--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’বলৈ গৈ আছে মানৱ সমাজ৷এই মাহৰ শেষৰ ফালে, এক বিৰল গ্ৰহ সংৰেখনে পৃথিৱীক সৌৰজগতৰ পাঁচটা গ্ৰহ একেলগে চাবলৈ মানৱ জাতি সক্ষম হ’ব৷এই মহাজাগতিক ঘটনা জ্যোতিৰ্বিজ্ঞানীসকলৰ বাবে এক আমোদজনক ঘটনা হ'ব বুলি চিহ্নিত কৰা হৈছে৷

যদিও আকাশত দুটা বা তিনিটা গ্ৰহ দেখা কাৰ্য্যটো স্বাভাৱিক,কিন্তু পাঁচটা গ্ৰহ একেডাল ৰেখাত সংৰেখিত হোৱা ঘটনাটো বিৰল৷এইধৰণৰ পাঁচটা তাৰকা একেডাল ৰেখাতে দেখা পোৱাৰ মহাজাগতিক ঘটনা ২০২২চনৰ লগতে ২০২০ আৰু ২০১৬ চনত সংঘটিত হৈছিল।

তদুপৰি,উত্তৰ গোলাৰ্ধৰ জ্যোতিবিজ্ঞানীসকলে যোৱা বছৰ অৰ্থাৎ ২০২২ চনত বুধ, শুক্ৰ, মঙ্গল, বৃহস্পতি আৰু শনি একেসময়তে চাবলৈ অবিশ্বাস্য সুযোগ পাইছিল।

এই পাঁচটা গ্ৰহ সূৰ্যৰ একেফালে একেলগে সংৰেখিত হ'লে এই ঘটনাক এক জ্যোতিবৈজ্ঞানিক সংৰেখন বুলি কোৱা হয়৷

জানিব পৰা তথ্য অনুসৰি বৃহস্পতি, বুধ, ইউৰেনাছ, মঙ্গল আৰু শুক্ৰ হৈছে পাঁচটা গ্ৰহ যাক নিশা জ্যোতিবিজ্ঞানীসকলে চাব পাৰে।শুক্ৰ গ্ৰহ আকাশত ওপৰলৈ ওলাব বুলি আশা কৰা হৈছে, আনহাতে বুধ আৰু বৃহস্পতি, এই দুটা উজ্জ্বল গ্ৰহক, দিগন্তৰ ওচৰত দেখা যাব আৰু ইউৰেনাছক চাবলৈ দূৰবীক্ষণ যন্ত্ৰৰ প্ৰয়োজন হ'ব। অন্যহাতেদি চন্দ্ৰৰ প্ৰথম চতুৰ্থাংশৰ সৈতে গ্ৰহসমূহৰৰ সংৰেখনৰ বাবে মঙ্গল গ্ৰহ দৃশ্যমান হ'ব লাগে।

আকাশত দেখা পাবলগীয়া ৫ টা গ্ৰহ আকাশৰ এটা ক্ষুদ্ৰ এলেকাত সূৰ্যাস্তৰ ঠিক পিছতে ২৮ মাৰ্চত একেডাল ৰেখাতে সংৰেখিত হ'ব বুলি আশা কৰা হৈছে। এই পাঁচোটা গ্ৰহ পৃথিৱীৰ পৰা সীমিত এলেকাত পৰস্পৰ ইটো গ্ৰহক সিটো গ্ৰহৰ ওচৰত দেখা যাব,কিয়নো গ্ৰহকেইটা মহাকাশত ৫০ ডিগ্ৰী আকাশ অংশত সংৰেখিত হ'ব বুলি জ্যোতিবিজ্ঞানীসকলৰ পৰা লাভ কৰা তথ্যৰ পৰা জানিব পৰা গৈছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু