--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • শীর্ষ প্রতিযোগিতাখন মালয়েছিয়াৰ কুচিঙত যোৱা ২৫ আৰু ২৬ জুলাইত অনুষ্ঠিত হৈছিল

ডিজিটেল ডেস্ক : অসম কন্যা নিয়ৰ পাৰিজাতে ত্রয়োদশ এছিয়ান জুনিয়ৰ টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত শ্রেষ্ঠ মহিলা যুঁজাৰুৰ সন্মান লাভ কৰিছে। শীর্ষ প্রতিযোগিতাখন মালয়েছিয়াৰ কুচিঙত যোৱা ২৫ আৰু ২৬ জুলাইত অনুষ্ঠিত হৈছিল।


১৩সংখ্যক জুনিয়ৰ এছীয় প্রতিযোগিতাখনত ভাৰতক প্রতিনিধিত্ব কৰা অসমৰ নিয়ৰে মহিলাৰ ৫২ কেজি শাখাত অৱতীৰ্ণ হৈছিল। প্রতিযোগিতাৰ প্রথম মেচত শ্রীলংকাৰ বিনু মেথথাসিংঘেক ২-০ ব্যৱধানত পৰাস্ত কৰি প্রি-কোৱাৰ্টাৰত প্ৰৱেশ কৰা নিয়ৰে সেইটো পর্যায়ত হংকঙৰ ব্লু মান লাইক ২-১ পইণ্টত হৰুৱাই কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।


নিয়ৰে যুঁজ দিছিল যদিও কোৱাৰ্টাৰ ফাইনেলত ইৰানৰ ৰোজানৰ হাতত পৰাজয়ৰ সন্মুখীন হয়। তৎসত্ত্বেও অসমৰ প্রতিশ্রুতিসম্পন্ন টাইকোৱাণ্ডোকা নিয়ৰ পাৰিজাতে এছীয় প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা সকলো দেশৰ ভিতৰত শ্রেষ্ঠ মহিলা যুঁজাৰুৰ সন্মান কঢ়িয়াই আনি আন্তঃৰাষ্ট্ৰীয় প্রেক্ষাপটত দেশ তথা অসমৰ মান উজলাবলৈ সক্ষম হৈছে।


নিয়ৰ কেন্দ্ৰীয় বিদ্যালয় নাৰেংগীৰ নৱম শ্ৰেণীৰ ছাত্ৰী। গুৱাহাটীৰ নিৱাসী নিৰঞ্জন চুতীয়া আৰু গীতালি মহন্তৰ কন্যা নিয়ৰে সম্প্ৰতি ছাই গুৱাহাটীৰ অধীনত জ্যেষ্ঠ এন আই এছ দ্বীপেন বৰ্মনৰ তত্ত্বাৱধানত প্রশিক্ষণ লৈ আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ