--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আচলতে ১৭০০০ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰৰ তদন্তৰ সৈতে জড়িত অনিল আম্বানীক জেৰাৰ বাবে চমন প্ৰেৰন কৰা হৈছে। এই ক্ষেত্ৰত অনিল আম্বানীৰ বিপদ আৰু বাঢ়িব পাৰে বুলি ধাৰণা কৰা হৈছে।

ডিজিটেল ডেস্ক : ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অনিল আম্বানীৰ এতিয়া বিপদত । অনিল আম্বানীলৈ ইডিয়ে প্ৰেৰণ কৰিলে চমন ।


অহা ৫ আগষ্টত দিল্লীৰ ইডি কাৰ্যালয়ত সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ কোৱা হৈছে অনিল আম্বানীক ।ইডিৰ দলে তেওঁৰ ঘৰ আৰু ব্যৱসায়িক স্থানত অভিযান চলাই বহু গুৰুত্বপূৰ্ণ নথি জব্দ কৰিছে।


আচলতে ১৭০০০ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰৰ তদন্তৰ সৈতে জড়িত অনিল আম্বানীক জেৰাৰ বাবে চমন প্ৰেৰন কৰা হৈছে। এই ক্ষেত্ৰত অনিল আম্বানীৰ বিপদ আৰু বাঢ়িব পাৰে বুলি ধাৰণা কৰা হৈছে। এনে পৰিস্থিতিত তেওঁ ইডিৰ আগত হাজিৰ হ’ব নে নাই সেয়া হ’ব লক্ষ্যণীয়।


এই বিষয়টো কোনটো গোচৰৰ সৈতে জড়িত?


১৭০০০ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰত অনিল আম্বানীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আছে ইডিয়ে। তদন্তকাৰী সংস্থাটোৱে এই গোচৰত ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিছে। যোৱা সপ্তাহত ইডিয়ে ৰিলায়েন্স গ্ৰুপৰ ৫০টা স্থান আৰু ২৫জন ব্যক্তিৰ স্থানত অভিযান চলাইছিল।


যোৱা ২৪ জুলাইত চলোৱা অভিযানত ঋণ জালিয়াতিৰ বাহিৰেও একাংশ কোম্পানীয়ে কোটি কোটি টকাৰ আৰ্থিক অনিয়মৰ আন কেইবাটাও অভিযোগ উত্থাপন হৈছিল।


এই গোচৰত চিবিআইয়ে ২টা এফআইআৰ পঞ্জীয়ন কৰিছিল, তাৰ পিছত ইডিয়ে অভিযান চলাইছিল। ইডিৰ সূত্ৰই জনোৱা মতে, এই তদন্ত মূলতঃ ২০১৭-২০১৯ চনৰ ভিতৰত অনিল আম্বানীৰ কোম্পানীসমূহক য়েছ বেংকে দিয়া অবৈধ ঋণ ডাইভাৰচনৰ অভিযোগৰ সৈতে জড়িত।


অভিযোগ অনুসৰি অনিল আম্বানীৰ কোম্পানীক ঋণ দিয়াৰ পূৰ্বে য়েছ বেংকৰ প্ৰমোটাৰসকলে তেওঁলোকৰ ব্যৱসায়ত বিপুল ধন লাভ কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু