--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমুখত ২০২৪ চনৰ লোকসভা নিৰ্বাচন৷প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুত কৰি তুলিছে ৰাজনৈতিক কৌশল৷এইবাৰ মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অন্যতম প্ৰাসংগিক ৰাজনীতিবিদ উদ্ধৱ থাকৰেক বাক্যবাণেৰে আক্ৰমণ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে৷কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে শিৱসেনা (শিৱসেনা ইউ বি টি) নেতা উদ্ধৱ থাকৰেক আক্ৰমণ কৰি ২০১৯ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পাছত বিজেপিৰ লগত প্ৰতাৰণা কৰা বুলি উল্লেখ কৰিছে৷

কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ ৯ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে বিজেপিৰ যোগাযোগ অভিযানৰ অংশ হিচাপে নন্দদত এক সভাত ভাষণ প্ৰদান কৰে অমিত শ্বাহে। যোৱা বছৰ বিজেপিয়ে থাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাদী চৰকাৰক উফৰাই দিয়াই নহয় বৰঞ্চ থাকৰেৰ নীতিত ভাগৰুৱা শিৱ সৈনিকসকল শাৰদ পাৱাৰ নেতৃত্বাধীন এন চি পিৰ সৈতে যাবলৈ সময়ো দিয়া নাছিল বুলি উল্লেখ কৰিছে৷

অমিত শ্বাহে কয় যে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা কংগ্ৰেছ নেতা ৰাহুল গান্ধী কোন হ’ব সেইটো ৰাইজে সিদ্ধান্ত ল’ব লাগিব।

২০১৯ চনৰ বিধানসভা নিৰ্বাচনত শিৱসেনা (অবিভক্ত) আৰু বিজেপিয়ে একেলগে যুঁজিছিল যদিও মুখ্যমন্ত্ৰীৰ পদক লৈ শিৱসেনাই মিত্ৰতাৰ পৰা বাহিৰ হৈ যায়। লগতে শ্বাহে উল্লেখ কৰে যে, উদ্ধৱ থাকৰেই প্ৰৱঞ্চনা আৰু বিশ্বাসঘাটকতাৰ কাম কৰিলে। প্ৰধানমন্ত্ৰী মোদী আৰু দেৱেন্দ্ৰ ফাড়নবিছৰ নামত নিৰ্বাচনত অৱতীৰ্ণ হৈ মুখ্যমন্ত্ৰী হ’বলৈ কংগ্ৰেছৰ কোলাত বহিছিল।

অমিত শ্বাহে কয় যে মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাই নিজৰ নিৰ্বাচনী প্ৰতীক ধনু-কাঁড় ঘূৰাই পাইছে আৰু প্ৰকৃত শিৱসেনা কোন সেইটো সিদ্ধান্ত লোৱা হৈছে। তেওঁ থাকৰেক প্ৰত্যাহ্বান জনায় যে তেওঁ তিনি তালাক প্ৰথা, অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ, ইউনিফৰ্ম চিভিল কোড ৰূপায়ণ আৰু মুছলমানৰ বাবে সংৰক্ষণৰ প্ৰথা শেষ কৰিবলৈ সন্মত হৈছে নে নাই সেই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰক।

হিন্দুত্ববাদী মতাদৰ্শৰ প্ৰয়াত বিনায়ক দামোদৰ সাৱৰকাৰক লৈ কংগ্ৰেছৰ স্থিতিক লৈও অমিত শ্বাহে থাকৰেক লক্ষ্য কৰি লয়। কংগ্ৰেছ আৰু এন চি পিৰ লগত থাকি থাকৰে ঔৰংগাবাদৰ নাম সম্ভাজিনগৰ, ওছমানবাদৰ নাম ধৰাশিৱ আৰু আহমেদনগৰলৈ সলনি কৰাত সমৰ্থন কৰিব নোৱাৰে বুলিও তেওঁ কয়। উল্লেখযোগ্য যে যোৱা বছৰৰ অন্তিমখন কেবিনেট বৈঠকত থাকৰেই ঔৰংগাবাদক সম্ভজিনগৰ আৰু ওছমানবাদক ধৰাশিৱ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছিল।

শ্বাহে আৰু কয় যে একেলগে দুখন নাওত থিয় হ’ব নোৱাৰে। ৰাজ্যবাসীৰ আগত আপুনি উন্মোচিত হ’ব। কোভিড-১৯ মহামাৰীৰ সময়ত যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক ভেকচিন যোগান ধৰিছিল, তেতিয়া থাকৰে কাৰ্যালয়লৈ যোৱা নাছিল। মহামাৰীৰ সময়ত মন্ত্ৰালয়লৈ নোযোৱাৰ বাবে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল থাকৰে।

কংগ্ৰেছ দলক লক্ষ্য কৰি অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ৯ বছৰত যিখিনি অৰ্জন কৰিলে সেয়া গান্ধী পৰিয়ালৰ চাৰিটা প্ৰজন্মই কৰিব নোৱাৰিলে। তেওঁ কয় যে মোদীয়ে বিশ্ব পৰ্যায়ত ভাৰতৰ খ্যাতি বৃদ্ধিৰ বাবে কাম কৰি আছে। আনহাতে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে বহিঃৰাজ্যলৈ গৈ দেশক অপমান কৰাতহে অধিক মনোনিৱেশ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ