--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিশ্বত মাধুৰীৰ ভাবমূৰ্তি ভাঙিবলৈ নষ্ট কৰিব বিচৰাৰ অভিযোগ উঠিছে নেটফ্লিক্সৰ বিৰুদ্ধে ।  অভিনেত্ৰীগৰাকীক 'কুষ্ঠ-আক্ৰান্ত যৌন কৰ্মী' আখ্যা দিয়াৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে মাধুৰীৰ অনুৰাগীসকল। নেটফ্লিক্সৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণী শুনাইছে এগৰাকী অনুৰাগীয়ে।  মাধুৰী দীক্ষিতক   আমেৰিকান চিটকমৰ এটা খণ্ডত অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে। এজন মাধুৰী-অনুৰাগীয়ে অ'টিটি কৰ্তৃপক্ষলৈ আইনী জাননী প্ৰেৰণ কৰি তেওঁলোকক খণ্ডটো আঁতৰাবলৈ কৈছে।

মিথুন বিজয় কুমাৰ নামৰ অনুৰাগী জনে এনেদৰে আইনী জাননী প্ৰেৰণ কৰিছে।  মৰমৰ  নায়িকাগৰাকীক  অসন্মান কৰাৰ বাবেই তেওঁ  নেটফ্লিক্সলৈ এখন আইনী জাননী প্ৰেৰণ কৰিছে। জাননীখনত 'বিগ বেং থিয়ৰী' নামৰ ধেমেলীয়া অনুষ্ঠানটোৰ এটা খণ্ড প্ৰত্যাহাৰৰ দাবী জনোৱা হৈছে। মিথুনে অভিযোগ কৰিছিল যে অনুষ্ঠানটোত মাধুৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা হৈছিল।

মিথুন পেছাত এজন লেখক আৰু মানৱ অধিকাৰ কৰ্মী। তেওঁ অনুষ্ঠানটোৰ এক বিশেষ সংলাপত আপত্তি কৰিছে, য'ত মাধুৰীক 'কুষ্ঠ-আক্ৰান্ত যৌন কৰ্মী' বুলি কোৱা হৈছে। তেওঁ কয় যে বিশ্বত মাধুৰীৰ ভাবমূৰ্তি কলুষিত কৰাৰ কোনো প্ৰচেষ্টা তেওঁ সহ্য নকৰে। এই 'বিগ বেং থিয়ৰী' কেলিফৰ্ণিয়াত বাস কৰা চাৰিজন বিজ্ঞানীৰ জীৱনৰ ওপৰত আধাৰিত। 

খণ্ডটোত  কুনাল নায়াৰে অভিনয় কৰিছে। অনুষ্ঠানটোৰ দ্বিতীয় চিজনৰ প্ৰথম খণ্ডত হোৱা কথোপকথনৰ সময়ত বলীউডৰ অভিনেত্ৰীসকলৰ প্ৰসংগ আহিছিল। 'কহো না প্যাৰ হে'ৰ মুখ্য গীতত আমিশা পেটেলক দেখি শ্বেলডনে সুধিলে, "এয়া ঐশ্বৰ্য ৰায় নেকি?" শ্বেলডনে কয়, "দৰিদ্ৰসকলৰ মাধুৰী দীক্ষিত"। তাৰ পিছত মোক্ষম বাক্যষাৰ উচ্চাৰিত হয়।খণ্ডটোৰ এজন অভিনেতা  ৰাজেশে কয়, "ঐশ্বৰ্য ৰায় এগৰাকী দেৱী, কিন্তু মাধুৰী দীক্ষিত এগৰাকী কুষ্ঠ আক্ৰান্ত যৌন কৰ্মী। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু