--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শীর্ষ প্রতিযোগিতাখন মালয়েছিয়াৰ কুচিঙত যোৱা ২৫ আৰু ২৬ জুলাইত অনুষ্ঠিত হৈছিল

ডিজিটেল ডেস্ক : অসম কন্যা নিয়ৰ পাৰিজাতে ত্রয়োদশ এছিয়ান জুনিয়ৰ টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত শ্রেষ্ঠ মহিলা যুঁজাৰুৰ সন্মান লাভ কৰিছে। শীর্ষ প্রতিযোগিতাখন মালয়েছিয়াৰ কুচিঙত যোৱা ২৫ আৰু ২৬ জুলাইত অনুষ্ঠিত হৈছিল।


১৩সংখ্যক জুনিয়ৰ এছীয় প্রতিযোগিতাখনত ভাৰতক প্রতিনিধিত্ব কৰা অসমৰ নিয়ৰে মহিলাৰ ৫২ কেজি শাখাত অৱতীৰ্ণ হৈছিল। প্রতিযোগিতাৰ প্রথম মেচত শ্রীলংকাৰ বিনু মেথথাসিংঘেক ২-০ ব্যৱধানত পৰাস্ত কৰি প্রি-কোৱাৰ্টাৰত প্ৰৱেশ কৰা নিয়ৰে সেইটো পর্যায়ত হংকঙৰ ব্লু মান লাইক ২-১ পইণ্টত হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।


নিয়ৰে যুঁজ দিছিল যদিও কোৱাৰ্টাৰ ফাইনেলত ইৰানৰ ৰোজানৰ হাতত পৰাজয়ৰ সন্মুখীন হয়। তৎসত্ত্বেও অসমৰ প্রতিশ্রুতিসম্পন্ন টাইকোৱাণ্ডোকা নিয়ৰ পাৰিজাতে এছীয় প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা সকলো দেশৰ ভিতৰত শ্রেষ্ঠ মহিলা যুঁজাৰুৰ সন্মান কঢ়িয়াই আনি আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত দেশ তথা অসমৰ মান উজলাবলৈ সক্ষম হৈছে।


নিয়ৰ কেন্দ্ৰীয় বিদ্যালয় নাৰেংগীৰ নৱম শ্ৰেণীৰ ছাত্ৰী। গুৱাহাটীৰ নিৱাসী নিৰঞ্জন চুতীয়া আৰু গীতালি মহন্তৰ কন্যা নিয়ৰে সম্প্ৰতি ছাই গুৱাহাটীৰ অধীনত জ্যেষ্ঠ এন আই এছ দ্বীপেন বৰ্মনৰ তত্ত্বাৱধানত প্রশিক্ষণ লৈ আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু