--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আচলতে ১৭০০০ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰৰ তদন্তৰ সৈতে জড়িত অনিল আম্বানীক জেৰাৰ বাবে চমন প্ৰেৰন কৰা হৈছে। এই ক্ষেত্ৰত অনিল আম্বানীৰ বিপদ আৰু বাঢ়িব পাৰে বুলি ধাৰণা কৰা হৈছে।

ডিজিটেল ডেস্ক : ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক অনিল আম্বানীৰ এতিয়া বিপদত । অনিল আম্বানীলৈ ইডিয়ে প্ৰেৰণ কৰিলে চমন ।


অহা ৫ আগষ্টত দিল্লীৰ ইডি কাৰ্যালয়ত সোধা-পোছাৰ বাবে হাজিৰ হ’বলৈ কোৱা হৈছে অনিল আম্বানীক ।ইডিৰ দলে তেওঁৰ ঘৰ আৰু ব্যৱসায়িক স্থানত অভিযান চলাই বহু গুৰুত্বপূৰ্ণ নথি জব্দ কৰিছে।


আচলতে ১৭০০০ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰৰ তদন্তৰ সৈতে জড়িত অনিল আম্বানীক জেৰাৰ বাবে চমন প্ৰেৰন কৰা হৈছে। এই ক্ষেত্ৰত অনিল আম্বানীৰ বিপদ আৰু বাঢ়িব পাৰে বুলি ধাৰণা কৰা হৈছে। এনে পৰিস্থিতিত তেওঁ ইডিৰ আগত হাজিৰ হ’ব নে নাই সেয়া হ’ব লক্ষ্যণীয়।


এই বিষয়টো কোনটো গোচৰৰ সৈতে জড়িত?


১৭০০০ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰত অনিল আম্বানীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আছে ইডিয়ে। তদন্তকাৰী সংস্থাটোৱে এই গোচৰত ধন সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰিছে। যোৱা সপ্তাহত ইডিয়ে ৰিলায়েন্স গ্ৰুপৰ ৫০টা স্থান আৰু ২৫জন ব্যক্তিৰ স্থানত অভিযান চলাইছিল।


যোৱা ২৪ জুলাইত চলোৱা অভিযানত ঋণ জালিয়াতিৰ বাহিৰেও একাংশ কোম্পানীয়ে কোটি কোটি টকাৰ আৰ্থিক অনিয়মৰ আন কেইবাটাও অভিযোগ উত্থাপন হৈছিল।


এই গোচৰত চিবিআইয়ে ২টা এফআইআৰ পঞ্জীয়ন কৰিছিল, তাৰ পিছত ইডিয়ে অভিযান চলাইছিল। ইডিৰ সূত্ৰই জনোৱা মতে, এই তদন্ত মূলতঃ ২০১৭-২০১৯ চনৰ ভিতৰত অনিল আম্বানীৰ কোম্পানীসমূহক য়েছ বেংকে দিয়া অবৈধ ঋণ ডাইভাৰচনৰ অভিযোগৰ সৈতে জড়িত।


অভিযোগ অনুসৰি অনিল আম্বানীৰ কোম্পানীক ঋণ দিয়াৰ পূৰ্বে য়েছ বেংকৰ প্ৰমোটাৰসকলে তেওঁলোকৰ ব্যৱসায়ত বিপুল ধন লাভ কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ