--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত নিবনুৱাসকলৰ মাজত যুৱক-যুৱতীৰ অনুপাত ৮৩ শতাংশলৈ বৃদ্ধি পাইছে! আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থা (ILO) আৰু ইনষ্টিটিউট ফৰ হিউমেন ডেভেলপমেণ্টে (আই এইচ ডি) যৌথভাৱে এক প্ৰতিবেদন প্ৰকাশ কৰি এই তথ্য পোহৰলৈ আনিছিল। মঙলবাৰে এই প্ৰতিবেদন প্ৰকাশ কৰে দেশৰ অৰ্থনৈতিক উপদেষ্টা ভি অনন্ত নাগেশ্বৰনে।

প্ৰতিবেদন অনুসৰি দেশৰ নিবনুৱাসকলৰ মাজত শিক্ষিত যুৱকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০০০ চনত এই অনুপাত আছিল ৫৪.২ শতাংশ। ২০২২ চনত এই অনুপাত ৬৫.৭ শতাংশলৈ বৃদ্ধি পায়। বৰ্তমান দেশৰ নিবনুৱাৰ ৭৬.৭ শতাংশ শিক্ষিত যুৱক আৰু ৬২.২ শতাংশ শিক্ষিত যুৱক। পৰিসংখ্যা উল্লেখ কৰি প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ নিবনুৱা সমস্যা ক্ৰমান্বয়ে যুৱ সমাজৰ মাজতে সীমাবদ্ধ হৈ পৰিছে।

প্ৰতিবেদন অনুসৰি ২০০০ চনৰ পৰা ২০১৯ চনৰ ভিতৰত দেশত নিবনুৱাৰ সংখ্যা হ্ৰাস পাইছিল যদিও Covid মহামাৰীৰ সময়ত পুনৰ এই হাৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল। এই সময়ছোৱাত বৃহৎ সংখ্যক শিক্ষিত আৰু পেছাদাৰী লোকে চাকৰি হেৰুৱাইছিল। প্রতিবেদন ওলোৱাৰ পাছত বিৰোধী দলসমূহে কেন্দ্রত নৰেন্দ্র মোডী চৰকাৰক সমালোচনা কৰিবলৈ আৰম্ভ কৰে৷ কংগ্ৰেছ, তৃণমূল, চিপিএমৰ দৰে দলসমূহে যুৱ প্ৰজন্মৰ প্ৰতি উদাসীন বুলি কেন্দ্ৰক সমালোচনা কৰিছে।

যদিও এই সন্দৰ্ভত বিজেপিৰ কোনেও এতিয়ালৈকে মুকলিকৈ কোৱা নাই, তথাপিও কেন্দ্ৰৰ অৰ্থনৈতিক উপদেষ্টাগৰাকীয়ে কয় যে চৰকাৰে সকলো সামাজিক আৰু অৰ্থনৈতিক সমীক্ষাত হস্তক্ষেপ কৰিব বুলি ভবাটো সঠিক নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ