--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিলাহী এবিধ অতি জনপ্ৰিয় পাচলি। মানুহৰ মাজত ইয়াৰ সমাদৰ অতি বেছি।বিলাহী পুষ্টিৰ অন্যতম উৎস। বিলাহীত প্ৰচুৰ পৰিমাণে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি থকাৰ উপৰিও ছালফাৰ, পটাছিয়াম,লো, কেলছিয়াম পোৱা যায়।বিলাহী সুস্বাদু আৰু স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী। অসমীয়া মানুহে মাছ, বিলাহীৰ টেঙা জোল খাই বৰ ভাল পায়। দাইলত বিলাহী দিও আমাৰ সমাজত খোৱা হয়। বিলাহী চালাড আৰু ভিন্ন ভাজি-তৰকাৰীত ব্যৱহাৰ হয়।

পকা বিলাহী দেখিবলৈ অতি আকৰ্ষণীয়। বিলাহীৰ বহুতো ঔষধি গুণ আছে।পকা বিলাহী কেচাই খোৱাৰ বাহিৰেও নানা জুতি লগাই বান্ধি খাব পাৰি৷ ই এবিধ পুষ্টিকৰ খাদ্য হোৱাৰ উপৰিও ইয়াৰ বহুতো ঔষধি গুণ আছে৷

এই বিলাহীয়ে আমাৰ শৰীৰতনো কেনেদৰে উপকাৰ সাধন কৰে ? সেই কথা জানো আহক

বিলাহীৰ স্বাস্থ্য উপকাৰিতা

১) বিলাহীত ভিটামিন A, B1, B2, B3, B5, B6, B9, B12, C, D, K থাকে।

২) বিলাহী খালে শৰীৰ উজ্জ্বল কৰে আৰু কিডনি পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে।

৩) বিলাহীত যিহেতু এন্টিঅক্সিডেন্ট আৰু প্ৰচুৰ পৰিমাণে ভিটামিন থাকে সেয়ে চুলিৰ বাবেও উপকাৰী। চুলি চিকমিকিয়া আৰু শক্তিশালী কৰি তোলে।

৪) বিলাহীত থকা প'টেচিয়ামে ৰক্তচাপ কমাই, প'টেচিয়ামে তেজৰ নলী বহলাই ৰাখে, সেয়ে বিলাহী খালে উচ্চ ৰক্তচাপ কমায়।

৫) বিলাহী ডায়েবেটিজ ৰোগীয়ে নিয়মীয়াকৈ খালে ডায়েবেটিজ ৰোগ কমে।  

৬) বিলাহী খালে তেজৰ LDL কলেষ্টৰল হ্রাস কৰে আৰু HDL কলেষ্টৰল বৃদ্ধি কৰে।

৭) বিলাহী খালে স্তনৰ কেন্সাৰ প্ৰতিৰোধ, পাকস্থলী, বৃহদান্ত্ৰ, বদহজম, জণ্ডিচ ৰোগ আৰু ছালৰ খজুৱতি দূৰ কৰে।

৮) বিলাহীত যিহেতু ভিটামিন A থাকে সেয়ে চকুৰ দৃষ্টি শক্তিৰ বাবে অতি উপকাৰী। চকুৰ ৰোগ সমূহ চকুৰ অসুখ, কুকুৰীকণা আদি প্ৰতিৰোধ কৰে।

৯) গ'লব্লাডাৰ পাথৰ হোৱাত ই বাধা দিয়ে। 

১০) বিলাহীত থকা লাইকোপিন নামৰ এন্টিঅক্সিডেণ্টে হৃদ্যন্ত্রক ভালে ৰাখে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক