--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিহাৰৰ ৰাজধানী পাটনাত পৰৱৰ্তী লোকসভা নিৰ্বাচন সন্দৰ্ভত বিৰোধী দলসমূহৰ এক গুৰুত্বপূৰ্ণ কৌশলগত বৈঠক অনুষ্ঠিত হৈছে। বিশ্বাসযোগ্য সূত্ৰই এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক জনোৱা মতে, ২০২৪ চনত বিৰোধী দলসমূহক একত্ৰিত কৰাৰ দায়িত্ব নীতিশ কুমাৰৰ হাতত অৰ্পণ কৰাৰ কথাত সকলো বিৰোধী দল সন্মত হৈছে। সূত্ৰ অনুসৰি নীতিশ কুমাৰক বিৰোধী ঐক্যৰ সমন্বয়ক হিচাপে নিযুক্তি দিয়া হ’ব।

নীতিশ কুমাৰে ৮ বাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে এন ডি এৰ সৈতে মিত্ৰতা কৰি থকাৰ অভিজ্ঞতাও বহুত, তেখেত পূৰ্বৰ কেন্দ্ৰীয় চৰকাৰৰ ৰে’ল মন্ত্ৰীও। ইয়াৰ লগতে তেওঁ সকলো বিৰোধী দলৰ মাজত এক সাৰ্বজনীন, আৰু নিৰ্বিবাদ মুখ, যাৰ ওপৰত আত্মীয়তা আৰু দুৰ্নীতিৰ কোনো অভিযোগ নাই।


এফালে য’ত বিৰোধী দলসমূহে পাটনাত গোট খাই বিৰোধী ঐক্যৰ কথা কৈছে, আনফালে এই একতা ভাঙি যোৱা দেখা গৈছে। তেলেংগানাৰ বি আৰ এছ দলৰ নেতা টি আৰ ৰামা ৰাৱে সংবাদ মাধ্যমৰ সৈতে কথা পাতিছে। তেওঁ কয়, নীতিশ এজন ভাল নেতা কিন্তু কংগ্ৰেছৰ সৈতে এখন মঞ্চ ভাগ কৰাত আমি আৰামদায়ক নহয়। তেওঁ কয়, যিখন সভাত কংগ্ৰেছ উপস্থিত থাকে আমি মানি ল’ব নোৱাৰো। কংগ্ৰেছ উপস্থিত থকা সভাত আমি থাকিব নোৱাৰো।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে