--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৰ্থনৈতিক সংকটৰ গ্ৰাসত ককবকাই থকা ভয়াৱহ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি তীব্ৰ গণবিদ্ৰোহৰ সূচনা হৈছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকাত। দেশখনৰ ৰাষ্ট্ৰনেতাৰ অবিবেচক কৰ্মকাণ্ড আৰু জনমতক উপেক্ষা কৰাৰ স্বৈৰতন্ত্ৰী নীতিৰ বিৰুদ্ধে জনসাধাৰণৰ পুঞ্জীভূত ক্ষোভৰ বহিৰ্প্ৰকাশৰ ফলশ্ৰুতিত এতিয়া দেশ এৰি পলাইছে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই। প্ৰতিবাদকাৰী ক্ষোভিত জনতাই দখল কৰিছে ৰাষ্ট্ৰপতিগৰাকীৰ চৰকাৰী বাসভৱন। 

ইতিপূৰ্বে গোটাবায়া ৰাজপাক্ষেৰ জেষ্ঠ ভাতৃ তথা শ্ৰীলংকাৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী মহিন্দ্ৰা ৰাজপাক্ষেইও গণবিদ্ৰোহৰ প্ৰথমটো ঢৌৰ সময়ত ক্ষমতাচ্যুত হৈ দেশ এৰি পলায়ন কৰিছিল। শ্ৰীলংকাৰ এই অৰ্থনৈতিক সংকটৰ আঁৰৰ প্ৰধান খলনায়ক হিচাপে এই ৰাজপাক্ষে ভাতৃদ্বয়ৰ নামেই স্পষ্টৰূপত প্ৰমাণিত হৈছে।

পিছে কেৱল এই দুই ভাতৃয়েই নহয়, শ্ৰীলংকাৰ শাসনৰ বাঘজৰী পৰিয়ালৰ হাততে ৰাখিব বিচৰা ৰাজপাক্ষে পৰিয়ালৰ আন এজন সদস্যও এইবাৰ ক্ষোভিত লংকাবাসীৰ ৰোষত পৰিছে। জনতাৰ ৰোষত পৰা ৰাজপাক্ষে পৰিয়ালৰ তৃতীয় গৰাকী সদস্য হৈছে বাচিল ৰাজাপাক্ষে। ৰাজপাক্ষে ভাতৃগণৰ তৃতীয় গৰাকী সদস্য বাচিল ৰাজাপাক্ষেই ইতিপূৰ্বে দেশখনৰ বিত্ত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰতিবাদৰ সন্মুখীন হৈ বাচিলে যোৱা এপ্ৰিলত মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।

মঙলবাৰে প্ৰাক্তন বিত্ত মন্ত্ৰী বাচিল ৰাজাপাক্ষেয়ে দেশ এৰি পলাবলৈ চেষ্টা কৰাৰ সময়তে বিমানবন্দৰত আটক কৰা হৈছে। ফলত দেশ এৰি যোৱাৰ আকাংক্ষা চূৰ্ণ হয় বাচিলৰ। শ্ৰীলংকাৰ স্থানীয় সংবাদ মাধ্যমসমূহে এই বাতৰিটো সম্প্ৰচাৰ কৰিছে।

সংবাদ সংস্থাৰ বাতৰি অনুসৰি আন যাত্ৰীসকলে প্ৰতিবাদ আৰম্ভ কৰাৰ বাবে বাচিলক বিমানখনত উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল। অৱশ্যে বাচিলে কোনখন দেশলৈ যোৱাৰ চেষ্টা কৰিছিল সেয়া জানিব পৰা হোৱা নাই।

ইয়াৰ পূৰ্বে জনসাধাৰণৰ ক্ষোভৰ সন্মুখীন হৈ দেশৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাক্ষেক অপসাৰণ কৰা হৈছিল। তেওঁ বুধবাৰে পদত্যাগ কৰিব বুলি ঘোষণা কৰিছে। বৰ্তমান গোটাবায়া আৰু তেওঁৰ ভায়েক দেশৰ সদ্য প্ৰাক্তন প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাক্ষে ক’ত আছে সেয়া গোপনে ৰখা হৈছে।

আনহাতে বৰ্তমান দায়িত্বত থকা প্ৰধানমন্ত্ৰী ৰনিল বিক্ৰমাসিংহে ক’ত আছে সেইটোও গোপন ৰখা হৈছে। অৱশ্যে তেওঁ নিয়মীয়াকৈ কাৰ্যালয়ত থকা বুলি কোৱা হৈছে। ডেইলী মিৰ’ৰত প্ৰকাশিত প্ৰতিবেদন অনুসৰি বাচিলে জনসাধাৰণৰ ক্ষোভৰ পৰা পৰিত্ৰাণ পাবলৈ কলম্বো বিমানবন্দৰৰ পৰা ডুবাইলৈ পলাই যাবলৈ চেষ্টা কৰিছিল।

কিন্তু তেওঁ তাত উপস্থিত হোৱাৰ লগে লগে আন যাত্ৰীসকলে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে। অৱশেষত বিমানবন্দৰৰ ইমিগ্ৰেচন বিভাগৰ বিষয়াসকলে বাচিলক বিমানখনত উঠিবলৈ দিবলৈ অস্বীকাৰ কৰে। বাধাৰ সন্মুখীন হৈ তেওঁ বিমানবন্দৰ ত্যাগ কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
অবৈধ খননৰ বাবে অসমৰ বান 'মানৱসৃষ্ট': কংগ্ৰেছৰ অভিযোগ, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ তদন্তৰ দাবী