--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমডেল তানিয়া সিঙৰ আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছে মডেল উদ্যোগৰ সকলোকে৷ ইয়াৰ মাজতে  ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছআৰএইচ)ৰ খেলুৱৈ অভিষেক শৰ্মাৰ নাম মডেলগৰাকীৰ আত্মহত্যাৰ সৈতে সাঙোৰ খাই পৰাৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে৷   চুৰাটৰ এগৰাকী বিখ্যাত মডেল তানিয়া সিঙৰ আত্মহত্যাৰ পিছত ক্ৰিকেটাৰ শৰ্মাক  স্থানীয় আৰক্ষীয়ে সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে। তানিয়াৰ আত্মহত্যাৰ পিছত আৰক্ষীয়ে চুৰাটত  এই বিষয়ে তদন্ত আৰম্ভ কৰিছে। অনুসন্ধানত এই কথা পোহৰলৈ আহিছে  ক্ৰিকেটাৰ  অভিষেক  আৰু মডেল তানিয়া সিঙৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। তানিয়াই তেওঁৰ জীৱনৰ শেষ ফোনটো ক্ৰিকেটাৰ শৰ্মাকে কৰিছিল৷


২৮  বছৰীয়া তানিয়াই ফেশ্বন ডিজাইনিং আৰু মডেলিঙৰ ক্ষেত্ৰ খনত কাম কৰিছিল। মডেলগৰাকীৰ  ইনষ্টাগ্ৰামত ১০,০০০ ৰো অধিক অনুসৰণকাৰী আছে। 
দৰাচলতে, মডেল তানিয়াই  ২০ ফেব্ৰুৱাৰীত  তেওঁৰ ঘৰলৈ   উভতি অহাৰ পিছতে চৰম  সিদ্ধান্তটো লৈছিল৷  প্ৰেমজনিত কোনো সংঘাতৰ বাবেই তানিয়াই আত্মহত্যা কৰিলে নেকি সেই বিষয়ত আৰক্ষীয়ে তদন্ত চলাই আছে৷   

 অভিষেক শৰ্মাই বৰ্তমান আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলি আছে। তেওঁ এজন অলৰাউণ্ডাৰ। তেওঁ আই পি এলৰ ৪৭ খন খেলত ১৩৭.৩৮ ৰ ষ্ট্ৰাইক ৰেটত ৮৯৩ ৰাণ সংগ্ৰহ কৰিছে। তেওঁৰ সৰ্বোচ্চ স্ক'ৰ হৈছে ৭৫ ৰাণ। আই পি এলত তেওঁ এতিয়ালৈকে ৪  টা অৰ্ধ-শতক অৰ্জন কৰিছে আৰু ৯ টা উইকেট দখল কৰিছে।  অভিষেকক ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০২২  চনৰ আই পি এলৰ নিলামত ৬.৫  কোটি টকাত ক্ৰয় কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু