--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে একেখন বিমানতে যাত্ৰা কৰিছিল কলকাতাৰ এজন ব্যৱসায়ীয়ে। কিন্তু নিৰাপত্তাজনিত কাৰণত তেওঁ ৰে’ল মন্ত্ৰীৰ সৈতে যোগাযোগ কৰিব পৰা নাছিল। গতিকে ব্যৱসায়ীজনে বিমান পৰিচাৰিকাই দিয়া নেপকিনত নিজৰ প্ৰস্তাৱ লিখি অশ্বিনী বৈষ্ণৱলৈ পঠিয়াই দিলে। আশ্চৰ্যজনকভাৱে বিমানবন্দৰত অৱতৰণ কৰাৰ ৬ মিনিটৰ ভিতৰতে তেওঁৰ প্ৰস্তাৱৰ বিষয়ে আলোচনা কৰিবলৈ ৰে’ল মন্ত্ৰালয়ৰ পৰা ফোন আহিল।


সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি অক্ষয় সতনালিৱালা নামৰ ব্যৱসায়ীজন ২ ফেব্ৰুৱাৰীৰ মাজনিশা দিল্লীৰ পৰা কলকাতালৈ উভতি আহিছিল। আকাশত উৰি যোৱাৰ কিছু মুহূৰ্তৰ পাছত তেওঁ দেখিলে যে ভাৰতৰ ৰেল মন্ত্ৰীজনো একেখন বিমানতে আছে। অক্ষয়ৰ এটা কঠিন আৱৰ্জনা ব্যৱস্থাপনা কোম্পানী আছে। সেই কোম্পানীটোৰ নাম মেছাৰ্ছ ইষ্টাৰ্ন অৰ্গেনিক ফাৰ্টিলাইজাৰ্ছ প্ৰাইভেট লিমিটেড। ব্যৱসায়ীজনে ৰে’ল মন্ত্ৰীৰ সৈতে আলোচনা কৰিবলৈ অনুৰোধ জনায় যে কেনেকৈ ৰে’লৱেয়ে কঠিন আৰু অন্যান্য আৱৰ্জনা পৰিবহণৰ সহজ মাধ্যম হ’ব পাৰে। কিন্তু নিৰাপত্তাজনিত কাৰণত অক্ষয়ৰ অনুৰোধ ৰক্ষা কৰিব নোৱাৰিলে বিমান পৰিচাৰিকাগৰাকীয়ে।


গতিকে সময় নষ্ট নকৰাকৈ অক্ষয়ে বিমান পৰিচাৰিকাই দিয়া নেপকিনত নিজৰ প্ৰস্তাৱ লিখি ৰেল মন্ত্ৰীলৈ পঠিয়াই দিয়ে। তাতেই ব্যৱসায়ীজনে নিজৰ পৰিচয় কৰাই দিয়ে।বিমানবন্দৰত অৱতৰণ কৰাৰ ৬ মিনিটৰ ভিতৰতে অক্ষয়লৈ ফোন আহিল। তেওঁক বিমানবন্দৰ কৰ্তৃপক্ষই জনাইছিল যে ইষ্টাৰ্ণ ৰেলৱেৰ জেনেৰেল মেনেজাৰ মিলিন্দ কে দেউস্কাৰে তেওঁক বিচাৰিছে। অক্ষয়ক ফোনযোগে জনোৱা হৈছিল যে তেওঁৰ প্ৰস্তাৱৰ বিষয়ে সকলোৱে আলোচনা কৰিব বিচাৰিছে।আলোচনাৰ তাৰিখ ৬ ফেব্ৰুৱাৰীত দিয়া হৈছিল। সেই বৈঠক ইতিমধ্যে সমাপ্ত হৈছে। জানিব পৰা মতে সেই বৈঠকত ইষ্টাৰ্ণ ৰেলৱেৰ জেনেৰেল মেনেজাৰৰ বাহিৰেও আন বিষয়াসকলো উপস্থিত আছিল।


সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি সেই বৈঠকত অক্ষয়ে কঠিন আৱৰ্জনা ব্যৱস্থাপনাৰ বিষয়ে ব্যাখ্যা কৰিছিল। ৰেলপথ কেনেকৈ আৱৰ্জনা ব্যৱস্থাপনাৰ সহজ আৰু ব্যয়বহুল উপায় হ’ব পাৰে সেই বিষয়েও তেওঁ উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু