ পূৰাদমে লয়। ডেভিদ বেকহামে মাজে মাজে ষ্টিক আৰু ৱাইন উপভোগ কৰে। অৱশ্যে তেওঁ তেওঁৰ পত্নী ভিক্টোৰিয়া বেকহামৰ সৈতে এই আহাৰ ভাগ বতৰা কৰিব নোৱাৰে কিয়নো ভিক্টোৰিয়াই কেৱল একেটা বস্তুকে সদায় খায়। ডেভিদে কয়, "দুৰ্ভাগ্যবশতঃ, মই এনে এগৰাকী নাৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছো যিয়ে যোৱা ২৫ বছৰ ধৰি একেটা বস্তু খাই আছে।" মই যেতিয়াৰে পৰা ভিক্টোৰিয়াক লগ পাইছো তেতিয়াৰে পৰা তেওঁক কেৱল গ্ৰিল কৰা মাছ, ভাপত সিজোৱা পাচলি খোৱা দেখিছোঁ। কেৱল মাত্ৰ এদিনেই মোৰ পত্নী ভিক্টোৰিয়াই নিজৰ কঠোৰ খাদ্য প্ৰণালী ভংগ কৰিছিল, তেতিয়া তেওঁ গৰ্ভৱতী আছিল। সেইদিনা তেওঁ মোৰ প্লেটত থকা কিবা এটা খাইছিল। মোৰ বাবে সেই দিনটো আশ্বৰ্যকৰ দিন আছিল। সেই দিনটো মোৰ প্ৰিয় সন্ধিয়াবোৰৰ এটা আছিল।" ডেভিদ বেকহামে কোৱা এই কথাটো এতিয়া ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে ডেভিদ বেকহামৰ পত্নীৰ উপৰিও ভিক্টোৰিয়া বেকহামৰ আছে নিজা পৰিচয়। ভিক্টোৰিয়া এগৰাকী প্ৰখ্যাত সংগীতশিল্পী। ১৯৯৪ চনত গঠিত হোৱা জনপ্ৰিয় বেণ্ড স্পাইছ গাৰ্লৰ অন্যতম সক্ৰিয় সদস্য আছিল ভিক্টোৰিয়া। ১৯৯৯ চনত ডেভিড বেকহামৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ভিক্টোৰিয়া। চাৰিটা সন্তানৰ সৈতে তেওঁলোকৰ আছে এখন সুখৰ সংসাৰ। আৰু পঢ়কঃ বিধৱা বোৱাৰীৰ বিয়া ধুমধামেৰে পাতিলে শাহু-শহুৰে; বোৱাৰীৰ কন্যাদান কৰিলে শহুৰেকে

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক