--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা তথা প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰক কৰ্মসংস্থাপনৰ বিষয়টোত আক্ৰমণ কৰিছে। পি এছ ইউ খণ্ডত কৰ্মসংস্থাপনৰ সুবিধাৰ অভাৱৰ বিষয়ে ৰাহুল গান্ধীয়ে টুইট কৰিছে। য’ত তেওঁ চৰকাৰৰ বিৰুদ্ধে দেশত কৰ্মসংস্থাপন হ্ৰাস কৰাৰ অভিযোগ উত্থাপন কৰিছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইট কৰি কয়, "পি এছ ইউ আগতে ভাৰতৰ গৌৰৱ আছিল আৰু আগতে প্ৰতিজন যুৱকৰ কৰ্মসংস্থাপনৰ সপোন আছিল। কিন্তু, আজি সেইসমূহ খণ্ড চৰকাৰৰ অগ্ৰাধিকাৰ নহয়। ২০১৪চনত দেশৰ পি এছ ইউত নিয়োগ, ১৬.৯ লাখৰ পৰা ২০২২ চনত ১৪.৬ লাখলৈ হ্ৰাস পাইছে।"তদুপৰি ৰাহুলে প্ৰশ্ন কৰিছে-প্ৰগতিশীল দেশত চাকৰি কমি যায় নেকি?" ৰাহুলে আৰু লিখিছে, "বিএছএনএলত ১,৮১,১২৭টা, ছেইলত ৬১,৯২৮টা, এমটিএনএলত ৩৪,৯৯৭টা, এছইচিএলত ২৯,১৪০টা, এফচিআইত ২৮,০৬৩টা, অ'এনজিচিত ২১,১২০টা চাকৰি বিভিন্ন লোকে হেৰুৱাইছে। চাকৰি বৃদ্ধিৰ পৰিৱৰ্তে যিসকলে প্ৰতি বছৰে ২ কোটি চাকৰিৰ দিম বুলি মিছা প্ৰতিশ্ৰুতি দিছিল বৰ্তমান তেওঁলোকে ২ লাখ চাকৰিৰ অৱসানহে কৰিলে।"

ইয়াৰ পূৰ্বে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে মণিপুৰৰ হিংসাক লৈ বিজেপিক লক্ষ্য কৰি লৈছিল। এটা টুইটত তেওঁ কৈছিল, "বিজেপিৰ ঘৃণাৰ ৰাজনীতিয়ে ৪০ দিনতকৈ অধিক সময় মণিপুৰ জ্বলাই ৰাখিছে, য'ত এশৰো অধিক লোকৰ মৃত্যু হৈছে।" ভাৰতৰ আইন-শৃংখলাক ব্যৰ্থ কৰি সম্পূৰ্ণ নিমাত প্ৰধানমন্ত্ৰীগৰাকী। এই হিংসাৰ চক্ৰৰ অন্ত পেলাবলৈ আৰু শান্তি ঘূৰাই আনিবলৈ ৰাজ্যলৈ সৰ্বদলীয় প্ৰতিনিধি দল পঠিয়াব লাগে। সেইয়াই আমাৰ কামনা"৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে