--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতা বিমানবন্দৰৰ ৰাণৱেত এয়াৰ ইণ্ডিয়াৰ বিমানত খুন্দা মাৰিলে ইণ্ডিগো বিমানে। বুধবাৰে পুৱাৰ ঘটনা এইটো। ৰাণৱেত দুখন বিমান বিপদজনকভাৱে ইটোৱে সিটোৰ ওচৰলৈ অহাৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। অৱশ্যে হতাহতিৰ কোনো খবৰ পোৱা নাই।

কলকাতা বিমানবন্দৰত ৰাণৱেত প্ৰৱেশৰ বাবে ক্লিয়াৰেন্সৰ বাবে অপেক্ষা কৰি থকা এয়াৰ ইণ্ডিয়াৰ এখন বিমানত খুন্দা মাৰে ইণ্ডিগ’ৰ এখন বিমান। ফলত এয়াৰ ইণ্ডিয়া বিমানখনৰ উইংৰ এটা অংশ ভাঙি যায়। ইণ্ডিগো বিমানখনৰ এটা উইংও ক্ষতিগ্ৰস্ত হয়। বিমান নিয়ন্ত্ৰক ডিজিচিএই ইণ্ডিগ’ বিমানখনৰ দুয়োজন পাইলটক সাময়িকভাৱে নিলম্বন কৰিছে। সমগ্ৰ বিষয়টো চোৱাচিতা কৰিবলৈও তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

ডিজিচিএৰ এগৰাকী বিষয়াই সংবাদ মাধ্যম এনডিটিভিক জনাইছে যে আমি বিষয়টোৰ সবিশেষ তদন্তৰ নিৰ্দেশ দিছো। ইণ্ডিগ’ৰ দুয়োজন চালকক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। গ্ৰাউণ্ড ষ্টাফকো জেৰা কৰা হ'ব।'' ইণ্ডিগো বিমানখনত চাৰিটা শিশুকে ধৰি মুঠ ১৩৫ জন যাত্ৰী আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ