--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শচীন তেণ্ডুলকাৰ মানেই ক্ৰিকেটপ্ৰেমীৰ মাজত এক শিহৰণ।ক্ৰিকেটত প্ৰতিষ্ঠিত নাম হোৱাৰে পৰা খেলপথাৰত ভৰি দিয়াৰ লগে লগে শচীন তেণ্ডুলকাৰক সম্পূৰ্ণ উৎসাহেৰে ক্ৰীড়াপ্ৰেমীয়ে আদৰি লৈছিল।  শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত অনুৰাগীয়ে শচীনৰ নামত শ্ল’গান দিয়া দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে যে শচীনে ফ্লাইট গেটৰ পৰা প্ৰবেশ কৰিছে, একে সময়তে অনুৰাগীয়ে ক্ৰিকেটাৰজনৰ নামত শ্ল’গান দিবলৈ আৰম্ভ কৰে।অনুৰাগীৰ মৰম আৰু শ্ৰদ্ধা দেখি শচীনে ৰাইজক ধন্যবাদ জনাই সকলোৰে শুভেচ্ছা গ্ৰহণ কৰি কৰমৰ্দন কৰে। 

উল্লেখযোগ্য যে শচীন তেণ্ডুলকাৰে শেহতীয়াকৈ প্ৰথমবাৰৰ বাবে কাশ্মীৰ ভ্ৰমণ কৰি প্ৰকৃতিৰ কোলাত কিছু সময় কটায়। তাতে শচীনে শ্ৰীনগৰ-জম্মু ঘাইপথৰ চৰছুৰ এটা নিৰ্মাণ কাৰখানাত ৰৈ শ্ৰমিকৰ লগত কথা পাতে। তেণ্ডুলকাৰে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত পৰিয়ালৰ সৈতে এই ভ্ৰমণৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

স্মৰ্তব্য যে শচীন টেণ্ডুলকাৰে ক্ৰিকেট কেৰিয়াৰত ৩৪,৩২৭ ৰাণ সংগ্ৰহ কৰিছে। এই সময়ছোৱাত মুঠ ৬৬৪খন মেচ অনুষ্ঠিত হৈছে য’ত ২০০খন টেষ্ট মেচ, ৪৬৩খন এদিনীয়া আৰু এখন টি-২০ মেচ অন্তৰ্ভুক্ত। ক্ৰিকেটৰ ইতিহাসত শতক অৰ্জন কৰা প্ৰথমজন বেটছমেন তেণ্ডুলকাৰ। শচীনে ৫১টা টেষ্ট আৰু ৪৯টা এদিনীয়া শতক অৰ্জন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী