--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ এগৰাকী ফুটবল খেলুৱৈ। নামটো হৈছে আগতা ইছাবেলা চেণ্টাচো। আগতা এগৰাকী ইটালিয়ান পেছাদাৰী মহিলা ফুটবলাৰ। ফুটবল খেলাৰ উপৰিও তেওঁ ইনষ্টাগ্ৰামত মডেলিং কৰে।

আগতাই ইটালীৰ ভেনিছৰ এটা ফুটবল ক্লাব ভেনেজিয়াৰ হৈ খেলে। উইংগাৰ হিচাপে তেওঁ নিজৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰে। তেওঁ সৰুৰে পৰা এই ক্লাবটোৰ হৈ ফুটবল খেলি আহিছে। তেওঁক ক্লাবৰ বাবে ৯০ নম্বৰৰ জাৰ্চি পিন্ধা দেখা যায়।

খেলপথাৰত তাই ক্লাবৰ জাৰ্চীত যিমান সাৱলীল সিমানেই বিকিনি পিন্ধি ফটো উঠাটো কোনো গুণে কম নহয়। সাগৰৰ পাৰত বিকিনি পিন্ধি প’জ দিয়ে ফটোৰ বাবে। ২৯ বছৰীয়া আগতাই নিয়মীয়াকৈ ইনষ্টাগ্ৰামত ব’ল্ড ফটো পোষ্ট কৰে।

সামাজিক মাধ্যমত আগতাৰ হাজাৰ হাজাৰ অনুৰাগী আছে। বহু অনুৰাগীয়ে দাবী কৰে যে তেওঁ পৃথিৱীৰ আটাইতকৈ ধুনীয়া ফুটবল খেলুৱৈ। ইনষ্টাগ্ৰামতে তেওঁক বিকিনি পিন্ধি ফুটবল খেলি থকাও দেখা গৈছিল।

ফুটবলৰ প্ৰতি আগ্ৰহ আগতাৰ নিজৰ পৰিয়ালৰ পৰাই উদ্ভূত। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে সৰুৰে পৰাই তাইৰ দেউতাক আৰু দুই ভাতৃয়ে ফুটবল খেলিবলৈ উৎসাহিত কৰিছিল। আগতাৰ স্বামী এণ্ড্ৰিয়া মিগলিঅৰিনিও এগৰাকী পেছাদাৰী ফুটবল খেলুৱৈ। এণ্ড্ৰিয়াই আন এটা ইটালিয়ান ক্লাব লভেল'ৰ হৈ খেলে। তেওঁ এজন মিডফিল্ড খেলুৱৈ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু