--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শচীন তেণ্ডুলকাৰ মানেই ক্ৰিকেটপ্ৰেমীৰ মাজত এক শিহৰণ।ক্ৰিকেটত প্ৰতিষ্ঠিত নাম হোৱাৰে পৰা খেলপথাৰত ভৰি দিয়াৰ লগে লগে শচীন তেণ্ডুলকাৰক সম্পূৰ্ণ উৎসাহেৰে ক্ৰীড়াপ্ৰেমীয়ে আদৰি লৈছিল।  শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত অনুৰাগীয়ে শচীনৰ নামত শ্ল’গান দিয়া দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে যে শচীনে ফ্লাইট গেটৰ পৰা প্ৰবেশ কৰিছে, একে সময়তে অনুৰাগীয়ে ক্ৰিকেটাৰজনৰ নামত শ্ল’গান দিবলৈ আৰম্ভ কৰে।অনুৰাগীৰ মৰম আৰু শ্ৰদ্ধা দেখি শচীনে ৰাইজক ধন্যবাদ জনাই সকলোৰে শুভেচ্ছা গ্ৰহণ কৰি কৰমৰ্দন কৰে। 

উল্লেখযোগ্য যে শচীন তেণ্ডুলকাৰে শেহতীয়াকৈ প্ৰথমবাৰৰ বাবে কাশ্মীৰ ভ্ৰমণ কৰি প্ৰকৃতিৰ কোলাত কিছু সময় কটায়। তাতে শচীনে শ্ৰীনগৰ-জম্মু ঘাইপথৰ চৰছুৰ এটা নিৰ্মাণ কাৰখানাত ৰৈ শ্ৰমিকৰ লগত কথা পাতে। তেণ্ডুলকাৰে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত পৰিয়ালৰ সৈতে এই ভ্ৰমণৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

স্মৰ্তব্য যে শচীন টেণ্ডুলকাৰে ক্ৰিকেট কেৰিয়াৰত ৩৪,৩২৭ ৰাণ সংগ্ৰহ কৰিছে। এই সময়ছোৱাত মুঠ ৬৬৪খন মেচ অনুষ্ঠিত হৈছে য’ত ২০০খন টেষ্ট মেচ, ৪৬৩খন এদিনীয়া আৰু এখন টি-২০ মেচ অন্তৰ্ভুক্ত। ক্ৰিকেটৰ ইতিহাসত শতক অৰ্জন কৰা প্ৰথমজন বেটছমেন তেণ্ডুলকাৰ। শচীনে ৫১টা টেষ্ট আৰু ৪৯টা এদিনীয়া শতক অৰ্জন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু