ডিজিটেল ডেস্ক; প্ৰধানমন্ত্ৰী মোদীৰ আকস্মিক ঘোষণাত ২০১৬ চনৰ ৮ নৱেম্বৰত নিশা বন্ধ হৈ পৰিছিল ৫০০ আৰু ১০০০টকীয়া নোট৷ দেশৰ অৰ্থনীতিৰ বাবে নতুন দিগন্ত কঢ়িয়াই আনিবলৈ সক্ষম হ’ব বুলি ভাবি মোদীয়ে ঘোষণা কৰিছিল বিমুদ্ৰাকৰণ৷
কিন্তু আশ্চৰ্জনকভাৱে ৮ নৱেম্বৰৰ সন্ধিয়া নোটবন্দীৰ ছয় বছৰৰ পাছত অভিলেখ পৰিমাণৰ নগদ ধন এতিয়াও দেশৰ জনতাৰ হাতত জমা আছে৷ এদিন সন্ধিয়া নিশাৰ ভিতৰতে ৫০০ আৰু ১,০০০ টকাৰ নোট বিমুদ্ৰাকৰণৰ ছয় বছৰ পাৰ হৈ গ’ল। ২০১৬ চনৰ ৮ নৱেম্বৰত আকস্মিক সিদ্ধান্ত ঘোষণা কৰাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে তেওঁৰ চৰকাৰৰ এই পদক্ষেপৰ উদ্দেশ্য আছিল দুৰ্নীতি আৰু ক’লা ধন নিয়ন্ত্ৰণ কৰা।
কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ শেহতীয়া তথ্য অনুসৰি, এই দেশৰ লোকসকলৰ হাতত বৰ্তমান অভিলেখ পৰিমাণৰ নগদ ধন জমা আছে। ২০১৬ চনৰ ৪ নৱেম্বৰত নোট নিষেধাজ্ঞাৰ চাৰি দিন পূৰ্বে ভাৰতত জনসাধাৰণৰ হাতত নগদ ১৭.৭ লাখ কোটি টকা আছিল। আৰু এই বছৰৰ ২১ অক্টোবৰত ইয়াৰ পৰিমাণ হৈছেগৈ ৩০.৮৮ লাখ কোটি টকা। ছয় বছৰত নগদ ধন ৭১.৮৪ শতাংশ বৃদ্ধি পাইছে।
মোদী চৰকাৰৰ বিমুদ্ৰাকৰণৰ পদ্ধতি অবৈজ্ঞানিক বুলি বাৰে বাৰে অভিযোগ উত্থাপিত হৈছে। যদিও বিমুদ্ৰাকৰণৰ ফলত অসংগঠিত খণ্ডটোৱে বৃহৎ লোকচানৰ সন্মুখীন হৈছে, চৰকাৰে নিয়মীয়াকৈ ডিজিটেল লেনদেনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ক’ভিড কালতো ই বৃদ্ধি পাইছে। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ (আৰবিআই) ২০১৯ চনৰ এক অধ্যয়নত কোৱা হৈছে, তথ্যই দেখুৱাইছে যে সামগ্ৰিকভাৱে অৰ্থনীতিৰ প্ৰগতিৰ সৈতে সংগতি ৰাখি মুঠ ঘৰুৱা উৎপাদনৰ অনুপাতত বজাৰত নগদ ধনৰ ব্যৱহাৰো বৃদ্ধি পাইছে। নিৰ্দিষ্ট সময়ত জিডিপিৰ অনুপাতত ডিজিটেল লেনদেনৰ ব্যৱহাৰ বৃদ্ধি হোৱাৰ অৰ্থ এইটো নহয় যে নিজে নগদ ধন ব্যৱহাৰৰ অনুপাত হ্ৰাস হৈছে।
২০১৬ত বজাৰত প্ৰচলিত ধনৰ পৰিমাণ ১৭.৭ লাখ কোটি টকাৰ পৰা ৭১.৮৪ শতাংশ বৃদ্ধি হৈ চলিত বৰ্ষত এই পৰিমাণ হৈছেগৈ ৩০.৮৮ লাখ কোটি টকা৷ এই বিশাল ধনৰাশি বজাৰত প্ৰচলিত হৈ থকা বিষয়টোৱেই প্ৰমাণ কৰে যে বিমুদ্ৰাকৰণে কাৰ্যত: উপকাৰ সাধিলে পুঁজিপতিৰহে৷ দেশৰ একাংশ পুঁজিপতি আৰু ক’লা ব্যৱসায়ীৰ হাতত কুক্ষিগত হৈ পৰিছে বৃহৎ পৰিমাণৰ নগদ ধন৷
ভাৰতীয় ষ্টেট বেংকৰ অৰ্থনীতিবিদসকলৰ এক সমীক্ষাত শেহতীয়াকৈ কোৱা হৈছে যে এইবাৰৰ দীপাৱলীত বজাৰত নগদ ধনৰ ব্যৱহাৰ ৭,৬০০ কোটি টকা হ্ৰাস পাইছে। কাৰণটো বৰ্ণনা কৰাৰ সময়ত, বিশেষজ্ঞসকলে প্ৰযুক্তিৰ উন্নতি আৰু স্মাৰ্টফোন-আধাৰিত বিত্তীয় লেনদেনৰ জনপ্ৰিয়তাৰ কথা উল্লেখ কৰে। তাৰোপৰি, এই সকলো বছৰত সাধাৰণ লোকৰ হাতত নগদ সঞ্চয় বৃদ্ধি পাইছে। বহুতৰ মতে, ইয়াৰ এটা কাৰণ হৈছে লকডাউন। সেই সময়ত, বহুলোকে পৰিয়ালটোৰ দৈনন্দিন প্ৰয়োজনীয়তাবোৰ ৰক্ষা কৰাৰ কথা ভাবি হাতত নগদ ধন ৰাখিছিল। দেশৰ প্ৰায় ১৫ কোটি লোকৰ বেংক একাউণ্ট নাই। তেওঁলোকৰ সঞ্চয় সেই নগদ ধনৰূপেই জমা আছে। সামগ্ৰিকভাৱে নগদ ধন জমা ৰখাৰ পৰম্পৰা কেৱল চলি থকাই নহয়, ই বৃদ্ধি হৈও গৈ আছে।