--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা তথা প্ৰাক্তন সাংসদ ৰাহুল গান্ধীয়ে পুনৰবাৰ কেন্দ্ৰীয় চৰকাৰক কৰ্মসংস্থাপনৰ বিষয়টোত আক্ৰমণ কৰিছে। পি এছ ইউ খণ্ডত কৰ্মসংস্থাপনৰ সুবিধাৰ অভাৱৰ বিষয়ে ৰাহুল গান্ধীয়ে টুইট কৰিছে। য’ত তেওঁ চৰকাৰৰ বিৰুদ্ধে দেশত কৰ্মসংস্থাপন হ্ৰাস কৰাৰ অভিযোগ উত্থাপন কৰিছে।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইট কৰি কয়, "পি এছ ইউ আগতে ভাৰতৰ গৌৰৱ আছিল আৰু আগতে প্ৰতিজন যুৱকৰ কৰ্মসংস্থাপনৰ সপোন আছিল। কিন্তু, আজি সেইসমূহ খণ্ড চৰকাৰৰ অগ্ৰাধিকাৰ নহয়। ২০১৪চনত দেশৰ পি এছ ইউত নিয়োগ, ১৬.৯ লাখৰ পৰা ২০২২ চনত ১৪.৬ লাখলৈ হ্ৰাস পাইছে।"তদুপৰি ৰাহুলে প্ৰশ্ন কৰিছে-প্ৰগতিশীল দেশত চাকৰি কমি যায় নেকি?" ৰাহুলে আৰু লিখিছে, "বিএছএনএলত ১,৮১,১২৭টা, ছেইলত ৬১,৯২৮টা, এমটিএনএলত ৩৪,৯৯৭টা, এছইচিএলত ২৯,১৪০টা, এফচিআইত ২৮,০৬৩টা, অ'এনজিচিত ২১,১২০টা চাকৰি বিভিন্ন লোকে হেৰুৱাইছে। চাকৰি বৃদ্ধিৰ পৰিৱৰ্তে যিসকলে প্ৰতি বছৰে ২ কোটি চাকৰিৰ দিম বুলি মিছা প্ৰতিশ্ৰুতি দিছিল বৰ্তমান তেওঁলোকে ২ লাখ চাকৰিৰ অৱসানহে কৰিলে।"

ইয়াৰ পূৰ্বে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে মণিপুৰৰ হিংসাক লৈ বিজেপিক লক্ষ্য কৰি লৈছিল। এটা টুইটত তেওঁ কৈছিল, "বিজেপিৰ ঘৃণাৰ ৰাজনীতিয়ে ৪০ দিনতকৈ অধিক সময় মণিপুৰ জ্বলাই ৰাখিছে, য'ত এশৰো অধিক লোকৰ মৃত্যু হৈছে।" ভাৰতৰ আইন-শৃংখলাক ব্যৰ্থ কৰি সম্পূৰ্ণ নিমাত প্ৰধানমন্ত্ৰীগৰাকী। এই হিংসাৰ চক্ৰৰ অন্ত পেলাবলৈ আৰু শান্তি ঘূৰাই আনিবলৈ ৰাজ্যলৈ সৰ্বদলীয় প্ৰতিনিধি দল পঠিয়াব লাগে। সেইয়াই আমাৰ কামনা"৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু