--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  বিশ্বত মাধুৰীৰ ভাবমূৰ্তি ভাঙিবলৈ নষ্ট কৰিব বিচৰাৰ অভিযোগ উঠিছে নেটফ্লিক্সৰ বিৰুদ্ধে ।  অভিনেত্ৰীগৰাকীক 'কুষ্ঠ-আক্ৰান্ত যৌন কৰ্মী' আখ্যা দিয়াৰ পিছতে এতিয়া জাঙুৰ খাই উঠিছে মাধুৰীৰ অনুৰাগীসকল। নেটফ্লিক্সৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ সতৰ্কবাণী শুনাইছে এগৰাকী অনুৰাগীয়ে।  মাধুৰী দীক্ষিতক   আমেৰিকান চিটকমৰ এটা খণ্ডত অপমান কৰাৰ অভিযোগ উত্থাপিত হৈছে। এজন মাধুৰী-অনুৰাগীয়ে অ'টিটি কৰ্তৃপক্ষলৈ আইনী জাননী প্ৰেৰণ কৰি তেওঁলোকক খণ্ডটো আঁতৰাবলৈ কৈছে।

মিথুন বিজয় কুমাৰ নামৰ অনুৰাগী জনে এনেদৰে আইনী জাননী প্ৰেৰণ কৰিছে।  মৰমৰ  নায়িকাগৰাকীক  অসন্মান কৰাৰ বাবেই তেওঁ  নেটফ্লিক্সলৈ এখন আইনী জাননী প্ৰেৰণ কৰিছে। জাননীখনত 'বিগ বেং থিয়ৰী' নামৰ ধেমেলীয়া অনুষ্ঠানটোৰ এটা খণ্ড প্ৰত্যাহাৰৰ দাবী জনোৱা হৈছে। মিথুনে অভিযোগ কৰিছিল যে অনুষ্ঠানটোত মাধুৰীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰা হৈছিল।

মিথুন পেছাত এজন লেখক আৰু মানৱ অধিকাৰ কৰ্মী। তেওঁ অনুষ্ঠানটোৰ এক বিশেষ সংলাপত আপত্তি কৰিছে, য'ত মাধুৰীক 'কুষ্ঠ-আক্ৰান্ত যৌন কৰ্মী' বুলি কোৱা হৈছে। তেওঁ কয় যে বিশ্বত মাধুৰীৰ ভাবমূৰ্তি কলুষিত কৰাৰ কোনো প্ৰচেষ্টা তেওঁ সহ্য নকৰে। এই 'বিগ বেং থিয়ৰী' কেলিফৰ্ণিয়াত বাস কৰা চাৰিজন বিজ্ঞানীৰ জীৱনৰ ওপৰত আধাৰিত। 

খণ্ডটোত  কুনাল নায়াৰে অভিনয় কৰিছে। অনুষ্ঠানটোৰ দ্বিতীয় চিজনৰ প্ৰথম খণ্ডত হোৱা কথোপকথনৰ সময়ত বলীউডৰ অভিনেত্ৰীসকলৰ প্ৰসংগ আহিছিল। 'কহো না প্যাৰ হে'ৰ মুখ্য গীতত আমিশা পেটেলক দেখি শ্বেলডনে সুধিলে, "এয়া ঐশ্বৰ্য ৰায় নেকি?" শ্বেলডনে কয়, "দৰিদ্ৰসকলৰ মাধুৰী দীক্ষিত"। তাৰ পিছত মোক্ষম বাক্যষাৰ উচ্চাৰিত হয়।খণ্ডটোৰ এজন অভিনেতা  ৰাজেশে কয়, "ঐশ্বৰ্য ৰায় এগৰাকী দেৱী, কিন্তু মাধুৰী দীক্ষিত এগৰাকী কুষ্ঠ আক্ৰান্ত যৌন কৰ্মী। "

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ