--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গাজাত বর্তমান সময়ত প্রবল দুর্ভিক্ষ আৰম্ভ হৈছে। খাদ্যৰ অভাৱত হাজাৰ হাজাৰ লোকে অনাহাৰে-অনিদ্রাত নিশা পৰা কৰিছে গাজাত। তীব্র মানৱীয় সংকটৰ সন্মুখীন হৈছে গাজাৰ বাসিন্দাই।

ডিজিটেল ডেস্ক : গাজাত হামাছৰ বিৰুদ্ধে ইজৰাইলী সেনাই চলাই থকা ভয়ংকৰ যুদ্ধৰ বাবে প্রতিদিনেই বহু পেলেষ্টাইনী লোকৰ মৃত্যু হোৱাৰ মাজতে পৰিলক্ষিত হৈছে অন্য এক মর্মন্তুদ দৃশ্যৰ।


গাজাত বর্তমান সময়ত প্রবল দুর্ভিক্ষ আৰম্ভ হৈছে। খাদ্যৰ অভাৱত হাজাৰ হাজাৰ লোকে অনাহাৰে-অনিদ্রাত নিশা পৰা কৰিছে গাজাত। তীব্র মানৱীয় সংকটৰ সন্মুখীন হৈছে গাজাৰ বাসিন্দাই। ইজৰাইলে গাজালৈ মানৱীয় সাহায্য অহাত প্রতিবন্ধকতা লগোৱাৰ পাছৰে পৰা গাজাৰ মানৱীয় সাহায্য কেন্দ্রসমূহত দৈনিক হাজাৰ হাজাৰ পেলেষ্টাইনীয়ে খাদ্যৰ বাবে অপেক্ষা কৰিব লগা হৈছে। তীব্র খাদ্য সংকটত ভুগি গাজাত এতিয়া দৈনিক বহু মানুহ মৃত্যুমুখত পৰিছে।


ইফালে, গাজাত থকা মানৱীয় খাদ্য বিতৰণ কেন্দ্ৰসমূহ হামাছে নিয়ন্ত্ৰণ কৰা বুলি অভিযোগ কৰি ইজৰাইলী সেনাই দৈনিক এইসমূহত আক্ৰমণ কৰি আছে আৰু দৈনিক বহু লোকক হত্যা কৰি আছে। উত্তৰ গাজাৰ তিনিটা সন্তানৰ পিতৃ আৰু এজন চিকিৎসকে কয় যে তেওঁৰ কণমানি শিশুকেইটাই ভোকৰ তাড়নাত মাজনিশা চিঞৰি উঠে আৰু খাদ্যৰ বাবে হাহাকাৰ কৰে। পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ বিষয়াই প্রকাশ কৰা মতে, মানর-সৃষ্ট দুর্ভিক্ষৰ এখন কৰুণ ছবি এতিয়া গাজাত দেখা পোৱা যায়। ভোকাতুৰ শিশু-মহিলাসহ বহু পেলেষ্টাইনীয়ে গাজাত খাদ্য কঢ়িয়াই অনা ট্রাকৰ আগত শাৰী পাতি থকা অৱস্থাতে তেওঁলোকক গুলীয়াই হত্যা কৰা হয়। শেহতীয়াকৈ ছেটেলাইটৰ পৰা তোলা ছবিত এই কৰুণ দৃশ্য প্রকাশ পাইছে। খাদ্য কঢ়িয়াই অনা ট্রাকসমূহৰ আগত হাজাৰ হাজাৰ ভোকাতুৰ পেলেষ্টাইনীয়ে দৈনিক খাদ্যৰ বাবে হাহাকাৰ কৰে।


ইতিমধ্যে বিশ্বৰ সংস্থাসমূহে সতর্কবাণী দিছে যে গাজাৰ শিশু-মহিলাৰ ২৫ শতাংশই পুষ্টিহীনতাত ভূগিছে। খাদ্য-ঔষধ অবিহনে হাজাৰ হাজাৰ পেলেষ্টাইনীয়ে নাৰকীয় যন্ত্রণা ভুগিব লগা হৈছে। শেহতীয়াকৈ আমেৰিকাৰ ভূ-বৈজ্ঞানিক প্রতিষ্ঠান প্লেনেট লেবে গাজা স্ত্রীপৰ এই ভয়ংকৰ খাদ্য নাটনিৰ দৃশ্য ছেটেলাইটযোগে সংগ্ৰহ কৰে। সমগ্র গাজাৰ লগতে দক্ষিণৰ খান ইউনুছ আৰু ৰাফাহৰ কৰণ দৃশ্যও এই ছেটেলাইট ইমেজত বন্দী হয়। বর্তমান ৰাষ্ট্ৰসংঘৰ লগতে ব্রিটেইন, কানাডা, ফ্রান্স আদি দেশেও গাজাত এই মানৱীয় সংকটৰ তীব্র প্রতিবাদ কৰিছে আৰু ইজৰাইলক ইয়াৰ বাবে জগৰীয়া কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু