--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সৰব হৈ পৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন৷যোৱা বুধবাৰে মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে কয় যে তামিলনাডুৱে নাগৰিকত্ব (সংশোধনী) আইন (CAA) কেতিয়াও কাৰ্যকৰী নকৰে।মুখ্যমন্ত্ৰীজনে কয় যে এইখন আইন মুছলমান আৰু শ্ৰীলংকান তামিলৰ বিৰুদ্ধে।

কেন্দ্রীয় ৰাজ্যিক মন্ত্রী শান্তনু ঠাকুৰে কেৱল পশ্চিম বংগতে নহয়, সমগ্ৰ দেশতে CAA কার্যকৰী হ’ব বুলি দিয়া বক্তব্যৰ প্রতি প্রতিক্রিয়া প্রকাশ কৰি মুখ্যমন্ত্রী ষ্টেলিনে ছ’চিয়েল মিডিয়াত কয়, ‘মই আশ্বাস দিছো যে আমি নাগৰিকত্ব (সংশোধনী) আইনৰ অনুমতি নিদিওঁ৷ ) 

হিন্দুস্তান টাইমছৰ এক প্ৰতিবেদন অনুসৰি ৰাজ্যসভাত বিধেয়কখনক সমৰ্থন কৰা বিজেপিৰ মিত্ৰদল এআইএডিএমকেকো ষ্টেলিনে সমালোচনা কৰে।

বৰ্তমান বিনিয়োগকাৰীৰ সৈতে সাক্ষাতৰ বাবে স্পেইনত থকা ষ্টেলিনে সোঁৱৰাই দিয়ে যে ডিএমকে বিৰোধী দলত থকাৰ সময়ত আৰু এআইএডিএমকে চৰকাৰত থকাৰ সময়ত তামিলনাডুত CAAৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল। ডি এম কে-এ ইয়াৰ কাৰ্যকৰীকৰণৰ বিৰুদ্ধে দুই কোটি স্বাক্ষৰ সংগ্ৰহ কৰি ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছিল।

ষ্টেলিনে কয়, ‘২০২১ চনত আমি ক্ষমতালৈ অহাৰ লগে লগে আমি বিধানসভাত CAA প্ৰত্যাহাৰৰ দাবীত এটা প্ৰস্তাৱ গৃহীত কৰিলোঁ। ডি এম কে চৰকাৰে কেতিয়াও তামিলনাডুত CAA কাৰ্যকৰী হ’বলৈ নিদিয়ে।

উল্লেখযোগ্য যে CAA ৰ অধীনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত নিৰ্যাতনৰ বলি হোৱা সেই অমুছলমান অনুপ্ৰৱেশকাৰী (হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী, খ্ৰীষ্টান)ক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব বিচাৰিছে।২০১৯ চনৰ ডিচেম্বৰ মাহত ভাৰতৰ সংসদে CAA গৃহীত কৰি পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ