--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি খানাপাৰাৰ পৰা অসমত '২৪ৰ লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভী বজালে প্ৰধানমন্ত্ৰী মোদীয়ে৷প্ৰায় লক্ষাধিক লোকৰ আগত বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু শিলান্যাসো স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে৷কিন্তু বিজেপি তথা প্ৰধানমন্ত্ৰী মোদীৰ এই তৎপৰতাৰ মাজত স্তব্ধ হৈ পৰিছে কংগ্ৰেছ তথা বিৰোধী দলসমূহৰ গতি৷


ৰাজনৈতিক বিশ্লেষকসকলৰ মতে বিৰোধী ঐক্যৰ নামকৰণ 'ইণ্ডিয়া' নামেৰে কৰাৰ পাছত সমগ্ৰ দেশজুৰি বিজেপিৰ ভেটি থৰকবৰক হৈ পৰিছিল৷কিন্তু বিজেপিৰ শক্তিশালী 'Social Engineering'ৰ দ্বাৰা অতি সোনকালে এই ক্ষতি পূৰণ কৰিবলৈ সক্ষম হৈছিল৷ইণ্ডিয়া মৰ্চাৰ আৰম্ভণি শক্তিশালী আছিল যদিও ৫ৰাজ্যৰ বিধানসভা নিৰ্বাচনত অকলেই কংগ্ৰেছে অৱতীৰ্ণ হৈ এক বৃহৎ ক্ষতি নিজৰ বাবে সৃষ্টি কৰিছিল৷


ইখনৰ পাছত সিখন হিতাধিকাৰী আঁচনি ঘোষণা কৰি বিজেপিয়ে ভোটাৰক আকৃষ্ট থকাৰ সময়তে কংগ্ৰেছ নিমগ্ন হৈ পৰিছে মাথোঁ ৰাহুল গান্ধীক প্ৰক্ষেপ কৰাতহে৷ইতিমধ্যে ইণ্ডিয়া মৰ্চাত কংগ্ৰেছৰ সংগ এৰিছে নীতিশ কুমাৰ আৰু মমতা বেনাৰ্জীয়ে৷কৰ্ণাটকৰ দৰে দক্ষিণৰ গুৰুত্বপূৰ্ণ ৰাজ্যত বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ জয়ে দলটোৰ গতি বৃদ্ধি কৰিছিল যদিও প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাতে বৰ্তমান দলটোক অতিশয় ক্ষতিগ্ৰস্ত কৰিছে৷


বৰ্তমান লোকসভা নিৰ্বাচনলৈ আছে প্ৰায় মাত্ৰ দুমাহ৷শেহতীয়া সময়চোৱাত কংগ্ৰেছৰ যি ক্ষতি হ’ল তাৰ ৰিক’ভাৰীৰ বাবে এতিয়া সময় প্ৰায় সীমিত৷এই সময়চোৱাত কংগ্ৰেছে প্ৰত্যাৱৰ্তন কৰিব পাৰিবনে নোৱাৰে সেয়া হ’ব আগন্তুক দিনত লক্ষণীয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ