--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ সংসদক গণতন্ত্ৰৰ মন্দিৰ বুলি কোৱা হয়। কিন্তু সংসদত সাংসদসকলে নিজৰ প্ৰতিবাদ প্ৰকাশৰ বাবে অনন্য পদ্ধতি গ্ৰহণ কৰে। বুধবাৰেও সংসদতো এনেধৰণৰ কিবা এটা দেখা গ’ল। দিল্লীত বিলাহীৰ দাম ২০০টকা হৈছেগৈ। বিলাহীৰ বৰ্ধিত মূল্যৰ বিৰুদ্ধে প্ৰতিবাদ প্ৰকাশ কৰিবলৈ আম আদমি পাৰ্টিৰ এগৰাকী সাংসদে বিলাহীৰ মালা পিন্ধি সংসদ ভৱনত উপস্থিত হয়।

বিলাহীৰ মালা পিন্ধি ৰাজ্যসভাৰ ভিতৰত উপস্থিত হয় সাংসদ সুশীল গুপ্তা। গুপ্তাই কয় যে কেন্দ্ৰীয় মন্ত্ৰীক বিলাহী আৰু আদা উপহাৰ দিব। সদনৰ বাহিৰত সুশীল গুপ্তাই কয় যে সমগ্ৰ দেশতে বিলাহীৰ দাম আকাশলংঘী হৈছে। মুদ্ৰাস্ফীতিৰ জুইত জ্বলিছে সাধাৰণ মানুহ, কিন্তু চৰকাৰে কোনো গুৰুত্ব দিয়া নাই।

তেওঁ কয় যে বিলাহীৰ বাহিৰেও ডিজেল-পেট্ৰ’লে ১০০ টকা অতিক্ৰম কৰিছে। ইয়াৰ পিছতো চৰকাৰে মুদ্ৰাস্ফীতিৰ বিষয়ে আলোচনা কৰা নাই, মণিপুৰৰ আলোচনাও কৰা নাই।

গুপ্তাই ক'লে সেইবাবেই এই অলংকাৰ (বিলাহীৰ মালা) পিন্ধি সদনলৈ আহিছো। 

এই সময়ত তেওঁ ডিঙিত পিন্ধা বিলাহীৰ মালা ওপৰলৈ তুলি লৈ ৰাজ্যসভাৰ কেমেৰাতো দেখুৱাইছিল। ৰাজ্যসভাত যেতিয়া গুপ্তাই বিলাহীৰ মালা দেখুৱাই আছিল, তেতিয়া আপৰ সাংসদ ৰাঘৱ চাধাও আগশাৰীত বহি আছিল।

সুশীল গুপ্তাই কয় যে খাদ্য সামগ্ৰীৰ বৰ্ধিত মূল্যৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱালৰ পৰা উত্তৰ বিচাৰিছে। গুপ্তাই কয় যে তেওঁ পীয়ুষ গোৱেলক লগ কৰি বিলাহী আৰু আদাৰ টোপোলা এটা উপহাৰ দিব।

আপৰ সাংসদ সুশীল গুপ্তাই বিলাহীৰ মালা পিন্ধি ৰাজ্যসভালৈ অহাত আপত্তি দৰ্শায় ৰাজ্যসভাৰ অধ্যক্ষই। কাৰো নাম নোলোৱাকৈয়ে তেওঁ কয় যে সদনত আচৰণৰ সীমা আছে আৰু এটা নিৰ্দিষ্ট প্ৰট’কল আছে।

তেওঁ কয়, ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে আমাৰ সদনৰ বহু সন্মানীয় সদস্যই এই সীমা উলংঘা কৰা দেখি মই বেদনা অনুভৱ কৰিছো। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন