--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’বলৈ গৈ আছে মানৱ সমাজ৷এই মাহৰ শেষৰ ফালে, এক বিৰল গ্ৰহ সংৰেখনে পৃথিৱীক সৌৰজগতৰ পাঁচটা গ্ৰহ একেলগে চাবলৈ মানৱ জাতি সক্ষম হ’ব৷এই মহাজাগতিক ঘটনা জ্যোতিৰ্বিজ্ঞানীসকলৰ বাবে এক আমোদজনক ঘটনা হ'ব বুলি চিহ্নিত কৰা হৈছে৷

যদিও আকাশত দুটা বা তিনিটা গ্ৰহ দেখা কাৰ্য্যটো স্বাভাৱিক,কিন্তু পাঁচটা গ্ৰহ একেডাল ৰেখাত সংৰেখিত হোৱা ঘটনাটো বিৰল৷এইধৰণৰ পাঁচটা তাৰকা একেডাল ৰেখাতে দেখা পোৱাৰ মহাজাগতিক ঘটনা ২০২২চনৰ লগতে ২০২০ আৰু ২০১৬ চনত সংঘটিত হৈছিল।

তদুপৰি,উত্তৰ গোলাৰ্ধৰ জ্যোতিবিজ্ঞানীসকলে যোৱা বছৰ অৰ্থাৎ ২০২২ চনত বুধ, শুক্ৰ, মঙ্গল, বৃহস্পতি আৰু শনি একেসময়তে চাবলৈ অবিশ্বাস্য সুযোগ পাইছিল।

এই পাঁচটা গ্ৰহ সূৰ্যৰ একেফালে একেলগে সংৰেখিত হ'লে এই ঘটনাক এক জ্যোতিবৈজ্ঞানিক সংৰেখন বুলি কোৱা হয়৷

জানিব পৰা তথ্য অনুসৰি বৃহস্পতি, বুধ, ইউৰেনাছ, মঙ্গল আৰু শুক্ৰ হৈছে পাঁচটা গ্ৰহ যাক নিশা জ্যোতিবিজ্ঞানীসকলে চাব পাৰে।শুক্ৰ গ্ৰহ আকাশত ওপৰলৈ ওলাব বুলি আশা কৰা হৈছে, আনহাতে বুধ আৰু বৃহস্পতি, এই দুটা উজ্জ্বল গ্ৰহক, দিগন্তৰ ওচৰত দেখা যাব আৰু ইউৰেনাছক চাবলৈ দূৰবীক্ষণ যন্ত্ৰৰ প্ৰয়োজন হ'ব। অন্যহাতেদি চন্দ্ৰৰ প্ৰথম চতুৰ্থাংশৰ সৈতে গ্ৰহসমূহৰৰ সংৰেখনৰ বাবে মঙ্গল গ্ৰহ দৃশ্যমান হ'ব লাগে।

আকাশত দেখা পাবলগীয়া ৫ টা গ্ৰহ আকাশৰ এটা ক্ষুদ্ৰ এলেকাত সূৰ্যাস্তৰ ঠিক পিছতে ২৮ মাৰ্চত একেডাল ৰেখাতে সংৰেখিত হ'ব বুলি আশা কৰা হৈছে। এই পাঁচোটা গ্ৰহ পৃথিৱীৰ পৰা সীমিত এলেকাত পৰস্পৰ ইটো গ্ৰহক সিটো গ্ৰহৰ ওচৰত দেখা যাব,কিয়নো গ্ৰহকেইটা মহাকাশত ৫০ ডিগ্ৰী আকাশ অংশত সংৰেখিত হ'ব বুলি জ্যোতিবিজ্ঞানীসকলৰ পৰা লাভ কৰা তথ্যৰ পৰা জানিব পৰা গৈছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক