--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২৩ জুনত পাটনাত অনুষ্ঠিতব্য বিৰোধীৰ বৈঠকক সমালোচনাৰ লক্ষ্য কৰি লৈছে কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে৷ মুম্বাইত অনুৰাগ ঠাকুৰে কয়, বিহাৰলৈ যোৱা সেই বিৰোধী দলবোৰে নীতিশ কুমাৰক বিহাৰত চলি থকা দুৰ্নীতিৰ বিষয়ে সুধিব লাগে৷ এই দুৰ্নীতিগ্ৰস্ত দলটোৰে মিত্ৰতা হ’ব নালাগে। তেওঁলোকে এইটোও স্পষ্ট কৰিব লাগে যে তেওঁলোকৰ মিত্ৰতাৰ নেতা কোন? 

নীতিশ কুমাৰক আক্ৰমণৰ লক্ষ্য কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে কয়, বিহাৰলৈ যোৱা বিৰোধী নেতাসকলে নীতিশ কুমাৰক ১,৭৫০ কোটি টকীয়া দলংখনৰ বিষয়ে সুধিব লাগে, যিখন দলং কেইবাবাৰো তাচপাতৰ দৰে খহি পৰিছে। তেওঁলোকে তেওঁক কেইবাকোটি টকাৰ এম্বুলেন্স কেলেংকাৰীৰ বিষয়েও সুধিব লাগে।

ইয়াৰ পূৰ্বে, বিৰোধী নেতাসকলে ১২ জুনত পাটনাত মিলিত হোৱাৰ কথা আছিল। ৰাহুল গান্ধী, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ডিএমকেৰ মুৰব্বী এম কে ষ্টেলিন তেওঁলোকৰ পূৰ্ব নিৰ্ধাৰিত ব্যস্ততাৰ বাবে হাডলত উপস্থিত থাকিব নোৱাৰিলে বাবে এই কাৰ্যসূচী পিছুৱাই দিয়া হৈছিল।

২০২৪ চনৰ লোকসভা নিৰ্বাচনত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন এন ডি এৰ বিৰুদ্ধে এক মিলিত ফ্ৰণ্ট গঠন কৰিবলৈ এতিয়া পাটনাত ২৩ জুনত বিৰোধী বৈঠক অনুষ্ঠিত হ'ব। ৰাহুল গান্ধী, খাৰ্গে আৰু ষ্টেলিনৰ উপৰিও বৈঠকত উপস্থিত থকা আন ডাঙৰ বিৰোধী নেতাসকলৰ ভিতৰত আছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী শাৰদ পাৱাৰ আৰু সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱ।

যোৱা সপ্তাহত বিহাৰৰ মুখ্যমন্ত্ৰীয়ে এক অনুষ্ঠানত আগতীয়া লোকসভা নিৰ্বাচনৰ সম্ভাৱনাৰ ইংগিত দিছিল। নীতিশ কুমাৰে কৈছিল যে গ্ৰামোন্নয়ন বিভাগৰ বৈঠকত তেওঁক কোৱা হৈছিল যে সকলো প্ৰকল্প ২০২৪ চনৰ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব। মুখ্যমন্ত্ৰীয়ে বিষয়াসকলক যিমান সম্ভৱ সোনকালে সকলো প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাই কয় যে সাধাৰণ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব কোনেও নাজানে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু