--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এটা মোবাইল ফোনৰ বাবেই পত্নীয়ে কাঁটা চামুচেৰে আক্ৰমণ কৰিলে স্বামীক। পত্নীয়ে মোবাইল ফোনৰ বাবে কাঁটাচামুচেৰে খুঁচি খুঁচি স্বামীৰ ওঁঠ কাটি পেলায়। শুনিবলৈ আচৰিত যেন লাগিলেও আমাৰ দেশতে সংঘটিত হৈছে এই ঘটনা। মহাৰাষ্ট্ৰৰ ভান্দাৰৰ মাচালৰ খেমৰাজ বাবুৰাও মূল নামৰ ৪০ বছৰীয়া লোকজনে নিজৰ মোবাইল ফোনটো পৰি ভঙাত পত্নীৰ মোবাইল ফোনটো ব্যৱহাৰ কৰিবলৈ লয়।

পত্নীয়ে স্বামী বাবুৰাওক কয় যে মাত্ৰ দুদিনৰ বাবেহে তেওঁৰ মোবাইল ফোনটো ব্যৱহাৰ কৰিবলৈ দিব। কিন্তু দুদিন পাৰ হোৱাৰ পিছতো পত্নীক মোবাইল ফোনটো ওভতাই নিদিলে স্বামীয়ে। ইয়াকে লৈ দুয়োৰে মাজত কাজিয়া হয়। কাজিয়াই ইমানেই চূড়ান্ত ৰূপ লয় যে পত্নীয়ে হাতত কাঁটা চামুচ এখন লৈ স্বামী বাবুৰাওৰ ওঁঠত কেইবাবাৰো আঘাত কৰে। ফলত বাবুৰাওৰ ওঁঠটো কটা যায় আৰু ধাৰষাৰ তেজ ব’বলৈ ধৰে।

আহত খেমৰাজ বাবুৰাও লৰালৰিকৈ লখনদুৰৰ এখন গ্ৰামীণ চিকিৎসালয়লৈ যায় আৰু চিকিৎসা কৰায় নিজক। কটা ওঁঠ জোৰা লগাই প্ৰথমেই বাবুৰাও যায় লখনদুৰ আৰক্ষী থানালৈ। আৰক্ষী থানাত তেওঁ পত্নীৰ বিৰুদ্ধে গোচৰ দিয়ে। বাবুৰাওৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে আক্ৰমণকাৰী পত্নীৰ বিৰুদ্ধে ধাৰা ৩২৪ আৰু ৫০৪ ৰ অধীনত গোচৰ ৰুজু কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক