--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিলাহী এবিধ অতি জনপ্ৰিয় পাচলি। মানুহৰ মাজত ইয়াৰ সমাদৰ অতি বেছি।বিলাহী পুষ্টিৰ অন্যতম উৎস। বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি থকাৰ উপৰিও ছালফাৰ, পটাছিয়াম,লো, কেলছিয়াম পোৱা যায়।বিলাহী সুস্বাদু আৰু স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী। অসমীয়া মানুহে মাছ, বিলাহীৰ টেঙা জোল খাই বৰ ভাল পায়। দাইলত বিলাহী দিও আমাৰ সমাজত খোৱা হয়। বিলাহী চালাড আৰু ভিন্ন ভাজি-তৰকাৰীত ব্যৱহাৰ হয়।

পকা বিলাহী দেখিবলৈ অতি আকৰ্ষণীয়। বিলাহীৰ বহুতো ঔষধি গুণ আছে।পকা বিলাহী কেচাই খোৱাৰ বাহিৰেও নানা জুতি লগাই বান্ধি খাব পাৰি৷ ই এবিধ পুষ্টিকৰ খাদ্য হোৱাৰ উপৰিও ইয়াৰ বহুতো ঔষধি গুণ আছে৷

এই বিলাহীয়ে আমাৰ শৰীৰতনো কেনেদৰে উপকাৰ সাধন কৰে ? সেই কথা জানো আহক

বিলাহীৰ স্বাস্থ্য উপকাৰিতা

১) বিলাহীত ভিটামিন A, B1, B2, B3, B5, B6, B9, B12, C, D, K থাকে।

২) বিলাহী খালে শৰীৰ উজ্জ্বল কৰে আৰু কিডনি পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।

৩) বিলাহীত যিহেতু এন্টিঅক্সিডেন্ট আৰু প্ৰচুৰ পৰিমাণে ভিটামিন থাকে সেয়ে চুলিৰ বাবেও উপকাৰী। চুলি চিকমিকিয়া আৰু শক্তিশালী কৰি তোলে।

৪) বিলাহীত থকা প'টেচিয়ামে ৰক্তচাপ কমাই, প'টেচিয়ামে তেজৰ নলী বহলাই ৰাখে, সেয়ে বিলাহী খালে উচ্চ ৰক্তচাপ কমায়।

৫) বিলাহী ডায়েবেটিজ ৰোগীয়ে নিয়মীয়াকৈ খালে ডায়েবেটিজ ৰোগ কমে।  

৬) বিলাহী খালে তেজৰ LDL কলেষ্টৰল হ্রাস কৰে আৰু HDL কলেষ্টৰল বৃদ্ধি কৰে।

৭) বিলাহী খালে স্তনৰ কেন্সাৰ প্ৰতিৰোধ, পাকস্থলী, বৃহদান্ত্ৰ, বদহজম, জণ্ডিচ ৰোগ আৰু ছালৰ খজুৱতি দূৰ কৰে।

৮) বিলাহীত যিহেতু ভিটামিন A থাকে সেয়ে চকুৰ দৃষ্টি শক্তিৰ বাবে অতি উপকাৰী। চকুৰ ৰোগ সমূহ চকুৰ অসুখ, কুকুৰীকণা আদি প্ৰতিৰোধ কৰে।

৯) গ'লব্লাডাৰ পাথৰ হোৱাত ই বাধা দিয়ে। 

১০) বিলাহীত থকা লাইকোপিন নামৰ এন্টিঅক্সিডেণ্টে হৃদ্যন্ত্রক ভালে ৰাখে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু