--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে একেখন বিমানতে যাত্ৰা কৰিছিল কলকাতাৰ এজন ব্যৱসায়ীয়ে। কিন্তু নিৰাপত্তাজনিত কাৰণত তেওঁ ৰে’ল মন্ত্ৰীৰ সৈতে যোগাযোগ কৰিব পৰা নাছিল। গতিকে ব্যৱসায়ীজনে বিমান পৰিচাৰিকাই দিয়া নেপকিনত নিজৰ প্ৰস্তাৱ লিখি অশ্বিনী বৈষ্ণৱলৈ পঠিয়াই দিলে। আশ্চৰ্যজনকভাৱে বিমানবন্দৰত অৱতৰণ কৰাৰ ৬ মিনিটৰ ভিতৰতে তেওঁৰ প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰিবলৈ ৰে’ল মন্ত্ৰালয়ৰ পৰা ফোন আহিল।


সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি অক্ষয় সতনালিৱালা নামৰ ব্যৱসায়ীজন ২ ফেব্ৰুৱাৰীৰ মাজনিশা দিল্লীৰ পৰা কলকাতালৈ উভতি আহিছিল। আকাশত উৰি যোৱাৰ কিছু মুহূৰ্তৰ পাছত তেওঁ দেখিলে যে ভাৰতৰ ৰেল মন্ত্ৰীজনো একেখন বিমানতে আছে। অক্ষয়ৰ এটা কঠিন আৱৰ্জনা ব্যৱস্থাপনা কোম্পানী আছে। সেই কোম্পানীটোৰ নাম মেছাৰ্ছ ইষ্টাৰ্ন অৰ্গেনিক ফাৰ্টিলাইজাৰ্ছ প্ৰাইভেট লিমিটেড। ব্যৱসায়ীজনে ৰে’ল মন্ত্ৰীৰ সৈতে আলোচনা কৰিবলৈ অনুৰোধ জনায় যে কেনেকৈ ৰে’লৱেয়ে কঠিন আৰু অন্যান্য আৱৰ্জনা পৰিবহণৰ সহজ মাধ্যম হ’ব পাৰে। কিন্তু নিৰাপত্তাজনিত কাৰণত অক্ষয়ৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰিলে বিমান পৰিচাৰিকাগৰাকীয়ে।


গতিকে সময় নষ্ট নকৰাকৈ অক্ষয়ে বিমান পৰিচাৰিকাই দিয়া নেপকিনত নিজৰ প্ৰস্তাৱ লিখি ৰেল মন্ত্ৰীলৈ পঠিয়াই দিয়ে। তাতেই ব্যৱসায়ীজনে নিজৰ পৰিচয় কৰাই দিয়ে।বিমানবন্দৰত অৱতৰণ কৰাৰ ৬ মিনিটৰ ভিতৰতে অক্ষয়লৈ ফোন আহিল। তেওঁক বিমানবন্দৰ কৰ্তৃপক্ষই জনাইছিল যে ইষ্টাৰ্ণ ৰেলৱেৰ জেনেৰেল মেনেজাৰ মিলিন্দ কে দেউস্কাৰে তেওঁক বিচাৰিছে। অক্ষয়ক ফোনযোগে জনোৱা হৈছিল যে তেওঁৰ প্ৰস্তাৱৰ বিষয়ে সকলোৱে আলোচনা কৰিব বিচাৰিছে।আলোচনাৰ তাৰিখ ৬ ফেব্ৰুৱাৰীত দিয়া হৈছিল। সেই বৈঠক ইতিমধ্যে সমাপ্ত হৈছে। জানিব পৰা মতে সেই বৈঠকত ইষ্টাৰ্ণ ৰেলৱেৰ জেনেৰেল মেনেজাৰৰ বাহিৰেও আন বিষয়াসকলো উপস্থিত আছিল।


সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সেই বৈঠকত অক্ষয়ে কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ বিষয়ে ব্যাখ্যা কৰিছিল। ৰেলপথ কেনেকৈ আৱৰ্জনা ব্যৱস্থাপনাৰ সহজ আৰু ব্যয়বহুল উপায় হ’ব পাৰে সেই বিষয়েও তেওঁ উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ