--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ সংসদক গণতন্ত্ৰৰ মন্দিৰ বুলি কোৱা হয়। কিন্তু সংসদত সাংসদসকলে নিজৰ প্ৰতিবাদ প্ৰকাশৰ বাবে অনন্য পদ্ধতি গ্ৰহণ কৰে। বুধবাৰেও সংসদতো এনেধৰণৰ কিবা এটা দেখা গ’ল। দিল্লীত বিলাহীৰ দাম ২০০টকা হৈছেগৈ। বিলাহীৰ বৰ্ধিত মূল্যৰ বিৰুদ্ধে প্ৰতিবাদ প্ৰকাশ কৰিবলৈ আম আদমি পাৰ্টিৰ এগৰাকী সাংসদে বিলাহীৰ মালা পিন্ধি সংসদ ভৱনত উপস্থিত হয়।

বিলাহীৰ মালা পিন্ধি ৰাজ্যসভাৰ ভিতৰত উপস্থিত হয় সাংসদ সুশীল গুপ্তা। গুপ্তাই কয় যে কেন্দ্ৰীয় মন্ত্ৰীক বিলাহী আৰু আদা উপহাৰ দিব। সদনৰ বাহিৰত সুশীল গুপ্তাই কয় যে সমগ্ৰ দেশতে বিলাহীৰ দাম আকাশলংঘী হৈছে। মুদ্ৰাস্ফীতিৰ জুইত জ্বলিছে সাধাৰণ মানুহ, কিন্তু চৰকাৰে কোনো গুৰুত্ব দিয়া নাই।

তেওঁ কয় যে বিলাহীৰ বাহিৰেও ডিজেল-পেট্ৰ’লে ১০০ টকা অতিক্ৰম কৰিছে। ইয়াৰ পিছতো চৰকাৰে মুদ্ৰাস্ফীতিৰ বিষয়ে আলোচনা কৰা নাই, মণিপুৰৰ আলোচনাও কৰা নাই।

গুপ্তাই ক'লে সেইবাবেই এই অলংকাৰ (বিলাহীৰ মালা) পিন্ধি সদনলৈ আহিছো। 

এই সময়ত তেওঁ ডিঙিত পিন্ধা বিলাহীৰ মালা ওপৰলৈ তুলি লৈ ৰাজ্যসভাৰ কেমেৰাতো দেখুৱাইছিল। ৰাজ্যসভাত যেতিয়া গুপ্তাই বিলাহীৰ মালা দেখুৱাই আছিল, তেতিয়া আপৰ সাংসদ ৰাঘৱ চাধাও আগশাৰীত বহি আছিল।

সুশীল গুপ্তাই কয় যে খাদ্য সামগ্ৰীৰ বৰ্ধিত মূল্যৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱালৰ পৰা উত্তৰ বিচাৰিছে। গুপ্তাই কয় যে তেওঁ পীয়ুষ গোৱেলক লগ কৰি বিলাহী আৰু আদাৰ টোপোলা এটা উপহাৰ দিব।

আপৰ সাংসদ সুশীল গুপ্তাই বিলাহীৰ মালা পিন্ধি ৰাজ্যসভালৈ অহাত আপত্তি দৰ্শায় ৰাজ্যসভাৰ অধ্যক্ষই। কাৰো নাম নোলোৱাকৈয়ে তেওঁ কয় যে সদনত আচৰণৰ সীমা আছে আৰু এটা নিৰ্দিষ্ট প্ৰট’কল আছে।

তেওঁ কয়, ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে আমাৰ সদনৰ বহু সন্মানীয় সদস্যই এই সীমা উলংঘা কৰা দেখি মই বেদনা অনুভৱ কৰিছো। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস