--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমুখত ২০২৪ চনৰ লোকসভা নিৰ্বাচন৷প্ৰতিটো ৰাজনৈতিক দলে প্ৰস্তুত কৰি তুলিছে ৰাজনৈতিক কৌশল৷এইবাৰ মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ অন্যতম প্ৰাসংগিক ৰাজনীতিবিদ উদ্ধৱ থাকৰেক বাক্যবাণেৰে আক্ৰমণ কৰিছে গৃহমন্ত্ৰী অমিত শ্বাহে৷কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে শিৱসেনা (শিৱসেনা ইউ বি টি) নেতা উদ্ধৱ থাকৰেক আক্ৰমণ কৰি ২০১৯ চনৰ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ পাছত বিজেপিৰ লগত প্ৰতাৰণা কৰা বুলি উল্লেখ কৰিছে৷

কেন্দ্ৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ ৯ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে বিজেপিৰ যোগাযোগ অভিযানৰ অংশ হিচাপে নন্দদত এক সভাত ভাষণ প্ৰদান কৰে অমিত শ্বাহে। যোৱা বছৰ বিজেপিয়ে থাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাদী চৰকাৰক উফৰাই দিয়াই নহয় বৰঞ্চ থাকৰেৰ নীতিত ভাগৰুৱা শিৱ সৈনিকসকল শাৰদ পাৱাৰ নেতৃত্বাধীন এন চি পিৰ সৈতে যাবলৈ সময়ো দিয়া নাছিল বুলি উল্লেখ কৰিছে৷

অমিত শ্বাহে কয় যে অহা বছৰ অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত দেশৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বা কংগ্ৰেছ নেতা ৰাহুল গান্ধী কোন হ’ব সেইটো ৰাইজে সিদ্ধান্ত ল’ব লাগিব।

২০১৯ চনৰ বিধানসভা নিৰ্বাচনত শিৱসেনা (অবিভক্ত) আৰু বিজেপিয়ে একেলগে যুঁজিছিল যদিও মুখ্যমন্ত্ৰীৰ পদক লৈ শিৱসেনাই মিত্ৰতাৰ পৰা বাহিৰ হৈ যায়। লগতে শ্বাহে উল্লেখ কৰে যে, উদ্ধৱ থাকৰেই প্ৰৱঞ্চনা আৰু বিশ্বাসঘাটকতাৰ কাম কৰিলে। প্ৰধানমন্ত্ৰী মোদী আৰু দেৱেন্দ্ৰ ফাড়নবিছৰ নামত নিৰ্বাচনত অৱতীৰ্ণ হৈ মুখ্যমন্ত্ৰী হ’বলৈ কংগ্ৰেছৰ কোলাত বহিছিল।

অমিত শ্বাহে কয় যে মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত শিৱসেনাই নিজৰ নিৰ্বাচনী প্ৰতীক ধনু-কাঁড় ঘূৰাই পাইছে আৰু প্ৰকৃত শিৱসেনা কোন সেইটো সিদ্ধান্ত লোৱা হৈছে। তেওঁ থাকৰেক প্ৰত্যাহ্বান জনায় যে তেওঁ তিনি তালাক প্ৰথা, অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ, ইউনিফৰ্ম চিভিল কোড ৰূপায়ণ আৰু মুছলমানৰ বাবে সংৰক্ষণৰ প্ৰথা শেষ কৰিবলৈ সন্মত হৈছে নে নাই সেই সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰক।

হিন্দুত্ববাদী মতাদৰ্শৰ প্ৰয়াত বিনায়ক দামোদৰ সাৱৰকাৰক লৈ কংগ্ৰেছৰ স্থিতিক লৈও অমিত শ্বাহে থাকৰেক লক্ষ্য কৰি লয়। কংগ্ৰেছ আৰু এন চি পিৰ লগত থাকি থাকৰে ঔৰংগাবাদৰ নাম সম্ভাজিনগৰ, ওছমানবাদৰ নাম ধৰাশিৱ আৰু আহমেদনগৰলৈ সলনি কৰাত সমৰ্থন কৰিব নোৱাৰে বুলিও তেওঁ কয়। উল্লেখযোগ্য যে যোৱা বছৰৰ অন্তিমখন কেবিনেট বৈঠকত থাকৰেই ঔৰংগাবাদক সম্ভজিনগৰ আৰু ওছমানবাদক ধৰাশিৱ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছিল।

শ্বাহে আৰু কয় যে একেলগে দুখন নাওত থিয় হ’ব নোৱাৰে। ৰাজ্যবাসীৰ আগত আপুনি উন্মোচিত হ’ব। কোভিড-১৯ মহামাৰীৰ সময়ত যেতিয়া প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক ভেকচিন যোগান ধৰিছিল, তেতিয়া থাকৰে কাৰ্যালয়লৈ যোৱা নাছিল। মহামাৰীৰ সময়ত মন্ত্ৰালয়লৈ নোযোৱাৰ বাবে সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল থাকৰে।

কংগ্ৰেছ দলক লক্ষ্য কৰি অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ৯ বছৰত যিখিনি অৰ্জন কৰিলে সেয়া গান্ধী পৰিয়ালৰ চাৰিটা প্ৰজন্মই কৰিব নোৱাৰিলে। তেওঁ কয় যে মোদীয়ে বিশ্ব পৰ্যায়ত ভাৰতৰ খ্যাতি বৃদ্ধিৰ বাবে কাম কৰি আছে। আনহাতে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে বহিঃৰাজ্যলৈ গৈ দেশক অপমান কৰাতহে অধিক মনোনিৱেশ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু