--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত নিবনুৱাসকলৰ মাজত যুৱক-যুৱতীৰ অনুপাত ৮৩ শতাংশলৈ বৃদ্ধি পাইছে! আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা (ILO) আৰু ইনষ্টিটিউট ফৰ হিউমেন ডেভেলপমেণ্টে (আই এইচ ডি) যৌথভাৱে এক প্ৰতিবেদন প্ৰকাশ কৰি এই তথ্য পোহৰলৈ আনিছিল। মঙলবাৰে এই প্ৰতিবেদন প্ৰকাশ কৰে দেশৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনে।

প্ৰতিবেদন অনুসৰি দেশৰ নিবনুৱাসকলৰ মাজত শিক্ষিত যুৱকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০০০ চনত এই অনুপাত আছিল ৫৪.২ শতাংশ। ২০২২ চনত এই অনুপাত ৬৫.৭ শতাংশলৈ বৃদ্ধি পায়। বৰ্তমান দেশৰ নিবনুৱাৰ ৭৬.৭ শতাংশ শিক্ষিত যুৱক আৰু ৬২.২ শতাংশ শিক্ষিত যুৱক। পৰিসংখ্যা উল্লেখ কৰি প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ নিবনুৱা সমস্যা ক্ৰমান্বয়ে যুৱ সমাজৰ মাজতে সীমাবদ্ধ হৈ পৰিছে।

প্ৰতিবেদন অনুসৰি ২০০০ চনৰ পৰা ২০১৯ চনৰ ভিতৰত দেশত নিবনুৱাৰ সংখ্যা হ্ৰাস পাইছিল যদিও Covid মহামাৰীৰ সময়ত পুনৰ এই হাৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল। এই সময়ছোৱাত বৃহৎ সংখ্যক শিক্ষিত আৰু পেছাদাৰী লোকে চাকৰি হেৰুৱাইছিল। প্রতিবেদন ওলোৱাৰ পাছত বিৰোধী দলসমূহে কেন্দ্রত নৰেন্দ্র মোডী চৰকাৰক সমালোচনা কৰিবলৈ আৰম্ভ কৰে৷ কংগ্ৰেছ, তৃণমূল, চিপিএমৰ দৰে দলসমূহে যুৱ প্ৰজন্মৰ প্ৰতি উদাসীন বুলি কেন্দ্ৰক সমালোচনা কৰিছে।

যদিও এই সন্দৰ্ভত বিজেপিৰ কোনেও এতিয়ালৈকে মুকলিকৈ কোৱা নাই, তথাপিও কেন্দ্ৰৰ অৰ্থনৈতিক উপদেষ্টাগৰাকীয়ে কয় যে চৰকাৰে সকলো সামাজিক আৰু অৰ্থনৈতিক সমীক্ষাত হস্তক্ষেপ কৰিব বুলি ভবাটো সঠিক নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ