--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ভৱনত ‘বিবিধতা কা অমৃত মহোৎসৱ’ৰ প্ৰাৰম্ভিক সংস্কৰণত উত্তৰ-পূব ভাৰতৰ বৈচিত্ৰময় সাংস্কৃতিক ঐতিহ্যক উদযাপন কৰা হৈছে৷ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত আয়োজন কৰা এই মহোৎসৱত আড়ম্বৰপূৰ্ণভাৱে এক জীপাল সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰে, যিয়ে উপস্থিত দৰ্শকসকলৰ হৃদয়ত এক অবিস্মৰণীয় সাঁচ বহুৱাবলৈ সক্ষম হৈছে৷

অনুষ্ঠানটি উদ্বোধন কৰে ৰাষ্ট্ৰপতি  দ্ৰৌপদী মুৰ্মুয়ে৷অনুষ্ঠান ৰাষ্ট্ৰপতি মুৰ্মুৰ সৈতে ড’নাৰ মন্ত্ৰী  জি কিষাণ ৰেড্ডীও উপস্থিত থাকে৷

এই উপলক্ষে উপস্থিত দৰ্শকসকলক উদ্দেশ্যি আগবঢ়োৱা ভাষণত ড’নাৰ, সংস্কৃতি আৰু পৰ্যটন মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে অবিৰত সমৰ্থন আৰু উৎসাহৰ বাবে ৰাষ্ট্ৰপতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে ২০১৪ চনৰ পৰা প্ৰধানমন্ত্ৰীৰ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চল ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ হিচাপে পৰিগণিত হৈছে আৰু তেতিয়াৰ পৰাই অভূতপূৰ্ব উন্নয়ন সাধন হৈছে৷ তেওঁ লগতে কয় যে পথ, ৰে’ল, বিমান বা জল পথৰ দ্বাৰা সংযোগ স্থাপনেই হওক, ৰাজনৈতিক সংযোগেই হওক বা সাংস্কৃতিক আৰু আৱেগিক সংযোগেই হওক, উত্তৰ-পূবৰ সৈতে সকলো দূৰত্বৰ অন্ত পেলোৱা হৈছে। তেওঁ লগতে কয় যে উত্তৰ-পূবৰ চহকী ঐতিহ্যই ইয়াৰ জনসাধাৰণৰ সীমাহীন সমৃদ্ধিৰ চাবিকাঠি আৰু এই সম্পূৰ্ণ সম্ভাৱনাক উলিয়াই আনিবলৈ চৰকাৰে অসংখ্য পদক্ষেপ গ্ৰহণ কৰিছে।

এই উপলক্ষে অনুষ্ঠানত পৃথিৱী বিজ্ঞান মন্ত্ৰী  কিৰেন ৰিজিজুৱেও ভাষণ আগবঢ়ায়৷ তেওঁ বিগত ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলত কেনেকৈ ব্যাপক পৰিৱৰ্তন সাধন হৈছে আৰু অঞ্চলটোৰ জনসাধাৰণৰ মাজত আশা আকাংক্ষা বৃদ্ধি পাইছে, সেই বিষয়ে সদৰি কৰে৷ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্রীৰ উপস্থিতিয়ে অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷

মহোৎসৱত ৩২০খনতকৈ অধিক বিপনী স্থাপন হৈছে৷ এই প্ৰত্যেকখন বিপনী আঠখন সাংস্কৃতিকভাৱে সমৃদ্ধ ৰাজ্যৰ অনন্য হস্তশিল্প, হস্ততাঁত আৰু কৃষিজাত সামগ্ৰী প্ৰদৰ্শনৰ নামত উৎসৰ্গিত। দৰ্শনাৰ্থীসকলে উত্তৰ-পূব ভাৰতৰ সৰ্বোৎকৃষ্ট হস্তনিৰ্মিত, বহনক্ষম হস্তশিল্প আৰু জৈৱিক কৃষি সামগ্ৰীসমূহ অন্বেষণ কৰাৰ লগতে প্ৰশংসা কৰে৷

তদুপৰি, উত্তৰ-পূৰ্বাঞ্চলৰ ভৌগোলিক সূচক লাভ কৰা বহু সামগ্ৰীও পেভিলিয়নত উপলব্ধ৷ সেইবোৰৰ ভিতৰত অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মুগা সূতাৰ পৰা আৰম্ভ কৰি মণিপুৰৰ সুন্দৰকৈ বোৱা ৱাংখেই ফি, অৰুণাচল প্ৰদেশৰ হস্তনিৰ্মিত কাৰ্পেট আৰু ত্ৰিপুৰাৰ মনোমোহা কুইন আনাৰসকে ধৰি ২৫বিধতকৈ অধিক বস্ত্ৰ, শিল্প আৰু কৃষি জি আই সামগ্ৰীৰ পৰা উপস্থাপন কৰাটো অষ্টলক্ষী ৰাজ্যৰ বাবে অতি গৌৰৱৰ বিষয়৷

২০টাতকৈ অধিক স্থানত আকৰ্ষণীয় লাইভ প্ৰদৰ্শনে উত্তৰ-পূবৰ পৰম্পৰাগত কাৰুকাৰ্য্য প্ৰদৰ্শন কৰে৷ ইয়াৰ ভিতৰত মাজুলীৰ মুখা নিৰ্মাণ, খৰাহী নিৰ্মাণ, পদুমফুলৰ সূতা কটা আদি উল্লেখযোগ্য৷

ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলেও অষ্টলক্ষ্মী ৰংগোলী আৰু সাংস্কৃতিক কাৰ্যসূচী প্ৰত্যক্ষ কৰে৷ প্ৰথম দিনাই আঠখন ৰাজ্যৰ শিল্পীয়ে আঠখন ৰাজ্যৰ পৰম্পৰাগত নৃত্যকে ধৰি উল্লেখযোগ্য প্ৰদৰ্শনেৰে মহোৎসৱক নতুন মাত্ৰা প্ৰদান কৰে৷ অহা চাৰিদিনত ৩৫০তকৈ অধিক শিল্পীয়ে আৰু এনেধৰণৰ অভিনয়েৰে দৰ্শকক মোহিত কৰিব।

তদুপৰি দৰ্শনাৰ্থীসকলে উত্তৰ-পূব ভাৰতৰ পৰা ৰাজধানীলৈ বিভিন্ন ধৰণৰ সোৱাদ আৰু পৰম্পৰাক লৈ অহা বৈচিত্ৰময় খাদ্যৰ বিপনীত অঞ্চলটোৰ চহকী খাদ্যভাসৰ জুতি লোৱা পৰিলক্ষিত হয়৷

বিশেষকৈ উত্তৰ-পূবৰ ঐতিহাসিক আৰু সাংস্কৃতিক সমৃদ্ধিৰ সৈতে সৃষ্টিশীলভাৱে জড়িত হ’বলৈ আয়োজন কৰা এই কাৰ্যসূচীত যুৱক-যুৱতী আৰু শিশুসকলক কিডছ এক্টিভিটি জ’ন আৰু য়ুথ এংগেজমেণ্ট জ’নে শক্তি আৰু উৎসাহ যোগাইছে৷

অনুষ্ঠানৰ সামৰণিত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ে সাংস্কৃতিক মন্ত্ৰালয়, বিশিষ্ট ব্যক্তি আৰু উৎসাহী অংশগ্ৰহণকাৰীসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু