--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিলাহী এবিধ অতি জনপ্ৰিয় পাচলি। মানুহৰ মাজত ইয়াৰ সমাদৰ অতি বেছি। বিলাহী পুষ্টিৰ অন্যতম উৎস। বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি থকাৰ উপৰিও ছালফাৰ, পটাছিয়াম,লো, কেলছিয়াম পোৱা যায়।বিলাহী সুস্বাদু আৰু স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী। অসমীয়া মানুহে মাছ, বিলাহীৰ টেঙা জোল খাই বৰ ভাল পায়। দাইলত বিলাহী দিও আমাৰ সমাজত খোৱা হয়। বিলাহী চালাড আৰু ভিন্ন ভাজি-তৰকাৰীত ব্যৱহাৰ হয়।

পকা বিলাহী দেখিবলৈ অতি আকৰ্ষণীয়। বিলাহীৰ বহুতো ঔষধি গুণ আছে।পকা বিলাহী কেচাই খোৱাৰ বাহিৰেও নানা জুতি লগাই বান্ধি খাব পাৰি৷ ই এবিধ পুষ্টিকৰ খাদ্য হোৱাৰ উপৰিও ইয়াৰ বহুতো ঔষধি গুণ আছে৷

বিলাহীৰ স্বাস্থ্য উপকাৰিতা

১) বিলাহীত ভিটামিন A, B1, B2, B3, B5, B6, B9, B12, C, D, K থাকে। যি আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।

২) বিলাহীত থকা লাইকোপিন নামৰ এণ্টিঅক্সিডেণ্টে হৃদযন্ত্ৰক ভালে ৰাখে।

৩) বিলাহী খালে স্তনৰ কেন্সাৰ প্ৰতিৰোধ, পাকস্থলী, বৃহদান্ত্ৰ, বদহজম, জণ্ডিচ ৰোগ আৰু ছালৰ খজুৱতি দূৰ কৰে।

৪) বিলাহী খালে তেজৰ LDL কলেষ্টৰল হ্রাস কৰে আৰু HDL কলেষ্টৰল বৃদ্ধি কৰে।

৫) গ'লব্লাডাৰ পাথৰ হোৱাত ই বাধা দিয়ে। 

৬) বিলাহীত থকা প'টেচিয়ামে ৰক্তচাপ কমাই, প'টেচিয়ামে তেজৰ নলী বহলাই ৰাখে, সেয়ে বিলাহী খালে উচ্চ ৰক্তচাপ কমায়।

৭) বিলাহীত যিহেতু এণ্টিঅক্সিডেণ্ট আৰু প্ৰচুৰ পৰিমাণে ভিটামিন থাকে সেয়ে চুলিৰ বাবেও উপকাৰী। চুলি চিকমিকিয়া আৰু শক্তিশালী কৰি তোলে।

৮) বিলাহীত যিহেতু ভিটামিন A থাকে সেয়ে চকুৰ দৃষ্টি শক্তিৰ বাবে অতি উপকাৰী। চকুৰ ৰোগ সমূহ চকুৰ অসুখ, কুকুৰীকণা আদি প্ৰতিৰোধ কৰে।

৯) বিলাহী ডায়েবেটিজ ৰোগীয়ে নিয়মীয়াকৈ খালে ডায়েবেটিজ ৰোগ কমে।  

১০) বিলাহী খালে শৰীৰ উজ্জ্বল কৰে আৰু কিডনি পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি ব্ৰহ্মপুত্ৰৰ ওপৰত উৰিব ৰাফেল-তেজস, 'মায়াবিনী...'ৰ সুৰত ভাৰতীয় সেনাৰ বৃহৎ এয়াৰ শ্ব' 'সূৰ্যকিৰণ'
নিশা ধিঙত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ; তীব্ৰবেগত মৰা খুন্দাত জ্বলিল এলট্ৰ’জ বাহন
অহা বছৰ ভাৰতলৈ আহিব ড'নাল্ড ট্রাম্প, সাংবাদিকৰ আগত আমেৰিকাৰ ৰাষ্ট্ৰপতি
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে
কচু শাকৰ চমৎকাৰী উপকাৰিতাৰ কথা জানিলে আচৰিত হ'ব আপুনি
মহাকাশলৈ প্ৰেৰণ CMS-03 (GSAT-7R), শত্ৰুৰ প্ৰতিটো খোজৰ ওপৰতে ৰাখিব চকু
কাটিগড়াত শহুৰেকৰ ঘৰত জোঁৱাইক বিহপান কৰোৱাৰ গুৰুতৰ অভিযোগ! হাস্পতালত মৃত্যু জোঁৱাই বিমল দাসৰ