--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পূৰ্বতকৈ নৰম হৈছে কে চন্দ্ৰশেখৰ ৰাও৷ ক্ৰমাৎ বিজেপিৰ কাষ চাপিছে কেচিআৰ! বিজেপিৰ সৈতে দলটোৰ বৰ্ধিত ঘনিষ্ঠতাৰ জল্পনা-কল্পনাৰ মাজতে ভাৰত ৰাষ্ট্ৰ সমিতিয়ে অংশ ল’লে কেন্দ্ৰই আহ্বান কৰা সৰ্বদলীয় বৈঠকত৷ 

দুবছৰতকৈও অধিক সময় কেচিআৰ বিআৰএছ-এ বৰ্জন কৰি আহিছিল কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যসূচী৷ সেই বয়কট যেন উঠাই ল’লে কেচিআৰে৷ আজি মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত অনুষ্ঠিত সৰ্বদলীয় বৈঠকলৈ এজন প্ৰতিনিধি প্ৰেৰণ কৰিছে ভাৰত ৰাষ্ট্ৰ সমিতিয়ে৷

তেলেংগানাৰ মুখ্যমন্ত্ৰী তথা বিআৰএছৰ সভাপতি কে চন্দ্ৰশেখৰ ৰাও, যি বিজেপিৰ বিৰুদ্ধে সমভাৱাপন্ন দলসমূহক একত্ৰিত কৰাৰ প্ৰচেষ্টাত ব্ৰতী আছিল, সেইগৰাকী নেতাই শেহতীয়াকৈ বিৰোধী ঐক্য ত্যাগ কৰিছে আৰু এতিয়া তেওঁৰ তেলেংগানা উন্নয়ন আৰ্হি উপস্থাপনত মনোনিৱেশ কৰিছে। তেওঁৰ দলে কালি পাটনাত অনুষ্ঠিত ১৫দলীয় বিৰোধী বৈঠকত উপস্থিত নাথাকিল৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি অহা কেচিআৰে গুজৰাট মডেলক আৰ্হি হিচাপে গ্ৰহণ কৰিছে৷ আনহাতে, ১৫ জুনত নাগপুৰত এক দলীয় অনুষ্ঠানত প্ৰধানমন্ত্ৰীক ভাল বন্ধু বুলিও অভিহিত কৰে কেচিআৰে।  

আৰু, শুকুৰবাৰে বিৰোধীৰ মহাসন্মিলন চলি থকাৰ সময়তে ৰাওৰ পুত্ৰ তথা তেলেংগানাৰ মন্ত্ৰী কে টি ৰামা ৰাৱে দুদিনীয়া ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়৷ দিল্লীত তেওঁ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰাৰ কথা আছে।

নতুন দিল্লীত আজি আবেলি ৩ বজাত অনুষ্ঠিত হোৱা মণিপুৰত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত সৰ্বদলীয় বৈঠকলৈ কেচিআৰে দলটোৰ জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন সাংসদ বি বিনোদক মনোনীত কৰে, যি হৈছে ২০২০ৰ নৱেম্বৰৰ পৰা বিআৰএছে অংশগ্ৰহণ কৰা প্ৰথমখন কেন্দ্ৰীয় চৰকাৰৰ বৈঠক। 

বিশেষ সূত্ৰই সদৰী কৰা তথ্য অনুসৰি দিল্লীৰ সুৰা নীতি কেলেংকাৰীত কেচিআৰৰ জীয়ৰী কে কবিতাৰ নাম সাঙোৰ খোৱাৰ পাছত বিআৰএছে বিজেপিৰ প্ৰতি ইয়াৰ দৃষ্টিভংগী সলনি কৰিছে৷ কে কবিতাক প্ৰৱৰ্তন সঞ্চালকালয়ে দুবাৰ সোধা-পোছা কৰিছিল আৰু দুখন অভিযোগপত্ৰত নাম দিছিল। আনকি গ্ৰেপ্তাৰৰো আশংকা আহি পৰিছিল৷ অৱশ্যে এপ্ৰিলত দাখিল কৰা তৃতীয়খন অভিযোগপত্ৰত তেওঁৰ নাম বাদ দিয়া হৈছিল।

বছৰটোৰ শেষৰ ফালে তেলেংগানাত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি নিৰ্ধাৰিত হোৱাৰ লগে লগে বিজেপিৰ সৈতে বিআৰএছৰ ঘনিষ্ঠতাই বিজেপিৰ বাবেও সমস্যাৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ বিজেপিত যোগদান কৰা কোমাটিৰেড্ডী ৰাজগোপাল ৰেড্ডী আৰু ইটালা ৰাজেন্দ্ৰই কংগ্ৰেছলৈ যোৱাৰ কথা চিন্তা কৰিছে বুলি জানিব পৰা গৈছে৷ যদি ভোটাৰসকলে বিজেপিৰ ওপৰত বিআৰএছৰ পৰিৱৰ্তনশীল স্থিতি লক্ষ্য কৰে, তেন্তে বিআৰএছৰ এই কাৰ্যই বিধানসভা নিৰ্বাচনত কংগ্ৰেছক সহায় কৰাৰ সম্ভাৱনাই অধিক হৈ পৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে