--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী বিধায়িকাই বিকিনি পিন্ধি কৰিলে অশ্লীল নৃত্য। নিজৰ সমষ্টিবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ ছ’চিয়েল মিডিয়াত এনে ভিডিঅ' আপলোড কৰিছে বিধায়িকাগৰাকীয়ে। বিকিনিৰ সাজত বিধায়িকাক অশ্লীল নৃত্য কৰা দেখি জ্বলি-পকি উঠে সমষ্টিবাসী। সকলোৱে একমুখে গৰিহনা দিয়ে বিধায়িকাগৰাকীৰ কাৰ্যক। 

বিধায়িকাগৰাকীৰ নাম টিয়াৰা মেক।টিয়াৰাই আমেৰিকাৰ ৰোড আইলেণ্ডৰ ৬ নং জিলাক প্ৰতিনিধিত্ব কৰি আছে। তেওঁ ডেম’ক্ৰেটিক পাৰ্টিৰ বিধায়িকা। শেহতীয়াকৈ তেওঁ টিকটকত নিজৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল। য'ত তেওঁক বিকিনি পিন্ধা দেখা গৈছিল। ভিডিঅ’টোত টিয়াৰা মেকক এক বিশেষ প্ৰকাৰৰ নৃত্য কৰা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ লিখিছে–''ব্লক আইলেণ্ডত মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা এগৰাকী আশাব্যঞ্জক বিধায়িকা।''

ভিডিঅ'টোৰ শেষত টিয়াৰাই কেমেৰাৰ ওচৰলৈ আহি কৈছিল-''বিধায়িকা টিয়াৰা মেক ভোট দিব।''  ৰোড আইলেণ্ড ষ্টেটৰ বিধায়িকা টিয়াৰা মেকক এই ভিডিঅ’টোৰ বাবে ছ’চিয়েল মিডিয়াত তীব্ৰ সমালোচনা কৰা হৈছে। ৰাইজৰ এগৰাকী প্ৰতিনিধিক বিকিনি পিন্ধা দেখি ৰাইজৰ উঠে তীব্ৰ খং। 

এগৰাকী ইউজাৰ্চে মন্তব্য কৰে যে ''বিধায়িকা হৈ যদি এনেকুৱা কৰ্মকাণ্ড কৰে তেন্তে বুজা গ'ল যে এই দেশত মহিলাক সন্মান কৰা নহয়।''

ইয়াৰ প্ৰত্যুত্তৰত টিয়াৰা মেকে কয়-''তেনেকুৱা কথা নহয়। মোৰ আইভী লীগৰ ডিগ্ৰী আছে আৰু মই বিধায়িকা পদ চম্ভালি আছো। মোৰ সাজ-পোছাকৰ লগত মোৰ কামৰ কোনো সম্পৰ্ক নাই।'' 

উল্লেখ্য যে টিয়াৰা মেকে ২০২১ চনৰ ৫ জানুৱাৰীত ৰোড আইলেণ্ডৰ চেনেটলৈ নিৰ্বাচিত হোৱাৰ পিছত কাৰ্যভাৰ গ্ৰহণ কৰিছিল। নিৰ্বাচনত তেওঁ ৬০ শতাংশ ভোট লাভ কৰিছিল। নিজকে মহিলা হিচাপে পৰিচয় দিয়া টিয়াৰা মেক প্ৰকৃততে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী এলজিবিটিকিউ কৃষ্ণাংগ ব্যক্তি। ৰাজনৈতিক ক্ষেত্ৰত সফলতাৰে আত্মপ্ৰকাশ কৰাৰ পূৰ্বে টিয়াৰা মেকে দক্ষিণ নিউ ইংলেণ্ডৰ প্লেণ্ড পেৰেণ্টহুডত যুৱ সংগঠন বিশেষজ্ঞ হিচাপে কাম কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন