--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পূৰ্বতকৈ নৰম হৈছে কে চন্দ্ৰশেখৰ ৰাও৷ ক্ৰমাৎ বিজেপিৰ কাষ চাপিছে কেচিআৰ! বিজেপিৰ সৈতে দলটোৰ বৰ্ধিত ঘনিষ্ঠতাৰ জল্পনা-কল্পনাৰ মাজতে ভাৰত ৰাষ্ট্ৰ সমিতিয়ে অংশ ল’লে কেন্দ্ৰই আহ্বান কৰা সৰ্বদলীয় বৈঠকত৷ 

দুবছৰতকৈও অধিক সময় কেচিআৰ বিআৰএছ-এ বৰ্জন কৰি আহিছিল কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যসূচী৷ সেই বয়কট যেন উঠাই ল’লে কেচিআৰে৷ আজি মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত সৰ্বদলীয় বৈঠকলৈ এজন প্ৰতিনিধি প্ৰেৰণ কৰিছে ভাৰত ৰাষ্ট্ৰ সমিতিয়ে৷

তেলেংগানাৰ মুখ্যমন্ত্ৰী তথা বিআৰএছৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাও, যি বিজেপিৰ বিৰুদ্ধে সমভাৱাপন্ন দলসমূহক একত্ৰিত কৰাৰ প্ৰচেষ্টাত ব্ৰতী আছিল, সেইগৰাকী নেতাই শেহতীয়াকৈ বিৰোধী ঐক্য ত্যাগ কৰিছে আৰু এতিয়া তেওঁৰ তেলেংগানা উন্নয়ন আৰ্হি উপস্থাপনত মনোনিৱেশ কৰিছে। তেওঁৰ দলে কালি পাটনাত অনুষ্ঠিত ১৫দলীয় বিৰোধী বৈঠকত উপস্থিত নাথাকিল৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি অহা কেচিআৰে গুজৰাট মডেলক আৰ্হি হিচাপে গ্ৰহণ কৰিছে৷ আনহাতে, ১৫ জুনত নাগপুৰত এক দলীয় অনুষ্ঠানত প্ৰধানমন্ত্ৰীক ভাল বন্ধু বুলিও অভিহিত কৰে কেচিআৰে।  

আৰু, শুকুৰবাৰে বিৰোধীৰ মহাসন্মিলন চলি থকাৰ সময়তে ৰাওৰ পুত্ৰ তথা তেলেংগানাৰ মন্ত্ৰী কে টি ৰামা ৰাৱে দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়৷ দিল্লীত তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ কথা আছে।

নতুন দিল্লীত আজি আবেলি ৩ বজাত অনুষ্ঠিত হোৱা মণিপুৰত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সৰ্বদলীয় বৈঠকলৈ কেচিআৰে দলটোৰ জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন সাংসদ বি বিনোদক মনোনীত কৰে, যি হৈছে ২০২০ৰ নৱেম্বৰৰ পৰা বিআৰএছে অংশগ্ৰহণ কৰা প্ৰথমখন কেন্দ্ৰীয় চৰকাৰৰ বৈঠক। 

বিশেষ সূত্ৰই সদৰী কৰা তথ্য অনুসৰি দিল্লীৰ সুৰা নীতি কেলেংকাৰীত কেচিআৰৰ জীয়ৰী কে কবিতাৰ নাম সাঙোৰ খোৱাৰ পাছত বিআৰএছে বিজেপিৰ প্ৰতি ইয়াৰ দৃষ্টিভংগী সলনি কৰিছে৷ কে কবিতাক প্ৰৱৰ্তন সঞ্চালকালয়ে দুবাৰ সোধা-পোছা কৰিছিল আৰু দুখন অভিযোগপত্ৰত নাম দিছিল। আনকি গ্ৰেপ্তাৰৰো আশংকা আহি পৰিছিল৷ অৱশ্যে এপ্ৰিলত দাখিল কৰা তৃতীয়খন অভিযোগপত্ৰত তেওঁৰ নাম বাদ দিয়া হৈছিল।

বছৰটোৰ শেষৰ ফালে তেলেংগানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি নিৰ্ধাৰিত হোৱাৰ লগে লগে বিজেপিৰ সৈতে বিআৰএছৰ ঘনিষ্ঠতাই বিজেপিৰ বাবেও সমস্যাৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ বিজেপিত যোগদান কৰা কোমাটিৰেড্ডী ৰাজগোপাল ৰেড্ডী আৰু ইটালা ৰাজেন্দ্ৰই কংগ্ৰেছলৈ যোৱাৰ কথা চিন্তা কৰিছে বুলি জানিব পৰা গৈছে৷ যদি ভোটাৰসকলে বিজেপিৰ ওপৰত বিআৰএছৰ পৰিৱৰ্তনশীল স্থিতি লক্ষ্য কৰে, তেন্তে বিআৰএছৰ এই কাৰ্যই বিধানসভা নিৰ্বাচনত কংগ্ৰেছক সহায় কৰাৰ সম্ভাৱনাই অধিক হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু