--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ ৮ নৱেম্বৰ। কাইলৈ ​​কাতি পূৰ্ণিমাৰ দিনা হ’ব ২০২২ বৰ্ষৰ অন্তিমটো চন্দ্ৰগ্ৰহণ। বছৰৰ দ্বিতীয়টো চন্দ্ৰগ্ৰহণ হ’ব এয়া। ভাৰতত চন্দ্ৰগ্ৰহণ দেখা পোৱাৰ বাবে ইয়াৰ সুতক সময় বৈধ হ’ব। দেশত প্ৰথমবাৰৰ বাবে অৰুণাচল প্ৰদেশত দেখা যাব সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ। দেশৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখা পোৱাৰ বিপৰীতে আন ঠাইত আংশিক চন্দ্ৰগ্ৰহণ দেখা যাব। ০৮ নৱেম্বৰত সন্ধিয়া চন্দ্ৰ উদয় হোৱাৰ লগে লগে ভাৰততো একে সময়তে চন্দ্ৰগ্ৰহণ দেখা যাব। সন্ধিয়া ৬.১৯ বজাত এই চন্দ্ৰগ্ৰহণৰ অন্ত পৰিব। 

কাইলৈ দুপৰীয়া ২.৩৮ বজাৰ পৰা চন্দ্ৰগ্ৰহণ আৰম্ভ হ’ব আৰু সন্ধিয়া ৬.১৯ বজাত শেষ হ’ব চন্দ্ৰগ্ৰহণ। সন্ধিয়া ৬.১৯ বজাৰ পিছত আৰম্ভ হ’ব ছায়া চন্দ্ৰগ্ৰহণ যিটো সন্ধিয়া ৭.২৬ বজালৈকে চলিব। ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহত সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ দেখা যাব। ভাৰতৰ বাহিৰেও ০৮ নৱেম্বৰত চন্দ্ৰগ্ৰহণ আমেৰিকা, অষ্ট্ৰেলিয়া, এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলত দেখা যাব। 

১২টা ৰাশিৰ ওপৰত এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ

মেষ ৰাশি- বছৰৰ এই শেষ চন্দ্ৰগ্ৰহণ আপোনাৰ ৰাশিত ঘটি আছে। এই গ্ৰহণ আপোনাৰ বাবে অশুভ আৰু ক্ষতিকাৰক হ'ব। সজাগ হৈ থাকক।

বৃষ ৰাশি - এই চন্দ্ৰগ্ৰহণ আপোনাৰ বাবে ভাল নহ’ব। টকা হেৰুৱা আৰু কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হ’ব পাৰে।

মিথুন ৰাশি - এই চন্দ্ৰগ্ৰহণ আপোনাৰ বাবে ভাল হ’ব পাৰে। কেৰিয়াৰ-ব্যৱসায়ত ভাল ফলাফল আৰু ভাল লাভ হ’ব পাৰে।

কৰ্কট ৰাশি - কামত সফলতা লাভ কৰিব। কঠোৰ পৰিশ্ৰমে ভাল ফল দিব।

সিংহ ৰাশি - কিছু ভাল খবৰ পাব পাৰে। চাকৰিটোত ভাল পজিচন পাব পাৰে।

কন্যা ৰাশি- এই চন্দ্ৰগ্ৰহণৰ বাবে এই ৰাশিৰ লোকসকলে কষ্ট পাব লগা হ’ব পাৰে।

তুলা ৰাশি - বিপদ আহিব পাৰে। টকা হেৰুৱালে আপোনাৰ কাম নষ্ট হ’ব পাৰে। সাৱধানে খোজ কাঢ়িব।

বৃশ্চিক ৰাশি- ধৈৰ্য্য ধৰিব লাগিব, নহলে এই গ্ৰহণে আপোনাক বহুত ক্ষতি কৰিব পাৰে। সাৱধান হওক।

ধনু ৰাশি - স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া হ’ব পাৰে।

মকৰ ৰাশি- এই ৰাশিৰ লোকসকলে ধনৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে, ক্ষেত্ৰত ক্ষতিৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।

কুম্ভ ৰাশি- এই ৰাশিৰ লোকসকলৰ লাভ বৃদ্ধি আৰু সৌভাগ্যৰ সম্ভাৱনা আছে।

মীন ৰাশি - অধিক ক্ষতি হোৱাৰ সম্ভাৱনা আছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু