--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিলাহী এবিধ অতি জনপ্ৰিয় পাচলি। মানুহৰ মাজত ইয়াৰ সমাদৰ অতি বেছি। বিলাহী পুষ্টিৰ অন্যতম উৎস। বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি থকাৰ উপৰিও ছালফাৰ, পটাছিয়াম,লো, কেলছিয়াম পোৱা যায়।বিলাহী সুস্বাদু আৰু স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী। অসমীয়া মানুহে মাছ, বিলাহীৰ টেঙা জোল খাই বৰ ভাল পায়। দাইলত বিলাহী দিও আমাৰ সমাজত খোৱা হয়। বিলাহী চালাড আৰু ভিন্ন ভাজি-তৰকাৰীত ব্যৱহাৰ হয়।

পকা বিলাহী দেখিবলৈ অতি আকৰ্ষণীয়। বিলাহীৰ বহুতো ঔষধি গুণ আছে।পকা বিলাহী কেচাই খোৱাৰ বাহিৰেও নানা জুতি লগাই বান্ধি খাব পাৰি৷ ই এবিধ পুষ্টিকৰ খাদ্য হোৱাৰ উপৰিও ইয়াৰ বহুতো ঔষধি গুণ আছে৷

বিলাহীৰ স্বাস্থ্য উপকাৰিতা

১) বিলাহীত ভিটামিন A, B1, B2, B3, B5, B6, B9, B12, C, D, K থাকে। যি আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।

২) বিলাহীত থকা লাইকোপিন নামৰ এণ্টিঅক্সিডেণ্টে হৃদযন্ত্ৰক ভালে ৰাখে।

৩) বিলাহী খালে স্তনৰ কেন্সাৰ প্ৰতিৰোধ, পাকস্থলী, বৃহদান্ত্ৰ, বদহজম, জণ্ডিচ ৰোগ আৰু ছালৰ খজুৱতি দূৰ কৰে।

৪) বিলাহী খালে তেজৰ LDL কলেষ্টৰল হ্রাস কৰে আৰু HDL কলেষ্টৰল বৃদ্ধি কৰে।

৫) গ'লব্লাডাৰ পাথৰ হোৱাত ই বাধা দিয়ে। 

৬) বিলাহীত থকা প'টেচিয়ামে ৰক্তচাপ কমাই, প'টেচিয়ামে তেজৰ নলী বহলাই ৰাখে, সেয়ে বিলাহী খালে উচ্চ ৰক্তচাপ কমায়।

৭) বিলাহীত যিহেতু এণ্টিঅক্সিডেণ্ট আৰু প্ৰচুৰ পৰিমাণে ভিটামিন থাকে সেয়ে চুলিৰ বাবেও উপকাৰী। চুলি চিকমিকিয়া আৰু শক্তিশালী কৰি তোলে।

৮) বিলাহীত যিহেতু ভিটামিন A থাকে সেয়ে চকুৰ দৃষ্টি শক্তিৰ বাবে অতি উপকাৰী। চকুৰ ৰোগ সমূহ চকুৰ অসুখ, কুকুৰীকণা আদি প্ৰতিৰোধ কৰে।

৯) বিলাহী ডায়েবেটিজ ৰোগীয়ে নিয়মীয়াকৈ খালে ডায়েবেটিজ ৰোগ কমে।  

১০) বিলাহী খালে শৰীৰ উজ্জ্বল কৰে আৰু কিডনি পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement