--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত বিকিনি পিন্ধিব দক্ষিণৰ তাৰকা অভিনেত্ৰী নয়ন্তৰাই। বিয়া পাতি দুটা যমজ সন্তানৰ মাতৃ হৈছে। শেহতীয়াকৈ তেওঁ শ্বাহৰুখ খানৰ কাম কৰিবলৈ উলাইছে। দক্ষিণৰ পৰিচালক এটলীৰ ‘জৱান’ ছবিখনত নয়ন্তৰাক শ্বাহৰুখৰ মুখ্য চৰিত্ৰত দেখা যাব।

শ্বাহৰুখৰ প্ৰথমখন সৰ্বভাৰতীয় ছবি ‘জৱান’। হিন্দীকে ধৰি পাঁচটা ভাষাত মুক্তি পাব ছৱিখন। অনুৰাগীৰ উন্মাদনা ইতিমধ্যে শিখৰত উপনীত হৈছে। কেৱল সেয়াই নহয়, এই বিশেষ ছবিখনৰ বাবে দক্ষিণৰ তাৰকা নয়ন্তৰাই বিশেষ পদক্ষেপ ল’বলৈ ওলাইছে বুলি শুনা গৈছে। শ্বাহৰুখৰ ‘জৱান’ৰ বাবে যোৱা ১৬ বছৰৰ এটা নিয়মৰ অন্ত পেলাইছে অভিনেত্ৰীগৰাকীয়ে।

এটলীৰ ‘জোৱান’ৰ বাবে নয়ন্তৰাই নিজৰ ‘নো বিকিনি’ নিয়ম ভংগ কৰিবলৈ ওলাইছে। দক্ষিণৰ অভিনেত্ৰীগৰাকীক বিগত ১৬ বছৰে কোনো ছবিতে বিকিনি পিন্ধা দেখা নাই। ২০০৭ চনত শেষবাৰৰ বাবে পৰ্দাত বিকিনি পিন্ধি ‘বিলা’ ছবিত দেখা গৈছিল। তেতিয়াৰ পৰা নয়নথাৰাই বিকিনি পিন্ধাৰ পৰা দূৰত্ব বজাই ৰাখিছে। শুনা গৈছে যে অভিনেত্ৰীগৰাকীয়ে ‘জোৱান’ ছবিখনত বিকিনি পিন্ধিবলৈ ওলাইছে। বিকিনি পিন্ধি তেওঁ শ্বাহৰুখৰ স’তে এটা দৃশ্যত অংশ ল’ব। 

উল্লেখ্য যে ‘পথান’ ছবিৰ ‘বেছাৰাম ৰং’ গীতটোত কেইবাখনো আকৰ্ষণীয় বিকিনি পিন্ধি দীপিকা পাডুকনক নচা দেখা গৈছিল। চাৰ্টবিহীন শ্বাহৰুখৰ উপস্থিতিয়ে তাত ৰহন চৰাইছিল।

শুনা যায় যে শ্বাহৰুখ আৰু নয়ন্তৰাই এটলীৰ ‘জৱান’তো 'বেছৰম ৰং’ গীতটোৰ দৰেই দৃশ্যত অভিনয় কৰিবলৈ ওলাইছে। সেই দৃশ্যৰ বাবে দক্ষিণৰ অভিনেত্ৰীগৰাকীয়ে ১৬ বছৰৰ নিয়ম ভংগ কৰি বিকিনি পিন্ধিবলৈ উলাইছে।

শ্বাহৰুখ খানৰ সৰ্বভাৰতীয় ছবি ‘জৱান’ চলিত বৰ্ষৰ জুন মাহত মুক্তি পোৱাৰ কথা আছিল। কিন্তু ছবিখনৰ শ্বুটিং শেষ হোৱাৰ পিছত পোষ্ট প্ৰডাকচন আৰু ভিএফএক্সৰ কামত পলম হোৱাৰ বাবে ছবিখনৰ মুক্তি পলম হ’ব। অক্টোবৰৰ ভিতৰত মুক্তি পাব এটলীৰ ‘জৱান’।

শ্বাহৰুখৰ উপৰিও নয়ন্তৰা, বিজয় সেঠুপতি, সন্যা মালহোত্ৰা, প্ৰিয়মণিয়ে ছবিখনত অভিনয় কৰিছে। ইয়াৰ উপৰিও দক্ষিণৰ তাৰকা থালাপথী বিজয়কো বিশেষ চৰিত্ৰত দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু