--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছ’ৰৱে উল্লেখযোগ্য পদক্ষেপ হাতত ল’বলৈ আগবাঢ়িছে। অহা ২৬ মাৰ্চ তাৰিখে জেনেৰেশ্যন-১ নেটৱৰ্ক পদ্ধতিক মহাকাশৰ বুকুত সংৰোপণ কৰিবলৈ ৩৬টা উপগ্ৰহ প্ৰেৰণ হ’ব। ভাৰতীয় ৰকেট এল এম ভি-৩ৰ দ্বাৰা সম্পন্ন কৰা হ’ব এই কাৰ্য।

এই ৩৬টা কৃ্ত্ৰিম উপগ্ৰহ নিৰ্মাণ কৰিছে ইংলেণ্ডৰ ব্ৰডবেণ্ড সেৱা কোম্পানী ৱানৱেবে৷ এইয়া হ’ব ৱানৱেবৰ অষ্টাদশ উপগ্ৰহ উৎক্ষেপন কাৰ্য৷ ইছ’ৰোৰ লন্স ভেয়িকল মাৰ্ক-৩ চমুকৈ এল এম ভি-৩য়ে এই কৃত্ৰিম উপগ্ৰহটি মহাকাশৰ বুকুলৈ কঢ়িয়াই নিব৷

ইতিমধ্যে ইছ’ৰোয়ে জনোৱা মতে, ২৬মাৰ্চ তাৰিখে শ্ৰীহৰি কোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা এল এম ভি-৩য়ে ৩৬টা কৃত্ৰিম উপগ্ৰহৰ সৈতে মহাকাশলৈ উৰা মাৰিব৷

ইছ’ৰোৰ অৰ্থনৈতিক শাখা নিউস্পেছ ইণ্ডিয়া লিমিটেডে জনোৱা অনুসৰি ইছ’ৰোই ৱানৱেবৰ পৰা দুটা ভাগত ৭২টা কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰাৰ বাবদ লৈছে ১,০০০কোটি টকা৷

উল্লেখ্য যে, ২০২২ চনৰ অক্টোবৰ মাহত ইছ’ৰোই ইতিমধ্যেই ৩৬টা কৃত্ৰিম উপগ্ৰহ প্ৰেৰণ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক