--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমডেল তানিয়া সিঙৰ আত্মহত্যাৰ ঘটনাই জোকাৰি গৈছে মডেল উদ্যোগৰ সকলোকে৷ ইয়াৰ মাজতে  ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) ছানৰাইজাৰ্ছ হায়দৰাবাদ (এছআৰএইচ)ৰ খেলুৱৈ অভিষেক শৰ্মাৰ নাম মডেলগৰাকীৰ আত্মহত্যাৰ সৈতে সাঙোৰ খাই পৰাৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে৷   চুৰাটৰ এগৰাকী বিখ্যাত মডেল তানিয়া সিঙৰ আত্মহত্যাৰ পিছত ক্ৰিকেটাৰ শৰ্মাক  স্থানীয় আৰক্ষীয়ে সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে। তানিয়াৰ আত্মহত্যাৰ পিছত আৰক্ষীয়ে চুৰাটত  এই বিষয়ে তদন্ত আৰম্ভ কৰিছে। অনুসন্ধানত এই কথা পোহৰলৈ আহিছে  ক্ৰিকেটাৰ  অভিষেক  আৰু মডেল তানিয়া সিঙৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। তানিয়াই তেওঁৰ জীৱনৰ শেষ ফোনটো ক্ৰিকেটাৰ শৰ্মাকে কৰিছিল৷


২৮  বছৰীয়া তানিয়াই ফেশ্বন ডিজাইনিং আৰু মডেলিঙৰ ক্ষেত্ৰ খনত কাম কৰিছিল। মডেলগৰাকীৰ  ইনষ্টাগ্ৰামত ১০,০০০ ৰো অধিক অনুসৰণকাৰী আছে। 
দৰাচলতে, মডেল তানিয়াই  ২০ ফেব্ৰুৱাৰীত  তেওঁৰ ঘৰলৈ   উভতি অহাৰ পিছতে চৰম  সিদ্ধান্তটো লৈছিল৷  প্ৰেমজনিত কোনো সংঘাতৰ বাবেই তানিয়াই আত্মহত্যা কৰিলে নেকি সেই বিষয়ত আৰক্ষীয়ে তদন্ত চলাই আছে৷   

 অভিষেক শৰ্মাই বৰ্তমান আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলি আছে। তেওঁ এজন অলৰাউণ্ডাৰ। তেওঁ আই পি এলৰ ৪৭ খন খেলত ১৩৭.৩৮ ৰ ষ্ট্ৰাইক ৰেটত ৮৯৩ ৰাণ সংগ্ৰহ কৰিছে। তেওঁৰ সৰ্বোচ্চ স্ক'ৰ হৈছে ৭৫ ৰাণ। আই পি এলত তেওঁ এতিয়ালৈকে ৪  টা অৰ্ধ-শতক অৰ্জন কৰিছে আৰু ৯ টা উইকেট দখল কৰিছে।  অভিষেকক ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০২২  চনৰ আই পি এলৰ নিলামত ৬.৫  কোটি টকাত ক্ৰয় কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement