--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেলিব্ৰিটিসকলৰ খাদ্যপ্ৰণালী কেনেকুৱা সেয়া জানিবলৈ প্ৰায়ে সাধাৰণ মানুহ ব্যগ্ৰ হৈ থাকে। চেলিব্ৰিটি ডায়েট আৰু ফিটনেছ প্ৰণালীয়ে সাধাৰণ মানুহৰ মাজত যথেষ্ট কৌতূহলৰ সৃষ্টি কৰে। এগৰাকী চেলিব্ৰিটিৰ খাদ্য প্ৰণালীয়ে আপোনাক আচৰিত কৰিব পাৰে। কিংবদন্তী ফুটবল খেলুৱৈ ডেভিদ বেকহামে অলপতে তেওঁৰ পত্নী ভিক্টোৰিয়া বেকহামৰ আহাৰৰ কথা সদৰী কৰিছিল। ডেভিদ বেকহামে কৈছিল যে তেওঁৰ পত্নী ভিক্টোৰিয়াই যোৱা ২৫ বছৰ ধৰি একেটা বস্তুকে খাই আছে। পত্নী যেতিয়া ঘৰত নাথাকে তেতিয়া ডেভিদ বেকহামে প্ৰায়ে তেওঁৰ প্ৰিয় আহাৰসমূহৰ সোৱাদ পূৰাদমে লয়। ডেভিদ বেকহামে মাজে মাজে ষ্টিক আৰু ৱাইন উপভোগ কৰে। অৱশ্যে তেওঁ তেওঁৰ পত্নী ভিক্টোৰিয়া বেকহামৰ সৈতে এই আহাৰ ভাগ বতৰা কৰিব নোৱাৰে কিয়নো ভিক্টোৰিয়াই কেৱল একেটা বস্তুকে সদায় খায়। ডেভিদে কয়, "দুৰ্ভাগ্যবশতঃ, মই এনে এগৰাকী নাৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছো যিয়ে যোৱা ২৫ বছৰ ধৰি একেটা বস্তু খাই আছে।" মই যেতিয়াৰে পৰা ভিক্টোৰিয়াক লগ পাইছো তেতিয়াৰে পৰা তেওঁক কেৱল গ্ৰিল কৰা মাছ, ভাপত সিজোৱা পাচলি খোৱা দেখিছোঁ। কেৱল মাত্ৰ এদিনেই মোৰ পত্নী ভিক্টোৰিয়াই নিজৰ কঠোৰ খাদ্য প্ৰণালী ভংগ কৰিছিল, তেতিয়া তেওঁ গৰ্ভৱতী আছিল। সেইদিনা তেওঁ মোৰ প্লেটত থকা কিবা এটা খাইছিল। মোৰ বাবে সেই দিনটো আশ্বৰ্যকৰ দিন আছিল। সেই দিনটো মোৰ প্ৰিয় সন্ধিয়াবোৰৰ এটা আছিল।" ডেভিদ বেকহামে কোৱা এই কথাটো এতিয়া ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে ডেভিদ বেকহামৰ পত্নীৰ উপৰিও ভিক্টোৰিয়া বেকহামৰ আছে নিজা পৰিচয়। ভিক্টোৰিয়া এগৰাকী প্ৰখ্যাত সংগীতশিল্পী। ১৯৯৪ চনত গঠিত হোৱা জনপ্ৰিয় বেণ্ড স্পাইছ গাৰ্লৰ অন্যতম সক্ৰিয় সদস্য আছিল ভিক্টোৰিয়া। ১৯৯৯ চনত ডেভিড বেকহামৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ভিক্টোৰিয়া। চাৰিটা সন্তানৰ সৈতে তেওঁলোকৰ আছে এখন সুখৰ সংসাৰ। আৰু পঢ়কঃ বিধৱা বোৱাৰীৰ বিয়া ধুমধামেৰে পাতিলে শাহু-শহুৰে; বোৱাৰীৰ কন্যাদান কৰিলে শহুৰেকে

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন