--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্বৰ জনসংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। যাৰ ফলত ভৱিষ্যতে পৃথিৱীত এক অতি কঠিন পৰিস্থিতিৰ সৃষ্টি হব পাৰে। প্ৰতি বছৰে ১১ জুলাইত বিশ্ব জনসংখ্যা দিৱস পালন কৰি মানুহক উক্ত পৰিস্থিতিৰ প্ৰতি সজাগ কৰা হয়। এই দিনটোৰ জৰিয়তে গণবিস্ফোৰণে পৰিৱেশত কিমান প্ৰভাৱ পেলাইছে আৰু মানৱতাৰ গতি কলৈ গৈ আছে। সেই বিষয়ে মানুহক সজাগ কৰা হয়।

 এই দিনটোৰ আৰম্ভণিৰ আঁৰত এটা সৰু ইতিহাস আছে। ১৯৮৭ চনৰ ১১ জুলাইত বিশ্বৰ জনসংখ্যাই ৫০০ কোটিৰ সীমা অতিক্ৰম কৰিছিল। তাৰ ঠিক দুবছৰৰ পাছত ১৯৮৯ চনত ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীয়ে (UNDP) এই দিনটো প্ৰৱৰ্তন কৰে।

 প্ৰতিবছৰে ১১ জুলাইত সমগ্ৰ বিশ্বতে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। আলোচনা চক্ৰ, আলোচনা সভা, বক্তৃতা, বিভিন্ন ধৰণৰ লেখা ছচিয়েল মিডিয়াত প্ৰকাশ কৰা হয়। এই কাৰ্যসূচীসমূহে জনসংখ্যাৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ প্ৰতি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰে। সেই তালিকাত পৰিয়াল পৰিকল্পনা, মাতৃ স্বাস্থ্য, দৰিদ্ৰতা, লিংগ সমতা, মানৱ অধিকাৰ আদি অন্তৰ্ভুক্ত কৰা হৈছে।

 আনহাতে বিশ্ব বেংকৰ বিশ্ব জনসংখ্যা প্ৰতিবেদন ২০২১ অনুসৰি ২০২১ চনৰ শেষৰ ফালে বিশ্বৰ জনসংখ্যা আছিল প্ৰায় ৭৮৭কোটি। ২০১৯ চনত বিশ্বৰ জনসংখ্যা আছিল প্ৰায় ৭৭০ কোটি। আশা কৰা হৈছে যে এই ক্ৰমান্বয়ে বৃদ্ধিৰ লগে লগে ২০৩০ চনৰ ভিতৰত জনসংখ্যা ৮৫০ কোটি হব। ২০৫০ চনত ই হ’ব প্ৰায় ৯৭০ কোটি। ২০৫০ চনৰ ভিতৰত বিশ্বৰ মাত্ৰ ৯খন দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আধাতকৈ অধিক হব। ইয়াৰ ভিতৰত ভাৰত, পাকিস্তান, নাইজেৰিয়া, ইণ্ডোনেছিয়া, ইজিপ্ত, আমেৰিকা যুক্তৰাষ্ট্ৰ, কংগো গণতান্ত্ৰিক গণৰাজ্য, তাঞ্জানিয়া আদি অন্যতম। ৰাষ্ট্ৰসংঘৰ হিচাপ অনুসৰি ২০২৭ চনৰ ভিতৰত জনসংখ্যাৰ হিচাপত ভাৰতে চীনক অতিক্ৰম কৰিব। তেতিয়া ভাৰত হব বিশ্বৰ সৰ্বাধিক জনবহুল দেশ।

 বৰ্ধিত জনসংখ্যাই সৃষ্টি কৰা সমস্যা নিৰ্মূল কৰাৰ বাবে দ্ৰুত হাৰত হোৱা জনসংখ্যা বৃদ্ধি ৰোধ কৰিবলৈ বহুতো ৰাষ্ট্ৰই কঠোৰ জনসংখ্যা নীতি গ্ৰহণ কৰিছে । চীন দেশে এক সন্তান নীতি কঠোৰ ভাৱে ৰূপায়ণ কৰি দ্ৰুতগতিত জনসংখ্যা বৃদ্ধি ৰোধ কৰিবলৈ সক্ষম হৈছে । ভাৰত চৰকাৰে দুটা সন্তান নীতি ৰূপায়ণ কৰিছে যদিও আজি পৰ্যন্ত সম্পূৰ্ণ সফলতাৰে ৰূপায়ণ কৰিবলৈ সক্ষম হোৱা নাই । আনহাতে কিছুমান ৰাষ্ট্ৰৰ চৰকাৰে দেশৰ প্ৰয়োজনৰ বাবে অধিক সন্তান নীতি ৰূপায়ণৰ লগতে উৎসাহিত কৰাও দেখা যায় । কাৰণ পৰ্যাপ্ত পৰিমাণৰ শ্ৰমিকৰ অভাৱৰ ফলত উৎপাদন কাৰ্যত সমস্যাৰ সন্মুখীন হয়।উন্নত দেশত বৰ্দ্ধিত জনসংখ্যা অৰ্থনৈতিক উন্নয়নৰ বাবে আশীৰ্বাদ স্বৰূপ হয়  কিন্ত অনুন্নত দেশত ক্ষেত্ৰত এয়া এক বৃহৎ প্ৰত্যাহ্বান তথা হেঙাৰ হিচাপে হে গণ্য কৰা হয় । অৰ্থাৎ অৰ্থনৈতিক উন্নয়নত জনসংখ্যাই ইতিবাচক আৰু নেতিবাচক দুয়োপ্ৰকাৰে ভূমিকা পালন কৰিব পাৰে ।

 বৰ্দ্ধিত জনসংখ্যাৰ পৰা সৃষ্টি হোৱা বিভিন্ন সমস্যাসমূহৰ বিষয়ে মানুহৰ মাজত অধিক সজাগতা আৰু সচেতনতা বৃদ্ধিৰ স্বাৰ্থত সমগ্ৰ বিশ্বত আজি‌ দিনটোত বিশ্ব জনসংখ্যা দিৱস পালন কৰি জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি