--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত বিকিনি পিন্ধিব দক্ষিণৰ তাৰকা অভিনেত্ৰী নয়ন্তৰাই। বিয়া পাতি দুটা যমজ সন্তানৰ মাতৃ হৈছে। শেহতীয়াকৈ তেওঁ শ্বাহৰুখ খানৰ কাম কৰিবলৈ উলাইছে। দক্ষিণৰ পৰিচালক এটলীৰ ‘জৱান’ ছবিখনত নয়ন্তৰাক শ্বাহৰুখৰ মুখ্য চৰিত্ৰত দেখা যাব।

শ্বাহৰুখৰ প্ৰথমখন সৰ্বভাৰতীয় ছবি ‘জৱান’। হিন্দীকে ধৰি পাঁচটা ভাষাত মুক্তি পাব ছৱিখন। অনুৰাগীৰ উন্মাদনা ইতিমধ্যে শিখৰত উপনীত হৈছে। কেৱল সেয়াই নহয়, এই বিশেষ ছবিখনৰ বাবে দক্ষিণৰ তাৰকা নয়ন্তৰাই বিশেষ পদক্ষেপ ল’বলৈ ওলাইছে বুলি শুনা গৈছে। শ্বাহৰুখৰ ‘জৱান’ৰ বাবে যোৱা ১৬ বছৰৰ এটা নিয়মৰ অন্ত পেলাইছে অভিনেত্ৰীগৰাকীয়ে।

এটলীৰ ‘জোৱান’ৰ বাবে নয়ন্তৰাই নিজৰ ‘নো বিকিনি’ নিয়ম ভংগ কৰিবলৈ ওলাইছে। দক্ষিণৰ অভিনেত্ৰীগৰাকীক বিগত ১৬ বছৰে কোনো ছবিতে বিকিনি পিন্ধা দেখা নাই। ২০০৭ চনত শেষবাৰৰ বাবে পৰ্দাত বিকিনি পিন্ধি ‘বিলা’ ছবিত দেখা গৈছিল। তেতিয়াৰ পৰা নয়নথাৰাই বিকিনি পিন্ধাৰ পৰা দূৰত্ব বজাই ৰাখিছে। শুনা গৈছে যে অভিনেত্ৰীগৰাকীয়ে ‘জোৱান’ ছবিখনত বিকিনি পিন্ধিবলৈ ওলাইছে। বিকিনি পিন্ধি তেওঁ শ্বাহৰুখৰ স’তে এটা দৃশ্যত অংশ ল’ব। 

উল্লেখ্য যে ‘পথান’ ছবিৰ ‘বেছাৰাম ৰং’ গীতটোত কেইবাখনো আকৰ্ষণীয় বিকিনি পিন্ধি দীপিকা পাডুকনক নচা দেখা গৈছিল। চাৰ্টবিহীন শ্বাহৰুখৰ উপস্থিতিয়ে তাত ৰহন চৰাইছিল।

শুনা যায় যে শ্বাহৰুখ আৰু নয়ন্তৰাই এটলীৰ ‘জৱান’তো 'বেছৰম ৰং’ গীতটোৰ দৰেই দৃশ্যত অভিনয় কৰিবলৈ ওলাইছে। সেই দৃশ্যৰ বাবে দক্ষিণৰ অভিনেত্ৰীগৰাকীয়ে ১৬ বছৰৰ নিয়ম ভংগ কৰি বিকিনি পিন্ধিবলৈ উলাইছে।

শ্বাহৰুখ খানৰ সৰ্বভাৰতীয় ছবি ‘জৱান’ চলিত বৰ্ষৰ জুন মাহত মুক্তি পোৱাৰ কথা আছিল। কিন্তু ছবিখনৰ শ্বুটিং শেষ হোৱাৰ পিছত পোষ্ট প্ৰডাকচন আৰু ভিএফএক্সৰ কামত পলম হোৱাৰ বাবে ছবিখনৰ মুক্তি পলম হ’ব। অক্টোবৰৰ ভিতৰত মুক্তি পাব এটলীৰ ‘জৱান’।

শ্বাহৰুখৰ উপৰিও নয়ন্তৰা, বিজয় সেঠুপতি, সন্যা মালহোত্ৰা, প্ৰিয়মণিয়ে ছবিখনত অভিনয় কৰিছে। ইয়াৰ উপৰিও দক্ষিণৰ তাৰকা থালাপথী বিজয়কো বিশেষ চৰিত্ৰত দেখা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ