--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী বিধায়িকাই বিকিনি পিন্ধি কৰিলে অশ্লীল নৃত্য। নিজৰ সমষ্টিবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ছ’চিয়েল মিডিয়াত এনে ভিডিঅ' আপলোড কৰিছে বিধায়িকাগৰাকীয়ে। বিকিনিৰ সাজত বিধায়িকাক অশ্লীল নৃত্য কৰা দেখি জ্বলি-পকি উঠে সমষ্টিবাসী। সকলোৱে একমুখে গৰিহনা দিয়ে বিধায়িকাগৰাকীৰ কাৰ্যক। 

বিধায়িকাগৰাকীৰ নাম টিয়াৰা মেক।টিয়াৰাই আমেৰিকাৰ ৰোড আইলেণ্ডৰ ৬ নং জিলাক প্ৰতিনিধিত্ব কৰি আছে। তেওঁ ডেম’ক্ৰেটিক পাৰ্টিৰ বিধায়িকা। শেহতীয়াকৈ তেওঁ টিকটকত নিজৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। য'ত তেওঁক বিকিনি পিন্ধা দেখা গৈছিল। ভিডিঅ’টোত টিয়াৰা মেকক এক বিশেষ প্ৰকাৰৰ নৃত্য কৰা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ লিখিছে–''ব্লক আইলেণ্ডত মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা এগৰাকী আশাব্যঞ্জক বিধায়িকা।''

ভিডিঅ'টোৰ শেষত টিয়াৰাই কেমেৰাৰ ওচৰলৈ আহি কৈছিল-''বিধায়িকা টিয়াৰা মেক ভোট দিব।''  ৰোড আইলেণ্ড ষ্টেটৰ বিধায়িকা টিয়াৰা মেকক এই ভিডিঅ’টোৰ বাবে ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনা কৰা হৈছে। ৰাইজৰ এগৰাকী প্ৰতিনিধিক বিকিনি পিন্ধা দেখি ৰাইজৰ উঠে তীব্ৰ খং। 

এগৰাকী ইউজাৰ্চে মন্তব্য কৰে যে ''বিধায়িকা হৈ যদি এনেকুৱা কৰ্মকাণ্ড কৰে তেন্তে বুজা গ'ল যে এই দেশত মহিলাক সন্মান কৰা নহয়।''

ইয়াৰ প্ৰত্যুত্তৰত টিয়াৰা মেকে কয়-''তেনেকুৱা কথা নহয়। মোৰ আইভী লীগৰ ডিগ্ৰী আছে আৰু মই বিধায়িকা পদ চম্ভালি আছো। মোৰ সাজ-পোছাকৰ লগত মোৰ কামৰ কোনো সম্পৰ্ক নাই।'' 

উল্লেখ্য যে টিয়াৰা মেকে ২০২১ চনৰ ৫ জানুৱাৰীত ৰোড আইলেণ্ডৰ চেনেটলৈ নিৰ্বাচিত হোৱাৰ পিছত কাৰ্যভাৰ গ্ৰহণ কৰিছিল। নিৰ্বাচনত তেওঁ ৬০ শতাংশ ভোট লাভ কৰিছিল। নিজকে মহিলা হিচাপে পৰিচয় দিয়া টিয়াৰা মেক প্ৰকৃততে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী এলজিবিটিকিউ কৃষ্ণাংগ ব্যক্তি। ৰাজনৈতিক ক্ষেত্ৰত সফলতাৰে আত্মপ্ৰকাশ কৰাৰ পূৰ্বে টিয়াৰা মেকে দক্ষিণ নিউ ইংলেণ্ডৰ প্লেণ্ড পেৰেণ্টহুডত যুৱ সংগঠন বিশেষজ্ঞ হিচাপে কাম কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি