--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বাৰাণসীত বিজেপিৰ দলিত বুথৰ সভানেত্ৰী সুজাতা কুমাৰীৰ বাসগৃহত দেওবাৰে ব্ৰেকফাষ্ট উপভোগ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। জয়শংকৰে সুজাতাই ঘৰতে ৰন্ধা সুস্বাদু ব্ৰেকফাষ্ট উপভোগ কৰা দেখা গৈছে৷সামাজিক মাধ্যমত বিয়পি পৰা ভিডিঅ’টোত জয়শংকৰে মজিয়াত বহি আন বিজেপি কৰ্মীসকলৰ সৈতে নিজৰ আহাৰ গ্ৰহণ কৰি থকা দেখা গৈছে। বুথ পৰ্যায়ৰ বিজেপি কৰ্মীগৰাকীৰ সন্মানত বিভিন্ন ধৰণৰ পৰম্পৰাগত ভাৰতীয় খাদ্য প্ৰস্তুত কৰা হয়৷

আনহাতে, এছ জয়শংকৰে তেওঁৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে আপ্লুত হৈ পৰিল সুজাতা। আগদিনাৰ পৰাই তেওঁ প্ৰস্তুতি আৰম্ভ কৰিছিল আৰু ঘৰ চাফা কৰাৰ কামত  গোটেই পৰিয়ালটো জড়িত হৈ পৰা পৰিলক্ষিত হৈছিল৷

১১-১৩ জুনত অনুষ্ঠিত হ’বলগীয়া তিনিদিনীয়া জি-২০ উন্নয়ন মন্ত্ৰীসকলৰ বৈঠকৰ নেতৃত্ব দিবলৈ শনিবাৰে বাৰাণসীত উপস্থিত হয় জয়শংকৰে। আহি পোৱাৰ লগে লগে কাশী অঞ্চলৰ বিজেপিৰ মুখপাত্ৰ নৱৰতন ৰাথীৰ লগতে দলৰ জ্যেষ্ঠ নেতা আৰু জিলা প্ৰশাসনৰ বিষয়াসকলেও তেওঁক উষ্ম আদৰণি জনায়।দলিত বুথৰ সভাপতিৰ বাসগৃহত ব্ৰেকফাষ্টৰ পিছত জয়শংকৰে কাশী অঞ্চলত বিজেপিয়ে আয়োজন কৰা আলোচনা চক্ৰত অংশগ্ৰহণ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু