--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই ঘটনা পোহৰলৈ আহে যেতিয়া কলাভৱনে ছবিৰ শ্বুটিঙৰ বাবে আশ্ৰয় লোৱা হোটেলৰ কৰ্মচাৰীয়ে কৰ্তৃপক্ষক অৱগত কৰে।

ডিজিটেল ডেস্ক : মালয়ালম চলচ্চিত্ৰ অভিনেতা কলাভৱন নভাছক শুকুৰবাৰে সন্ধিয়া কোচিৰ চোত্তানিকৰাৰ এখন হোটেলত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।


সংবাদ সংস্থা পিটিআইৰ মতে, এই ঘটনা পোহৰলৈ আহে যেতিয়া কলাভৱনে ছবিৰ শ্বুটিঙৰ বাবে আশ্ৰয় লোৱা হোটেলৰ কৰ্মচাৰীয়ে কৰ্তৃপক্ষক অৱগত কৰে। ততাতৈয়াকৈ কলাভৱনক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে ।



কলাভৱনে মালয়ালম ছবি ‘প্ৰকাম্বনম’ৰ শ্বুটিঙৰ বাবে হোটেলত থাকিছিল। শুকুৰবাৰে সন্ধিয়া অভিনেতাজনে নিজৰ কোঠাৰ পৰা চেক আউট কৰাৰ কথা আছিল। কিন্তু যেতিয়া তেওঁ চেক-আউটৰ বাবে ৰিচেপচনত উপস্থিত নহ’ল, তেতিয়া হোটেলৰ কৰ্মচাৰীসকলে কোঠাটোলৈ গৈ তেওঁক নিজৰ কোঠাত অচেতন অৱস্থাত উদ্ধাৰ কৰে। আৰক্ষীৰ মতে, তেওঁৰ কোঠাত কোনো সন্দেহজনক বস্তু পোৱা নগ’ল। কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায় বিজয়নে তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে।


উল্লেখ্য যে কলাভৱন আছিল এজন বহুমুখী মনোৰঞ্জক, কলাভৱন আছিল মালয়ালম চিনেমাৰ অনুকৰণ শিল্পী, প্লেবেক গায়ক আৰু অভিনেতা হিচাপে পৰিচিত। ১৯৯৫ চনত তেওঁ ‘চৈতন্যম’ নামৰ বৈশিষ্ট্যপূৰ্ণ ছবিৰ জৰিয়তে অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। ‘মিমিক্স একচন ৫০০’ (১৯৯৫), ‘হিটলাৰ ব্ৰাদাৰ্ছ’ (১৯৯৭), ‘জুনিয়ৰ মান্দ্ৰেক’ (১৯৯৭), ‘মাট্টুপেটি মাচান’ আৰু ‘আম্মা আম্মায়াম্মা’ (১৯৯৮), ‘চাণ্ডামামা’ (১৯৯৯), আৰু ‘থিল্লানা থিলানা’ (২০০৩) আদি বহু ছবি আৰু টেলিভিছন ধাৰাবাহিকত কাম কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু