--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ বাৰাণসীত বিজেপিৰ দলিত বুথৰ সভানেত্ৰী সুজাতা কুমাৰীৰ বাসগৃহত দেওবাৰে ব্ৰেকফাষ্ট উপভোগ কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। জয়শংকৰে সুজাতাই ঘৰতে ৰন্ধা সুস্বাদু ব্ৰেকফাষ্ট উপভোগ কৰা দেখা গৈছে৷সামাজিক মাধ্যমত বিয়পি পৰা ভিডিঅ’টোত জয়শংকৰে মজিয়াত বহি আন বিজেপি কৰ্মীসকলৰ সৈতে নিজৰ আহাৰ গ্ৰহণ কৰি থকা দেখা গৈছে। বুথ পৰ্যায়ৰ বিজেপি কৰ্মীগৰাকীৰ সন্মানত বিভিন্ন ধৰণৰ পৰম্পৰাগত ভাৰতীয় খাদ্য প্ৰস্তুত কৰা হয়৷

আনহাতে, এছ জয়শংকৰে তেওঁৰ বাসগৃহত উপস্থিত হোৱাৰ লগে লগে আপ্লুত হৈ পৰিল সুজাতা। আগদিনাৰ পৰাই তেওঁ প্ৰস্তুতি আৰম্ভ কৰিছিল আৰু ঘৰ চাফা কৰাৰ কামত  গোটেই পৰিয়ালটো জড়িত হৈ পৰা পৰিলক্ষিত হৈছিল৷

১১-১৩ জুনত অনুষ্ঠিত হ’বলগীয়া তিনিদিনীয়া জি-২০ উন্নয়ন মন্ত্ৰীসকলৰ বৈঠকৰ নেতৃত্ব দিবলৈ শনিবাৰে বাৰাণসীত উপস্থিত হয় জয়শংকৰে। আহি পোৱাৰ লগে লগে কাশী অঞ্চলৰ বিজেপিৰ মুখপাত্ৰ নৱৰতন ৰাথীৰ লগতে দলৰ জ্যেষ্ঠ নেতা আৰু জিলা প্ৰশাসনৰ বিষয়াসকলেও তেওঁক উষ্ম আদৰণি জনায়।দলিত বুথৰ সভাপতিৰ বাসগৃহত ব্ৰেকফাষ্টৰ পিছত জয়শংকৰে কাশী অঞ্চলত বিজেপিয়ে আয়োজন কৰা আলোচনা চক্ৰত অংশগ্ৰহণ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ