--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • গাজাত বর্তমান সময়ত প্রবল দুর্ভিক্ষ আৰম্ভ হৈছে। খাদ্যৰ অভাৱত হাজাৰ হাজাৰ লোকে অনাহাৰে-অনিদ্রাত নিশা পৰা কৰিছে গাজাত। তীব্র মানৱীয় সংকটৰ সন্মুখীন হৈছে গাজাৰ বাসিন্দাই।

ডিজিটেল ডেস্ক : গাজাত হামাছৰ বিৰুদ্ধে ইজৰাইলী সেনাই চলাই থকা ভয়ংকৰ যুদ্ধৰ বাবে প্রতিদিনেই বহু পেলেষ্টাইনী লোকৰ মৃত্যু হোৱাৰ মাজতে পৰিলক্ষিত হৈছে অন্য এক মর্মন্তুদ দৃশ্যৰ।


গাজাত বর্তমান সময়ত প্রবল দুর্ভিক্ষ আৰম্ভ হৈছে। খাদ্যৰ অভাৱত হাজাৰ হাজাৰ লোকে অনাহাৰে-অনিদ্রাত নিশা পৰা কৰিছে গাজাত। তীব্র মানৱীয় সংকটৰ সন্মুখীন হৈছে গাজাৰ বাসিন্দাই। ইজৰাইলে গাজালৈ মানৱীয় সাহায্য অহাত প্রতিবন্ধকতা লগোৱাৰ পাছৰে পৰা গাজাৰ মানৱীয় সাহায্য কেন্দ্রসমূহত দৈনিক হাজাৰ হাজাৰ পেলেষ্টাইনীয়ে খাদ্যৰ বাবে অপেক্ষা কৰিব লগা হৈছে। তীব্র খাদ্য সংকটত ভুগি গাজাত এতিয়া দৈনিক বহু মানুহ মৃত্যুমুখত পৰিছে।


ইফালে, গাজাত থকা মানৱীয় খাদ্য বিতৰণ কেন্দ্ৰসমূহ হামাছে নিয়ন্ত্ৰণ কৰা বুলি অভিযোগ কৰি ইজৰাইলী সেনাই দৈনিক এইসমূহত আক্ৰমণ কৰি আছে আৰু দৈনিক বহু লোকক হত্যা কৰি আছে। উত্তৰ গাজাৰ তিনিটা সন্তানৰ পিতৃ আৰু এজন চিকিৎসকে কয় যে তেওঁৰ কণমানি শিশুকেইটাই ভোকৰ তাড়নাত মাজনিশা চিঞৰি উঠে আৰু খাদ্যৰ বাবে হাহাকাৰ কৰে। পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ বিষয়াই প্রকাশ কৰা মতে, মানর-সৃষ্ট দুর্ভিক্ষৰ এখন কৰুণ ছবি এতিয়া গাজাত দেখা পোৱা যায়। ভোকাতুৰ শিশু-মহিলাসহ বহু পেলেষ্টাইনীয়ে গাজাত খাদ্য কঢ়িয়াই অনা ট্রাকৰ আগত শাৰী পাতি থকা অৱস্থাতে তেওঁলোকক গুলীয়াই হত্যা কৰা হয়। শেহতীয়াকৈ ছেটেলাইটৰ পৰা তোলা ছবিত এই কৰুণ দৃশ্য প্রকাশ পাইছে। খাদ্য কঢ়িয়াই অনা ট্রাকসমূহৰ আগত হাজাৰ হাজাৰ ভোকাতুৰ পেলেষ্টাইনীয়ে দৈনিক খাদ্যৰ বাবে হাহাকাৰ কৰে।


ইতিমধ্যে বিশ্বৰ সংস্থাসমূহে সতর্কবাণী দিছে যে গাজাৰ শিশু-মহিলাৰ ২৫ শতাংশই পুষ্টিহীনতাত ভূগিছে। খাদ্য-ঔষধ অবিহনে হাজাৰ হাজাৰ পেলেষ্টাইনীয়ে নাৰকীয় যন্ত্রণা ভুগিব লগা হৈছে। শেহতীয়াকৈ আমেৰিকাৰ ভূ-বৈজ্ঞানিক প্রতিষ্ঠান প্লেনেট লেবে গাজা স্ত্রীপৰ এই ভয়ংকৰ খাদ্য নাটনিৰ দৃশ্য ছেটেলাইটযোগে সংগ্ৰহ কৰে। সমগ্র গাজাৰ লগতে দক্ষিণৰ খান ইউনুছ আৰু ৰাফাহৰ কৰণ দৃশ্যও এই ছেটেলাইট ইমেজত বন্দী হয়। বর্তমান ৰাষ্ট্ৰসংঘৰ লগতে ব্রিটেইন, কানাডা, ফ্রান্স আদি দেশেও গাজাত এই মানৱীয় সংকটৰ তীব্র প্রতিবাদ কৰিছে আৰু ইজৰাইলক ইয়াৰ বাবে জগৰীয়া কৰিছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ